/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/7e931149-b969-47c5-8d72-2fd81d86c418/budha_charaideo.jpg)
বুদ্ধ পূৰ্ণিমা উদযাপন
ডিজিটেল সংবাদ, চৰাইদেউঃ বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ বাবে শুকুৰবাৰে পবিত্ৰ দিন বুদ্ধ পূৰ্ণিমা বা বৈশাখ পূৰ্ণিমা। দেশৰ বিভিন্ন প্ৰান্তত আজি উদযাপন কৰা হৈছে বুদ্ধ পূৰ্ণিমা ।
বৌদ্ধধৰ্মৰ প্ৰৱৰ্তক বুদ্ধদেৱৰ জন্ম, জ্ঞানলাভ আৰু মহা পৰিনিৰ্বাণ এই তিনিওটা পৰিঘটনা ব’হাগৰ পূৰ্ণিমাৰ দিনটোতেই হৈছিল বাবেই এই দিনটোক পবিত্ৰ বুদ্ধ পূৰ্ণিমা তিথি হিচাপে পালন কৰা হয় ।
সমগ্ৰ পৃথিৱীৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে এই দিনটোতে বৌদ্ধ বিহাৰত বিশ্ব শান্তিৰ বাবে বুদ্ধ পতাকা উত্তোলন কৰে ।
বিশ্বৰ আন ঠাইৰ লগতে চৰাইদেউ জিলাৰ চলাপথাৰৰ বৌদ্ধ বিহাৰতো পালন কৰা হয় ২৫৬৭ তম বুদ্ধজয়ন্তী ৷ এই উপলক্ষে চলাপথাৰ বৌদ্ধ বিহাৰত প্ৰাংং বৌদ্ধ পতাকা উত্তোলন, বুদ্ধ বন্দনা ।
আৰু বন্দনা নামেৰে ক্ষেমানন্দ ভিক্ষুৰ দ্বাৰা লিখা হোৱা এখন বন্দনাৰ হাত পুথি উন্মোচন পৰা হয় ৷ জয়ন্তীৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতা আৰু শোভাযাত্ৰা বাহিৰ কৰা হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/12492ade-f679-423b-a3fe-a57770e1ea97/d43d86e1_4fb9_48e6_94a6_f0d08d0357e5.jpg)
Also Read: ৩৬৭ বছৰীয়া ঐতিহ্যময় পৰম্পৰাৰে বুদ্ধ পূৰ্ণিমাৰ বটদ্ৰৱা থানৰ নৰোৱা সত্ৰৰ পালনাম