৩৬৭ বছৰীয়া ঐতিহ্যময় পৰম্পৰাৰে বুদ্ধ পূৰ্ণিমাৰ বটদ্ৰৱা থানৰ নৰোৱা সত্ৰৰ পালনাম

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰৱৰ্ত্তন কৰা সকামী সেৱা হৈছে পালনাম । ৩৬৭ বছৰীয়া ঐতিহ্যময় পৰম্পৰা ৰক্ষা কৰি বৃহস্পতিবাৰৰ নিশাৰ পৰা বটদ্ৰৱা থানৰ নৰোৱা সত্ৰৰ পালনাম সেৱা অনুষ্ঠিত হৈছে ।

author-image
Asomiya Pratidin
New Update
৩৬৭ বছৰীয়া ঐতিহ্যময় পৰম্পৰাৰে বুদ্ধ পূৰ্ণিমাৰ বটদ্ৰৱা থানৰ নৰোৱা সত্ৰৰ পালনাম

নৰোৱা সত্ৰৰ পালনাম

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰৱৰ্ত্তন কৰা সকামী সেৱা হৈছে পালনাম । ৩৬৭ বছৰীয়া ঐতিহ্যময় পৰম্পৰা ৰক্ষা কৰি বৃহস্পতিবাৰৰ নিশাৰ পৰা বটদ্ৰৱা থানৰ নৰোৱা সত্ৰৰ পালনাম সেৱা অনুষ্ঠিত হৈছে ।

Advertisment

১৬৫৬ খৃষ্টাব্দত আই কনকলতা আৰু দামোদৰ আতাই বৰদোৱা থান পুনৰ উদ্ধাৰ কৰাৰ পিছৰে পৰা বৌদ্ধ পূৰ্ণিমা তিথিত নৰোৱা সত্রই নিৰৱচ্ছিন্ন ভাৱে পাতি অহিছে এই পালনাম সেৱা ।

পালনাম উপলক্ষে শুকুৰবাৰে ভকত বৈষ্ণৱৰ উপস্থিতিত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱা থানত । কীৰ্ত্তনঘৰৰ থানৰ নামাচাৰ্য, পাঠক, গায়ন-বায়ন, দুই সত্ৰ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ, ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতিত খোল প্ৰসঙ্গ, নামপ্ৰসংগৰে মুখৰিত হৈ পৰিছে ।

উল্লেখ যে, বটদ্ৰৱা থানৰ বৌদ্ধ পূৰ্ণিমাৰ পালনাম সেৱাৰ লগত সমগ্ৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ লগতে এক সাতামপুৰুষীয়া সম্পৰ্ক আছে ঐতিহ্যমণ্ডিত নিকামূল সত্ৰ আৰু গজলা সত্ৰৰ ।

গায়ন বায়ন,
গায়ন বায়ন,

নিকামূল সত্ৰৰ সত্ৰাধিকাৰ, বৈষ্ণৱ পণ্ডিত, অসম গৌৰৱ প্ৰয়াত গহন গোসাঁই আৰু গজলা সত্ৰৰ সত্ৰাধিকাৰ অচিন্ত্য নাৰায়ণ দেৱ মহন্তই শ বছৰ পূৰ্বতে তেওঁলোকৰ পৰিয়াল, ইষ্ট কুটুমক পৰিচয় কৰাই দিছিল এই পালনাম সেৱাভাগৰ লগত ।

তাৰ পৰবৰ্তী কালত গহন গোসাঁই জীয়ৰী তথা অচিন্ত্য নাৰায়ণ দেৱ মহন্তৰ সহধৰ্মিনী হিৰণ্য প্ৰভা মহন্তই এই যতি নপৰাকৈ এই পৰম্পৰা ৰক্ষা কৰিছিল। আৰু আজিওঁ গহন গোসাঁই, অচিন্ত্য নাৰায়ণ দেৱ মহন্ত আৰু হিৰণ্য প্ৰভা মহন্ত সো শৰীৰে নাথাকিলেওঁ তেওঁলোকৰ ইষ্ট কুটুম্ব পঞ্চম পুৰুষলৈ সকলো উপস্থিত থাকি সেৱা আগবঢ়াই ।

এই ঐতিহ্যমণ্ডিত পৰিয়ালৰ হৈ জেষ্ঠ সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ সহকাৰী সম্পাদক প্ৰকাশ মহন্তই সকলো অসমবাসীৰ ৰাইজলৈ সেৱা আগবঢ়াই বৌদ্ধ পূৰ্ণিমাৰ পবিত্ৰ দিনটো গুৰুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ তেখেতৰ কলা সংস্কৃতিৰে উদ্ভাষিত হৈ নৱ প্ৰজন্মক আগুৱাই যাবলৈ আহ্বান জনাই।

জেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই
জেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই

Also Read: একেদিনাই চন্দ্ৰগ্ৰহণ আৰু বুদ্ধ পূৰ্ণিমা মহাসংযোগ, কোনটোত অধিক গুৰুত্ব দিব? জ্যোতিষ শাস্ত্ৰই কি কয়?

palnaam #batradowa narwa hatra