Advertisment

চৰাইদেউ মৈদাম ক্ষেত্ৰলৈ নিজে প্ৰস্তুত কৰা শতাধিক ডাষ্টবিন আগবঢ়ালে চিৰঞ্জীতে

চৰাইদেউ মৈদাম ক্ষেত্ৰলৈ নিজে প্ৰস্তুত কৰা শতাধিক ডাষ্টবিন আগবঢ়ালে চিৰঞ্জীতে

author-image
Asomiya Pratidin
New Update
চৰাইদেউ মৈদাম ক্ষেত্ৰলৈ নিজে প্ৰস্তুত কৰা শতাধিক ডাষ্টবিন আগবঢ়ালে চিৰঞ্জীতে

ডিজিটেল সংবাদ, চৰাইদেউঃ প্লাষ্টিক মুক্ত পৰিবেশ সৃষ্টিৰ লক্ষ্যৰে ঐতিহাসিক চৰাইদেউ মৈডাম ক্ষেত্ৰলৈ শতাধিক ডাষ্টবিন আগবঢ়ালে নিমনাগড়ৰ চিৰঞ্জীত গগৈয়ে৷ যুৱকজনৰ ঘৰ চৰাইদেউ জিলাৰ নিমনাগড় ইকৰাণি গাঁৱত ৷ দেওবাৰে ঘৰৰ বাৰীৰ বাঁহেৰে নিজে প্ৰস্তুত কৰি উলিওৱা শতাধিক বাঁহৰ ডাষ্টবিন মৈদাম প্ৰাংগণৰ বিভিন্ন ঠাইত স্থাপন কৰে যুৱকজনে।

Advertisment

এই কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে স্থানীয় ব্যক্তি তথা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। বিধায়ক গৰাকীয়ে যুৱক গৰাকীৰ এই ব্যক্তিগত প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰি স্থানীয় ৰাইজৰ সহযোগত দেওবাৰে এক চাফাই অভিযান কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ দিশে আগবঢ়া ঐতিহাসিক চৰাইদেউ প্ৰত্নত্বাত্তিক স্থানত প্লাষ্টিক মুক্ত এক পৰিৱেশ গঢ়ি তোলা প্ৰয়াসেৰে নিজৰ সীমিত প্ৰচেষ্টাৰ মাজত যুৱক গৰাকীয়ে এনে পদক্ষেপ গ্ৰহণ কৰা বুলি মন্তব্য আগবঢ়াইছে বিধায়কগৰাকীয়ে।

Also Read: শ্ৰীমন্ত শংকৰ মিশ্যনত 'বিশ্ব প্ৰতিবন্ধী দিৱস' উদযাপন

Charaideo Maidam