বোমাতংক ! শিৱসাগৰত উদ্ধাৰ বিস্ফোৰক সামগ্ৰী, ৰঙিয়াত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা

বোমাতংক ! শিৱসাগৰত উদ্ধাৰ বিস্ফোৰক সামগ্ৰী, ৰঙিয়াত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা

author-image
Asomiya Pratidin
New Update
বোমাতংক ! শিৱসাগৰত উদ্ধাৰ বিস্ফোৰক সামগ্ৰী, ৰঙিয়াত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা

ডিজিটেল সংবাদ, শিৱসাগৰ : শিৱসাগৰত আৰক্ষীয়ে তালাচী অভিযান অব্যাহত ৰখাৰ মাজতেই স্বাধীনতা দিৱসৰ দিনটোত দুটাকৈ বোমা উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ শিৱসাগৰ চহৰৰ জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ সন্মুখৰ পৰা উদ্ধাৰ হয় এটা বোমা।

Advertisment

আনহাতে অ’এনজিচি কলনিৰ ৫ নং গেটত আনটো বোমা উদ্ধাৰ হয় বুলি জানিব পৰা গৈছে ৷ এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে বৃস্পতিবাৰে এটা নিষিদ্ধ ঘোষিত সংগঠনে অসমৰ বিভিন্ন প্ৰান্তত বোমা সংস্থাপন কৰা বুলি এক বিবৃতিত উল্লেখ কৰিছিল।

ইয়াৰ পাছতে অসম আৰক্ষীয়ে প্ৰান্তে প্ৰান্তে বোমা নিষ্ক্ৰীয় অভিযান চলায়। এই অভিযানৰ অংশস্বৰূপে আজি শিৱসাগৰত দুটা বোমা উদ্ধা কৰা হয়।

ইফালে ৰঙিয়াবাসী ৰাইজৰ মাজতো অৱ্যাহত আছে বোমাৰ আতংক। ৰঙিয়াত বোমা বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। সম্প্ৰতি মেটেল ডিটেক্টৰ লৈ ৰঙিয়া আৰক্ষীৰ দলে তন্ন তন্নকৈ পৰীক্ষা কৰি অভিযান অব্যাহত ৰাখিছে যদিও কোনোধৰণৰ বিস্ফোৰক সামগ্ৰী লাভ কৰা নাই।

কামৰূপ জিলাৰ আৰক্ষী, ৰঙিয়া আৰক্ষী অধিক সষ্টম হোৱা পৰিলক্ষিত হৈছে। নিশ্চিদ্ৰ তালাচীৰ লগতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা চহৰখনত চলাইছে। ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজয় বৰ্মনৰ নেতৃত্বত দলে সমগ্ৰ ৰঙিয়া-তামুলপুৰ ৰোডত তালাচী অভিযান অব্যাহত ৰাখে।

Also Read: বোমাতংক ! বৰঘাটত সন্দেহজনক টোপোলা উদ্ধাৰ

rangia police sivsagar police Assam police