আমগুৰিত সহস্ৰাধিক কংগ্ৰেছ নেতা-কৰ্মীৰ বিজেপিত যোগদান

আমগুৰিত সহস্ৰাধিক কংগ্ৰেছ নেতা-কৰ্মীৰ বিজেপিত যোগদান

ডিজিটেল সংবাদ, আমগুৰিঃ দেশত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন। অসমত তিনিটা প্ৰযায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন। ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। আৰু এই নিৰ্বাচনটো আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ।

শনিবাৰে শিৱসাগৰ জিলাৰ আমগুৰি বিধানসভা সমষ্টিৰ চাৰিঙত ভাৰতীয় জনতা পাৰ্টিৰ যোগদান উপলক্ষে আয়োজিত সভাত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পাতিবলৈ দেশবাসীয়ে ইতিমধ্যে সিদ্ধান্ত লৈছে বুলি মন্তব্য কৰে। তেওঁ কয় যে নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে বিভিন্ন সমীক্ষা বা অপেনিয়ন পল হয় আৰু প্ৰায়বোৰ অপেনিয়ন পলতে কৈ আছে যে বিজেপিয়ে অকলে ৩৯০ টা চীটত, ৩৯৫ টা চীটত জিকিব আৰু এন ডি এ অৰ্থাৎ আমাৰ মিত্ৰশক্তিয়ে প্ৰায় ৪১৫ টা সমষ্টিত জয় লাভ কৰিব। হয়তো বহু বছৰ ধৰি এনেকুৱা জনমত কোনো এটা দলে পোৱা নাছিল।

মন্ত্ৰীগৰাকীয়ে আৰু কয় যে সাধাৰণতে এটা দল যেতিয়া চৰকাৰত থাকে সেই দলটোৰ পাছৰ বছৰত জিকাৰ চীটৰ সংখ্যা কমে। কিন্তু নৰেন্দ্ৰ মোদীৰ ক্ষেত্ৰত এই কথাটো ওলোটা হৈ গ’ল। ২০১৪ চনত প্ৰথমবাৰৰ কাৰণে যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হয়, তেতিয়া ২৭২ টা সমষ্টিত জয় লাভ কৰিছিল। ২০১৯ চনত মোদী ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ’ল, আৰু বিজেপিয়ে অকলে ৩০৩ টা সমষ্টিত জয় লাভ কৰে। আৰু এইবাৰ কোৱা হৈছে বিজেপিয়ে ৩৯০ টা বা ৩৯৫ টা চীটত জয় লাভ কৰিব।

মন্ত্ৰী হাজৰীকাই কংগ্ৰেছ দলক সমালোচনা কৰি কয় যে ২০১৪ চনলৈকে আমাৰ দেশত মেডিকেল কলেজ আছিল ৩৮৭ খন আৰু আজি ১০ বছৰত ইয়াৰ সংখ্যা হ’ল ৬৯৩খন। নৰেন্দ্ৰ মোদী ডাঙৰীয়া ১০ বছৰত মেডিকেল কলেজ বনালে ৩০৬ খন। অসমত আমি মেডিকেল কলেজ বনালো ১৮ খন। কিন্তু কংগ্ৰেছে ৬০ বছৰত মেডিকেল কলেজ বনালে মাত্ৰ ৩৮৭ খন।

মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ স্বাস্থ্য আৰু শিক্ষা খণ্ডৰ উন্নয়নত চৰকাৰে যথেষ্ট গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰে। তেওঁ কয় যে স্বাস্থ্য আৰু শিক্ষা নাথাকিলে আমি একো কৰিব নোৱাৰো। আমাৰ কাৰণে স্বাস্থ্য পৰম সম্পদ।

উল্লেখ্য যে আজি শিৱসাগৰ জিলাৰ আমগুৰি বিধানসভা সমষ্টিত চাৰিঙত কংগ্ৰেছ দলৰ এক সহস্ৰাধিক নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। বিজেপি দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰা সকলো ন-কাৰ্যকৰ্তাকে মন্ত্ৰী পীযুষ হাজৰীকাই উষ্ম আদৰণি জনায়। তদুপৰি মন্ত্ৰীগৰাকীয়ে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্ব কেন্দ্ৰত চৰকাৰ গঠনৰ হেতু সকলোকে নিষ্ঠাৰে সেৱা আগবঢ়াবলৈ আহ্বান জনোৱাৰ লগতে মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী ৰূপে অধিষ্ঠিত কৰাৰ হেতু সংকল্পবদ্ধ হ'বলৈ সকলোকে আহ্বান জনায়।

যোগদান কাৰ্যসূচীত বিজেপি দলৰ যোৰহাটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ, জিলা সভাপতি ময়ূৰ বৰগোঁহাই, যুৱ আয়োগৰ উপাধ্যক্ষা অংকিতা দত্ত সহিতে ৰাজ্যিক, জিলা, মণ্ডল, বুথ আৰু ভিন্ন মৰ্চাৰ বিষয়ববীয়া-কাৰ্যকৰ্তাসকল উপস্থিত থাকে।

ইয়াৰ পিছত মন্ত্ৰী হাজৰীকাই তিতাবৰ বিধানসভা সমষ্টি ভিত্তিত অনুষ্ঠিত এখন যুৱ সমাৰোহত উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে যুৱ সতীৰ্থসকলৰ সৈতে এই অনুষ্ঠান সম্বোধন কৰি অতিশয় আপ্লুত হৈ পৰে। যুৱ বন্ধুসকলৰ উদ্যম, আগ্ৰহ আৰু অনন্য সেৱা মনোভাৱ সদায়েই দলৰ বাবে অতুল্য শক্তি বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এই অনুষ্ঠানতো সকলো সতীৰ্থৰ সৈতে মন্ত্ৰীগৰাকীয়ে মোদী ডাঙৰীয়াক তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী স্বৰূপে অধিষ্ঠিত কৰাৰ হেতু সংকল্প গ্ৰহণ কৰে।

অনুষ্ঠানত যোৰহাট সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ, সাংসদ পল্লব লোচন দাস, বিধায়ক দিগন্ত কলিতা, ৰাজ্যিক উপ-সভাপতি ৰাণা গোস্বামী, যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাঙ্কু অংকুৰ বৰুৱা, জিলা সভাপতি হেমন্ত কলিতা, ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰতাপ কছাৰী সহিতে বিষয়ববীয়া-কাৰ্যকৰ্তাসকল উপস্থিত থাকে।

আমগুৰিত সহস্ৰাধিক কংগ্ৰেছ নেতা-কৰ্মীৰ বিজেপিত যোগদান
কৃষি বিশ্ববিদ্যালয়ৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰত ক্ৰেতা-বিক্ৰেতা সমাৰোহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in