চৰাইদেউ পৰ্বত চাহ বাগিছাত শ্ৰমিকৰ ৰোষৰ বলি পৰিচালক

চৰাইদেউ পৰ্বত চাহ বাগিছাত শ্ৰমিকৰ ৰোষৰ বলি পৰিচালক

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ পৰ্বত চাহ বাগিছাত সৃষ্টি উত্তপ্ত পৰিস্থিতিৰ। শ্ৰমিকৰ ৰোষৰ বলি হ'ল বাগিছাখনৰ পৰিচালক চামিল হুচেইন। শ্ৰমিকৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বাগিছাৰ পৰিচালক চামিল হুচেইন।

জানিব পৰা মতে, পৰিচালকৰ গাফিলতিৰ বাবেই দীৰ্ঘ দিনৰ পৰা বন্ধ হৈ আছিল বাগিছাখন৷ যাৰ ফলত বাগিছাৰ শ্ৰমিকসকলৰ আৰ্থিক অৱস্থা শোচনীয় হৈ পৰিছে। দুৰ্গা পূজাৰ সময়তো পৰিচালকৰ ব্যৰ্থতাৰ বাবে এটকাও বানচ লাভ নকৰিলে শ্ৰমিকসকলে।

যাৰ ফলস্বৰূপে বুধবাৰে উত্তেজিত শ্ৰমিকসকলে হঠাতে পৰিচালক গৰাকী বাগিছাখনত উপস্থিত হোৱাত তেওঁক প্ৰহাৰ কৰে। এই প্ৰহাৰৰ ফলত পৰিচালকগৰাকী মূৰত আৰু বুকুত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। পৰৱৰ্তীসময়ত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিচালক গৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে।

চৰাইদেউ পৰ্বত চাহ বাগিছাত শ্ৰমিকৰ ৰোষৰ বলি পৰিচালক
কঠিয়াতলীত আঘাতপ্ৰাপ্ত বন্যহস্তীক দুদিন ধৰি শুশ্ৰূষা বন বিভাগৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in