কঠিয়াতলীত আঘাতপ্ৰাপ্ত বন্যহস্তীক দুদিন ধৰি শুশ্ৰূষা বন বিভাগৰ

কঠিয়াতলীত আঘাতপ্ৰাপ্ত বন্যহস্তীক দুদিন ধৰি শুশ্ৰূষা বন বিভাগৰ

ডিজিটেল সংবাদ, কঠিয়াতলীঃ নগাঁও জিলাৰ কঠীয়াতলীৰ কন্দলীত আঘাতপ্ৰাপ্ত এটা বন্যহস্তীক দুদিন ধৰি খাদ্য যোগান ধৰাৰ লগতে চিকিৎসা সেৱা আগবঢ়াই আহিছে বন বিভাগে। কঠিয়াতলী আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত কন্দলী আহুতলিৰ গড়গাঁৱত সোমবাৰে স্থানীয় লোকে এটা আঘাতপ্ৰাপ্ত বন্যহস্তী প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে।

স্থানীয় লোকৰ খবৰৰ ভিত্তিত কঠিয়াতলী আঞ্চলিক বন কাৰ্যালয়ৰ বন বিষয়া দেবব্ৰত খনিকৰৰ নেতৃত্বত বন বিভাগৰ এটা দল উপস্থিত হৈ দুদিন ধৰি খাদ্য যোগান ধৰাৰ লগতে আগবঢ়াই আহিছে চিকিৎসা সেৱা। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীটোক কোনো দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰাৰ সন্দেহ কৰিছে বন বিভাগৰ। ইফালে হাতীটোৰ আৰ্তনাদত শংকিত হৈ পৰিছে অঞ্চলবাসী ।

কঠিয়াতলীত আঘাতপ্ৰাপ্ত বন্যহস্তীক দুদিন ধৰি শুশ্ৰূষা বন বিভাগৰ
বিশ্বকাপত পুনেত আজি নিউজিলেণ্ডৰ মুখামুখি হ'ব দক্ষিণ আফ্ৰিকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in