বৰপথাৰৰ পৰা কিশোৰ সন্ধানহীন...

বৰপথাৰৰ পৰা কিশোৰ সন্ধানহীন...

author-image
Asomiya Pratidin
New Update
বৰপথাৰৰ পৰা কিশোৰ সন্ধানহীন...

ডিজিটেল সংবাদ,গোলাঘাট : গোলাঘাট জিলাৰ অন্তৰ্গত বৰপথাৰ ৰে'লৱে ষ্টেচনৰ পৰা সন্ধানহীন হৈছে এজন ছাত্ৰ। সন্ধানহীন ছাত্ৰজনৰ নাম কিৰণ সোণাৰ, বয়স ১৮ বছৰ।

Advertisment

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ কিৰণ সোণাৰ যোৱা ৯ জুলাইৰ পৰা সন্ধানহীন হৈ থকা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। জানিব পৰামতে উক্ত দিনা নাজিৰাৰ শিমলুগুৰিস্থিত মোমায়েকৰ ঘৰলৈ বুলি বৰপথাৰ ষ্টেচনত উপস্থিত হৈছিল ছাত্ৰগৰাকী। কিন্তু উক্ত স্থানৰ পৰাই ছাত্ৰজনৰ আজি পৰ্যন্ত কোনো সম্ভেদ লাভ কৰা নাই পৰিয়ালে।

ছাত্ৰজনে শেষবাৰৰ বাবে মাকৰ সৈতে কথা পাতি জনাইছিল যে তেঁও কোনো অচিনাক্ত লোককেইজনমানে আমনি দিছিল। তেতিয়াৰ পৰাই পৰিয়ালৰ সৈতে যোগাযোগ নাই কিৰণ সোণাৰৰ।

ঘটনা সন্দৰ্ভত ছাত্ৰগৰাকীৰ পিতৃ-মাতৃয়ে আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। স্থানীয় আৰক্ষী থানৰ উপৰি ছাত্ৰজনৰ ম'বাইল ট্ৰেক কৰি লাষ্ট লোকেশ্বনৰ ঠিকনা ডিফুত লাভ কৰিছিল। সেয়েহে ডিফুৰ আৰক্ষীকো ঘটনা সন্দৰ্ভত অৱগত কৰে পিতৃ-মাতৃয়ে। যদি কোনো সদাশয় লোকে ছাত্ৰ কিৰণ সোণাৰৰ সম্ভেদ পাই তেন্তে স্থানীয় আৰক্ষী তথা পৰিয়ালৰ লোকক অৱগত কৰিবৱৈ অনুৰোধ জনাইছে।

Also Read: চৰকাৰৰ আস্থা, জনতাৰ লাগিব নিষ্ঠা তেহে কাহিল্ হ'ব গুটখাৰ অৱস্থা

barpathar missing case