/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/06881108-ef7c-46e1-919b-6baef80bb831/3.jpg)
ডিজিটেল সংবাদ, বেবেজীয়া: ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অৰ্থ সাহায্যত সমগ্ৰ দেশৰ লগতে নগাঁও জিলা প্ৰশাসনৰ প্ৰতিবন্ধী পুনৰ সংস্থাপন কেন্দ্ৰৰ উদ্যোগত শ্ৰীমন্ত শংকৰ মিশ্যন, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা, সমাজ কল্যাণ বিভাগ আৰু নগাঁও জিলা বিকলাংগ সন্থাৰ সহযোগত দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন কৰা হয়।
নগাঁও চহৰৰ পানীগাঁও চাৰিআলিৰ শ্ৰীমন্ত শংকৰ মিশ্যন চৌহদত আয়োজন কৰা এই অনুষ্ঠানৰ পুৱা ৭.৩০ বজাত স্বচ্ছ ভাৰত কাৰ্যসূচী ৰূপায়ন কৰাৰ পাছত পুৱা ৯.৩০ বজাত নগাঁও জিলা বিকলাংগ সন্থাৰ পতাকা উত্তোলন কৰে সন্থাৰ সভাপতি আল্লালউদ্দিন আহমেদে। পুৱা ১০.৩০ বজাত প্ৰতিবন্ধী সকলৰ মাজত খেল-ধেমালি আৰু সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হয়।
মহাৰজত জয়ন্তী বৰ্ষত ভৰি দিয়া উত্তৰ-পূব ভাৰতৰ আগশাৰীৰ মানৱ সেৱাৰ অনুষ্ঠান নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিশ্যনৰ মুখ্য কাৰ্যালয়ৰ লোকসেৱক হলধৰ ভূঞা প্ৰেক্ষাগৃহত এই বিশ্ব প্ৰতিবন্ধী দিৱস উপলক্ষে আয়োজিত এখন সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা। শ্ৰীমন্ত শংকৰ মিশ্যনৰ সভাপতি প্ৰেমেশ্বৰ দাসৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনত ভাষণ প্ৰদান কৰি বিধায়ক ৰূপক শৰ্মাই কয় যে, বিশেষ ভাৱে সক্ষম লোকসকল আমাৰ সমাজৰ একো একোজন অবিচ্ছেদ্য অংগ। তেওঁলোকক বাদ দি এখন সুস্থ সমাজ গঢ়ি তোলা অসম্ভৱ।
তেওঁ লগতে কয় যে, সেয়েহে মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে বহু কেইখন আঁচনি গ্ৰহণ কৰাৰ লগতে চৰকাৰী বিভাগ সমূহৰ নিযুক্তি প্ৰক্ৰিয়াত তেওঁলোকৰ বাবে পদ সমূহ আছুতীয়া কৈ ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সভাত উপস্থিত থাকি নগাঁও জিলা সমাজ কল্যাণ বিষয়া বিদ্যুৎ হাজৰিকাই নিজৰ ভাষণ প্ৰদান কৰাৰ উপৰিও আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডা: আৰাধনা বৰুৱাই ভাষণ প্ৰদান কৰি কেতবোৰ গুৰুত্বপূৰ্ণ বক্তব্য মনোগ্ৰাহীকৈ সাৱলীলভাৱে দাঙি ধৰে।
ডা: কৃষ্ণ কুমাৰ বৰাই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে শ্ৰীমন্ত শংকৰ মিশ্যনৰ সাধাৰণ সম্পাদক বল্লদেৱ শৰ্মাই। অনুষ্ঠানত শ্ৰীমন্ত শংকৰ মিশ্যনৰ উপদেষ্টা দেহীৰাম বৰা, উপ-সভাপতি ক্ৰমে ৰঞ্জিত কুমাৰ তামুলী ফুকন, হৰ বৰা, যুটিয়া সম্পাদক মুনীন্দ্ৰ শইকীয়া, ড: ধৰ্মেশ্বৰ গোস্বামীকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
সভাৰ অন্তত দেওবাৰে প্ৰতিবন্ধী সকলৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাৰ বঁটা সমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। ইয়াৰ পাছতে সভাৰ শলাগৰ শৰাই আৰু জাতীয় সংগীত পৰিৱেশনেৰে সামৰণি পৰে। অনুষ্ঠানত সহস্ৰাধিক লোক উপস্থিত থাকে ৷
Also Read: জামুগুৰিহাটত উদ্ধাৰ যুৱকৰ মৃতদেহ