বোমাতংক ! বৰঘাটত সন্দেহজনক টোপোলা উদ্ধাৰ

নগাঁৱত আৰক্ষীৰ অভিযান

author-image
Asomiya Pratidin
New Update
বোমাতংক ! বৰঘাটত সন্দেহজনক টোপোলা উদ্ধাৰ

ডিজিটেল সংবাদ,নগাঁও : এটা নিষিদ্ধ ঘোষিত সংগঠনে সংস্থাপন কৰা বোমা বিচাৰি নগাঁৱত অসম আৰক্ষীয়ে চলাইছে মাৰথান অভিযান। বৰঘাট আৰু আদিত্য নাৰ্চিংহোমৰ ওচৰত নিষিদ্ধ ঘোষিত সংগঠনটোৱে বোমা সংস্থাপন কৰা বুলি সদৰী কৰাৰ পিছতে দুয়ো স্থানত আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰে ।

Advertisment

এই অভিযানৰ সময়ত আৰক্ষীয়ে বৰঘাট আৰক্ষী চকীৰ ওচৰত জব্দ কৰা এখন বাহনৰ ভিতৰৰ পৰা সন্দেহজনক বিষ্ফোৰকৰ এটা টোপোলা উদ্ধাৰ কৰিছে । আৰক্ষী নিশ্চিত হোৱা নাই যে সেইটো নিষিদ্ধ ঘোষিত সংগঠনটোৱে সংস্থাপন কৰা বোমা বুলি ।

ইফালে তিনিঘন্টা পাৰ হৈ যোৱাৰ পিছতো নগাঁও -ৰূপহী পথৰ আদিত্য নাৰ্চিংহোমৰ ওচৰত আৰক্ষীৰ অভিযান চলি আছে । কোৰ লৈ বিভিন্ন স্থানত আৰক্ষীয়ে খন্দাৰ পিছত সফল নোহোৱাত এক্সক্লেভেটৰ ব্যৱহাৰ কৰিছে আৰক্ষীয়ে । পথৰ দুয়ো কাষে এক্সক্লেভেটৰৰ দ্বাৰা খনন চলাই থকা হৈছে ।

Also Read: বালিপৰাৰ মানশিৰিত আমছুৰ উদ্যোগত স্বাধীনতা দিৱস উদযাপন

nagaon police bomb Assam police