কৃষি বিশ্ববিদ্যালয়ৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰত ক্ৰেতা-বিক্ৰেতা সমাৰোহ

কৃষি বিশ্ববিদ্যালয়ৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰত ক্ৰেতা-বিক্ৰেতা সমাৰোহ

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও জিলাৰ চিলিঙনীত থকা অসম কৃষি বিশ্ববিদ্যালয়ৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰত এক ক্ৰেতা-বিক্ৰেতা সমাৰোহ অনুষ্ঠিত হয়। উক্ত সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই কয়- কৃষকৰ উৎপাদিত কৃষি সামগ্ৰী বিক্ৰী কৰিবলৈ বিক্ৰেতাসকলে কেনেকৈ এখন বজাৰ লাভ কৰিব অথবা ক্ৰয় কৰিবলৈ ব্যৱসায়ীসকলে কেনেদৰে বিক্ৰেতাৰ বিচাৰি পোৱাৰ বাবে পোনপতীয়াকৈ এক ব্যৱস্থা গ্ৰহণ কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে।

উপাচাৰ্য গৰাকীয়ে আৰু কয়- শেহতীয়াকৈ অসম কৃষি বিশ্ববিদ্যালয়ে প্ৰায় ১ কোটি ১ লাখ টকাৰ ব্যয় সাপেক্ষে তৰিয়া সৰিয়হ উৎপাদনৰ এখন অভিলাষী আঁচনি গ্ৰহণ কৰি ৰাজ্যখনৰ ৬হাজাৰ ৯শ বিঘা মাটিত এইবিধ সৰিয়হ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইতিমধ্যে আঁচনিখনে সফলতাৰ দিশত আগবাঢ়িছে আৰু আশানুৰূপ সৰিয়হ উৎপাদন হ'ব বুলি ধাৰণা কৰা হৈছে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ব্যৱসায়িক ক্ৰেতাসকল উপস্থিত থকা সমাৰোহখনত ৰাজস্থানৰ ভৰতপুৰৰ কৃষি গৱেষণা কেন্দ্ৰৰ সঞ্চালক ড: পি. কে. ৰায়,অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞান গুৰু ড:প্ৰসন্ন কুমাৰ পাঠক, গৱেষণা সঞ্চালক ড:সঞ্জয় কুমাৰ চেতীয়া, ভৰতপুৰৰ সৰিয়হ গৱেষক ড: অশোক কুমাৰ শৰ্মা আৰু মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড: হিৰণ্য কুমাৰ বৰাকে ধৰি কৃষি বিশ্ববিদ্যালয়ৰ বহু কেইগৰাকী বিজ্ঞানী,গৱেষক ছাত্ৰ উপস্থিত থকাৰ লগতে স্থানীয় কৃষকসকল উপস্থিত থাকে।

মূল সভাৰ পাছতে ক্ৰেতা আৰু বিক্ৰেতাসকলৰ মাজত এখন সভা অনুষ্ঠিত হয়। এই সভাত অনাগত দিনসমূহত কৃষক সকলক উন্নত মানৰ বীজ যোগান আৰু ধানৰ সমান্তৰালভাৱে সৰিয়হ খেতি কৰিবলৈ কৃষক সকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

কৃষি বিশ্ববিদ্যালয়ৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰত ক্ৰেতা-বিক্ৰেতা সমাৰোহ
অসম ব্ৰাহ্মণ সমাজৰ একাদশ মধ্যকালীন বাৰ্ষিক অধিৱেশন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in