/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/ac62d1bf-cd4f-43a1-ad3c-a06114ed5afb/charaideo ap web.png)
ডিজিটেল সংবাদ, চৰাইদেউঃ শনিবাৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী নন্দিতা গাৰ্লোছা, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, কেন্দ্ৰীয় পুৰাতত্ত্ব আৰু ৰাজ্যিক প্ৰত্নতত্ত্ব বিভাগৰ উচ্চপদস্থ বিষয়া সৈতে ঐতিহাসিক চৰাইদেউ মৈডাম এলেকাৰ বিস্তীৰ্ণ অঞ্চল পৰিভ্ৰমণ কৰে ৷ ইয়াৰ লগতে চাও চি ৰেন গৃহত বন্তি প্ৰজ্বলন কৰি মন্ত্ৰীগৰাকীয়ে ঐতিহাসিক মৈডাম ক্ষেত্ৰই অনাগত দিনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ইউনেস্কৰ দ্বাৰা যাতে স্বীকৃতি লাভ কৰিব পাৰে তাৰবাবে মৈডামক্ষেত্ৰত উপৰি পুৰুষৰ ওচৰত প্ৰাৰ্থনা জনাই ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/efa76ce0-31c1-4446-9ee1-917993450116/e88f8a7a-ab29-4fd5-a02a-09a22a8528c6.jpg)
উল্লেখযোগ্য যে, চৰাইদেউ মৈদাম ক্ষেত্ৰই ইউনেস্কৰ বিশ্ব ঐতিহ্য স্থান হিচাপে স্বীকৃতি লাভ কৰাৰ ক্ষেত্ৰত প্ৰাৰম্ভিক তালিকাত স্থান লাভ কৰাৰ পাছত পুৰাতত্ব বিভাগৰ বিশেষজ্ঞ কে চি নেৰিয়ালৰ তত্বাৱধানত চৰাইদেউৰ সমলসমূহ অধ্যয়ন কৰি ২০২৩ চনত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে ভাৰত চৰকাৰলৈ এক দচিয়াৰ প্ৰেৰণ কৰিছিল৷ পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে এই বিষয়ত কৰা আবেদনৰ ভিত্তিত ইউনেস্কৰ প্ৰতিনিধিয়ে চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত হৈ মৈদামক্ষেত্ৰৰ সকলো যাৱতীয় বিষয় সামৰি পৰ্যৱেক্ষণ কাৰ্য সম্পন্ন কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/4b85719e-bc8a-466f-b7b2-65b2dedff465/8f3f5279-cf91-40e7-9341-2d34df0ff7d8.jpg)
মনকৰিবলগীয়া যে, এইবাৰ নতুন দিল্লীত অনুষ্ঠিত হ'ব ইউনেস্কৰ বিশ্ব ঐতিহ্য কমিটিৰ বৈঠক। অহা ২১ জুলাইৰ পৰা ৩১ জুলাইৰ ভিতৰত অনুষ্ঠিত হ'বলগীয়া কমিটিৰ এই ৪৬ সংখ্যক বৈঠকতে অসমৰ চৰাইদেউ মৈদামক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পোৱাৰ সম্ভাৱনা আছে। এনে প্ৰেক্ষাপটতে আজি ঐতিহাসিক চৰাইদেউ মৈডাম ক্ষেত্ৰত মন্ত্ৰী নন্দিতা গাৰ্লোছা পৰিদৰ্শন কৰা বুলি জানিব পৰা গৈছে ৷
Also Read: বৰপথাৰৰ পৰা কিশোৰ সন্ধানহীন...