ঐতিহাসিক স’ৰাগুৰি চাপৰিত উখল মাখল পৰিৱেশ, শ শ হিন্দু ধৰ্মাৱলম্বী লোকে বন্তি প্ৰজ্বলন কৰি আলোকিত কৰিলে সমগ্ৰ অঞ্চল

ঐতিহাসিক স’ৰাগুৰি চাপৰিত উখল মাখল পৰিৱেশ, শ শ হিন্দু ধৰ্মাৱলম্বী লোকে বন্তি প্ৰজ্বলন কৰি আলোকিত কৰিলে সমগ্ৰ অঞ্চল

ডিজিটেল সংবাদ, শিৱসাগৰ : অসমৰ বিভিন্ন জনগোষ্ঠী তথা ধৰ্মাৱলম্বী লোকৰ সমাৱেশে জনসমুদ্ৰত পৰিণত কৰিলে ঐক্য  সমন্বয়ৰ পীঠস্থান ৰূপে পৰিচিত দিখৌমুখৰ ইতিহাসপ্ৰসিদ্ধ স’ৰাগুৰি চাপৰি ৷ মিচিং, কৈৱৰ্ত্ত, আহোম, কলিতা, মটককে ধৰি বিভিন্ন জনগোষ্ঠীয় লোকসকল  স’ৰাগুৰি চাপৰিত সমবেত হৈ “হিন্দু কি মুছলমান এক আল্লাৰ ফৰমান” শীৰ্ষক জিকিৰ ৰচনাৰে অসমৰ হিন্দু মুছলমানক একতাৰ ডোলেৰে বন্ধা মৰুৰ দেশৰ পৰা আহি অসমক মাতৃৰূপে আঁকোৱালি লোৱা আজান পীৰ দৰগাহত বন্তি প্ৰজ্বালন কৰি পীৰজনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে ৷ বাস্তৱত স’ৰাগুৰি চাপৰিৰ আজান পীৰ দৰগাহত আজি পুনৰ প্ৰতিফলিত হ’ল সমন্বয়ৰ প্ৰতিচ্ছবি ৷

উল্লেখ্য আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালত সুদূৰ বাগদাদৰ পৰা একাংশ সাধকক লগত লৈ শ্বাহ মিৰাণ (আজান পীৰ ) অসমলৈ আহিছ ৷ আহোম স্বৰ্গদেৱে আজান পীৰক স’ৰাগুৰি চাপৰিত মাটি ভেঁটি দি মঠ সজাই দিছিল ৷ য'ত আজান পীৰে ছয় কুৰি ভকতক লৈ জিকিৰ চৰ্চা কৰিছিল ৷ মৃত্যুৰ পিছত আজান পীৰক স’ৰাগুৰি চাপৰিতে সমাধিস্থ কৰা হৈছিল ৷ স’ৰাগুৰি চাপৰিস্থিত আজান পীৰৰ দৰগাহ সকলো শ্ৰেণীৰ লোকে আস্থা, ভক্তি আৰু সমন্বয়ৰ প্ৰতীক ৰূপে গণ্য কৰি আহিছে ৷

উল্লেখ্য যে সুদীৰ্ঘ ৫ টা বছৰৰ অন্তত যোৱা ১০ মাৰ্চৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে  আৰম্ভ হৈছে বাৰ্ষিকত অধিৱেশন আৰু উৰুচ ৷ উৰুচৰ আজি আন্তিম দিন ৷ আজি দৰগাহ পৰিচালনা সমিতিৰ সভাপতি হাৰুনাল ৰচিদৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় ৷ সভাত ড° ভুৱনেশ্বৰ কলিতা, চৈয়দ ইফটিকাৰ হুছেইন, জাকিৰুল  হুছেইন, ড° চেমিমা , হাফিজা বেগম চৌধুৰী, বিপুল বৰকটকী, হবিব উল্লাহ, দিগন্ত নেওগকে আদি কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷ আজিৰ সভাতেই বিশিষ্ট লেখক ড° সব্যসাচী মহন্তই এনামউদ্দিন আহমেদ আৰু খলিলুৰ ৰহমান হাজৰিকাৰ সম্পাদনাত প্ৰকাশিত “ স’ৰাগুৰিৰ আজান” নামৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে ৷ উল্লেখ্য উৰুচৰ প্ৰথম দিনটোতেই বন্তি প্ৰজ্বলনৰ বাবে স্থানীয় শ শ হিন্দু ধৰ্মাৱলম্বী লোক ওলাই আহে ৷

উল্লেখ্য যে অতি কম সময়ৰ ভিতৰতেই যুদ্ধকালীন তৎপৰতাৰে ন ৰূপত সজাই পৰাই তুলা হৈছে আজানপীৰ দৰগাহ ৷ স’ৰাগুৰিবাসীৰ বাবে অতিকৈ আদৰৰ পীৰ চাহেব ৰূপে পৰিচিত আজানপীৰ দৰগাহত এইবাৰ উৰুচৰ লগত সংগতি ৰাখি স’ৰাগুৰিৰ হিন্দু সম্প্ৰদায়ৰ ৰাইজে গৰীয়াজান দলঙৰ পৰা আজানপীৰ দৰগাহ চোহদলৈকে প্ৰতিটো পৰিয়ালে ঘৰৰ পদুলীয়ে পদুলীয়ে এগছিকৈ বন্তি প্ৰজ্বলনেৰে আজান পীৰ চাহেবৰ প্ৰতি যাচিছে অন্যন্য শ্ৰদ্ধা ৷ এই বন্তিয়ে সমগ্ৰ অঞ্চল আলোকিত কৰি তোলে ৷ তদুপৰি  ৰং বিৰঙৰ পতাকা আৰি সমগ্ৰ স’ৰাগুৰিকেই এক বিনন্দীয়া মাত্ৰা প্ৰদান কৰে ৷

কালি অৰ্থাৎ দ্বিতীয় দিনা আজান পীৰ দৰগাহত সদৌ অসম ভিত্তিত জিকিৰ প্ৰতিযোগিতা অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ বিশিষ্ট  শিক্ষাবিদ তথা জিকিৰ গবেষক ড° ভুৱনেশ্বৰ ডেকাই  কয় যে ৰূপাই দাধৰাৰ চক্ৰান্তত আজান পীৰে দুটাকৈ চকু চিৰ দিনলৈ হেৰুৱাৱলগাত পৰিছিল ৷ তাৰ পিছতো কিন্তু আজানপীৰ হতাশ হোৱা নাছিল ৷ আজান পীৰে হাৰ মনা নাছিল ৷ বৰঞ্চ পূৰ্বতকৈ অধিক সক্ৰিয় হৈ সমন্বয়ৰ বাণী আৰু ধৰ্মৰ বাণী প্ৰচাৰ কৰিছিল ৷ আজান পীৰৰ এনে আদৰ্শক আমি সকলোৱে অনুপ্ৰেৰণা হিচাপে লোৱা উচিৎ ৷ ড° ডেকাই কয় সুদূৰ বাগদাদৰ পৰা ৩০০ গৰাকী পীৰ খোজকাঢ়ি ভাৰতৰ দিশে ওলাই আহিছিল ৷ আজান পীৰ সহিতে ৫০ গৰাকী পীৰ অসমত প্ৰৱেশ কৰিছিল ৷

আজান পীৰৰ জিকিৰ সন্দৰ্ভত তেওঁ কয় যে বৰগীত যিদৰে ভাগৱত, গীতা কিম্বা আন পুৰাণৰ আধাৰত ৰচিত ঠিক একেদৰে জিকিৰ কোৰান আৰু সাদিছৰ বাণীৰ আধাৰত ৰচিত ৷ কোৰান সাদিছ পঢ়িব নজনা লোকে জিকিৰৰ মাজতেই বহু তত্ত্ব বিচাৰি পাব ৷ সাম্প্ৰতিক সময়ত একাংশই ভক্তিভাৱেৰে জিকিৰ পৰিৱেশন কৰাৰ বিপৰীতে একাংশই ব্যৱসায় অৰ্থাৎ টকা লাভৰ বাবে আৰু আন একাংশই আনন্দ লভিবৰ বাবে জিকিৰ পৰিৱেশন কৰে বুলি মন্তব্য কৰে ৷

তেওঁ কয় আজান পীৰে ভক্তি ভাবেৰে জিকিৰ গাইছিল ৷ এই জিকিৰ শুদ্ধ ভাৱে পৰিৱেশন কৰিব লাগিব ৷ হলেও আজান পীৰৰ অমৰ সৃষ্টিক আমি অনুধাৱন কৰিব পৰা নাই ৷ আচলতে সমাজক, সমাজৰ মানুহক, পিতৃ মাতৃ, পৰম কৰুণাময়, ভাই ককাই, বাই ভনীক কিদৰে ভাল পাব লাগে, অহংকাৰ কৰিলে কি হয় এই সকলো কথা জিকিৰত স্পষ্টকৈ উল্লেখ থকাৰ কথা দোহাৰি ড° ভুৱনেশ্বৰ ডেকাই সকলোকে জিকিৰ অধ্যয়নৰ আহ্বান জনায় ৷

জিকিৰ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত দৰগাহ পৰিচালনা সমিতিৰ সভাপতি বিশিষ্ট অধিবক্তা হাৰুনল ৰচিদ, প্ৰাক্তন সভাপতি হবিব উল্লাহ, শিক্ষাবিদ চৈয়দ হকিকুৰ ৰহমান, বিশিষ্ট সমাজকৰ্মী শৰৎ হাজৰিকা, দিগন্ত মংগল নেওগ, বুবুল দত্ত, জিকিৰ শিল্পী হাফিজা বেগম চৌধুৰী, চামচুদ্দিন আহমেদকে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

অসম সদৌ অসম ভিত্তিত অনুস্থিত হোৱা জিকিৰ প্ৰতিযোগিতাৰ “ক” শাখাত প্ৰথম স্থান ৰাজকুমাৰী ফাল্গুনী, দ্বিতীয় স্থানত আফৰুজা ৰহমান, তৃতীয় স্থানত চৈয়দা নাবীহা ৰহমান আৰু উদগনিমূলক হিচাবে আয়েচা বিলকিচক নিৰ্বাচিত কৰা হয় ৷ জিকিৰ প্ৰতিযোগিতাৰ খ শাখাত প্ৰথম স্থান ৰিম্পী তামুলী, দ্বিতীয় স্থানত লক্ষীপ্ৰিয়া দিহিঙ্গীয়া, তৃতীয় স্থানত আফচানা ৰহমান আৰু উদগনিমূলক হিচাবে সুৰজিত পাটৰক নিৰ্বাচিত কৰা হয় ৷ ৰাজ্যিক ভিত্তিত আয়োজিত এই প্ৰতিযোগিতাত বিচাৰক হিচাবে উপস্থিত আছিল বিশিষ্ট জিকিৰ শিল্পী হাফিজা বেগম চৌধূৰী আৰু চামচুদ্দিন আহমেদ ৷

উল্লেখ্য সমন্বয়ৰ পৰম্পৰা ৰক্ষা কৰি আজি আজান পীৰ দৰগাহ পৰিচালনা সমিতিৰ সভাপতি হৰুনল ৰচিদে স’ৰাগুৰি চাপৰিত থকা বৰ নামঘৰত দৰগাহৰ হৈ শৰাই আগবঢ়াই সেৱা লয় ৷ বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মানুহৰ মাজত সমন্বয় ব্ৰতী থকাৰ লগতে উৰুচ শান্তিপূৰ্ণ ভাৱে সম্পন্ন হোৱাৰ কামনাৰে এনেদৰে নামঘৰত সেৱা আগবঢ়াই ৷ কালি নিশা দৰগাহ চৌহদত জিকিৰ গৱেষণা সমিতিৰ সম্পাদক চৈয়দ হকিকুৰ ৰহমানৰ পৰিচালনাত “ জিকিৰ মজলিছ ” অনুষ্ঠান সম্পন্ন হয় ৷ ভালেসংখ্যক লোক সমবেত হৈ জিকিৰ পৰিৱেশন কৰি স’ৰাগুৰি চাপৰিৰ দিখৌ নদীপৰীয়া অঞ্চলৰ আকাশ বতাহ মুখৰিত কৰি তোলে ৷ হিন্দু কি মুছলমান এক আল্লাৰ ফৰমান জিকিৰৰ অমিয়া সুৰে সমগ্ৰ অনুষ্ঠানটোক অনন্য মাত্ৰা প্ৰদান কৰে ৷

উল্লেখ্য যে ৰাজ্যৰ কেইবাখনো জিলাৰ শ শ ভক্ত কালি নিশাই স’ৰাগুৰি চাপৰিত উপস্থিত হয়হি ৷ তদুপৰি বিভিন্ন জনগোষ্ঠীয় লোক সকলেও সমন্বয়ৰ তীৰ্থ ৰূপে চিহ্নিত আজান পীৰ দৰগাহত উপস্থিত হৈ অনুষ্ঠান জীপাল কৰি তুলে ৷

ঐতিহাসিক স’ৰাগুৰি চাপৰিত উখল মাখল পৰিৱেশ, শ শ হিন্দু ধৰ্মাৱলম্বী লোকে বন্তি প্ৰজ্বলন কৰি আলোকিত কৰিলে সমগ্ৰ অঞ্চল
পুনৰ বেটিং পৰাক্ৰম বিৰাট কোহলীৰ, টেষ্টত ২৮ তম শতকৰ হ'ল অধিকাৰী

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in