এটা ভয়াৱহ ভিডিঅ' আৰু মণিপুৰ...

এটা ভয়াৱহ ভিডিঅ' আৰু মণিপুৰ...
এটা ভয়াৱহ ভিডিঅ' আৰু মণিপুৰ...

মৃদুল কুমাৰ সন্দিকৈ

লিবিয়া, চিৰিয়া অথবা আফগানিস্তান এতিয়া আমাৰ কাষত ! বৰ্বৰতাৰ সকলো সীমা অতিক্ৰম কৰি যোৱাৰ পাছতো নীৰৱ দিল্লী। সৰু সৰু শিশুৱে হাতত প্লে' কাৰ্ড লৈ বিচাৰিবলগীয়া হৈছে প্ৰধানমন্ত্ৰী মোডীক।

আৰু কিমান দিন এইদৰে জ্বলি থাকিবলৈ দিয়া হ'ব মণিপুৰক? মণিপুৰত সংঘটিত সংঘৰ্ষ আৰু হিংসাত্মক কাণ্ডৰ নিয়ন্ত্ৰণ কৰাৰো শক্তি নাই নেকি মোডী-অমিত শ্বাহৰ? ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধৰ পৰিসমাপ্তিৰ বাবে মধ্যস্থতাকাৰীৰ ভূমিকা ল'বলৈ সাজু থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নোপোৱাকৈ আছেনে এইবোৰ খবৰ?

কিহৰ পৰা কি হ'ল সেয়া পিছৰ কথা। কিন্তু জ্বলি থকা মণিপুৰৰ ভয়াৱহ পৰিস্থিতি আৰু ছবি অনুমানৰো বাহিৰত। শেহতীয়াকৈ এটা ভিডিঅ' ভাইৰেল হৈছে। ভিডিঅ'টোত দেখা পোৱা গৈছে এটা পথৰ ওপৰত এজনী অসহায় ছোৱালী। হাতত মাৰণাস্ত্ৰ লৈ ছোৱালীজনীক প্ৰথমে প্ৰহাৰ কৰা হৈছে ৰাজপথত। এবাৰ, দুবাৰ নহয় কেইবাবাৰো প্ৰহাৰৰ সন্মুখীন হোৱা ছোৱালী জনীয়ে হাতযোৰ কৰি জীৱন ভীক্ষা কৰিছে।

কিন্তু ক'ত শুনে সেই বৰ্বৰ দলে এই জীৱন ভিক্ষাৰ প্ৰাৰ্থনা? প্ৰচণ্ড গোৰেৰে ছোৱালীজনীক ৰাজপথ বগৰাই দিয়াতেই সেই বৰ্বৰ দলটো ক্ষান্ত থকা নাই। প্ৰায় ৩ মিনিট ২২ ছেকেণ্ডলৈ এই ভিডিঅ'টোত দেখা ছোৱালীজনীৰ হাতত হেণ্ডকাফ। ইজনৰ পাছত সিজন তাইৰ ওপৰত জপিয়াই পৰিছে।

বৰ্বৰতাৰ সীমা ইমানেই অতিক্ৰম কৰি গৈছে যে, ছোৱালীজনীক চলোৱা এই অত্যাচাৰ সেই বৰ্বৰ দলৰ সদস্যসকলেও চাই থাকিব পৰা নাই। তাৰ পাছত ৰাজপথত বহি পৰা ছোৱালীজনীক এজনে এখন ক'লা কাপোৰেৰে দুই চকু বান্ধি দিছে।

চকু বন্ধাৰ পাছতো চুলিত ধৰি আকৌ শাৰীৰিক অত্যাচাৰ চলিছে ছোৱালীজনীৰ ওপৰত। বন্দুকৰ কোন্দাৰে তাইৰ পিঠিত প্ৰহাৰ কৰা হৈছে। এজনে তাইৰ হাতত থকা হেণ্ডকাফ খুলি দি তাইক ৰাজপথৰ মাজলৈ লৈ গৈ আঁঠু কাঢ়িব দিছে।

দুই হাতে মূৰ ধৰি আঁঠু কাঢ়ি আহিছে ছোৱালীজনী। তাৰ পাছত নিৰ্দেশ। এজন ব্যস্ত ভিডিঅ' কৰাত। এই আক্ৰমণ চলোৱাসকলৰ মুখত ক'লা কাপোৰ। আঁঠু কাঢ়ি থকা ছোৱালীজনীক প্ৰচণ্ড জোৰেৰে এটা গোৰ সোধালে আন এজনে।

ৰাষ্টাত উফাল খাই পৰা ছোৱালীজনীক আন এজনে আহি তুলি ধৰি পুনৰ আগৰ দৰে আঁঠু কাঢ়ি থাকিবলৈ দিলে। কি বিভৎস্য হ'ব পাৰে সেই দৃশ্য? তাৰ পাছত কেইটামান মুহূৰ্ত। ছোৱালীজনীৰ কাষেদি এখন মটৰ চাইকেলত পাৰহৈ যোৱা এজন আৰোহীয়ে সেই সকলো দেখিও নেদেখাৰ ভাও ধৰি অতিক্ৰম কৰি গৈছে সেই ঠাই।

তাৰ পাছত কাউণ্ট ডাউন। এটাৰ গুলীৰ শব্দ। পিছফালৰ পৰা ছোৱালীজনীৰ মূৰত গুলীয়াই দিয়া হ'ল। নিথৰ দেহলৈ ৰূপান্তৰ হোৱা সেই ছোৱালীজনীৰ ওপৰত চলা অত্যাচাৰ তাতেই শেষ নহ'ল। মৃত্যুৰ পাছতো চলিল আৰু ৪ টা গুলী।

ছোৱালীজনীৰ মূৰলৈ লক্ষ্য কৰি চলোৱা এই গুলীত তাইৰ মূৰটো ৰাজপথৰ ধুলিৰ সৈতে মিলি গ'ল সৰু সৰু টুকুৰা হৈ। বহুতে এই ভিডিঅ'টো মণিপুৰৰ বুলি উল্লেখ কৰি ৰাজ্যখনৰ পৰিস্থিতি কি ভয়াৱহ তাক উদঙাই দিব খোজিছে।

কিন্তু সেই ভিডিঅ'টো প্ৰকৃততে মণিপুৰৰ নহয়। ২০২২ চনৰ জুনৰ ভিডিঅ' সেইটো। ম্যানমাৰৰ আছিল এই ভিডিঅ'টো। ভিডিঅ'টোত থকা ছোৱালীজনীৰ নাম আয়ে মাৰ টুন। ২৪ বছৰীয়া এই ছোৱালীজনী বৃত্তিত আছিল শিক্ষক।

ম্যানমাৰৰ চিভিল ডিফেন্স ম'ভমেণ্টত অংশ লৈছিল তেওঁ। এই কাণ্ড সংঘটিত হৈছিল ম্যানমাৰৰ টামো নামৰ চহৰখনত। টামোৰ জিলাৰ জুণ্টা বিৰোধী পিপলছ ডিফেন্স ফ'ৰ্চৰ ৪ বেটেলিয়নে এই হত্যাকাণ্ড সংঘটিত কৰিছিল।

যিটো ঘটনাৰ তদন্ত দিছিল ম্যানমাৰৰ নেশ্যনেল ইউনিটি গভৰ্মেণ্টে। এই ভিডিঅ'ৰ সৈতে মণিপুৰৰ সম্পৰ্ক নাই। কিন্তু মণিপুৰত ইয়াতকৈ ভয়াৱহ ঘটনা সংঘটিত হৈ আছে।

মণিপুৰৰ ৰাজনৈতিক দলৰ এটা সজাতি দলে প্ৰধানমন্ত্ৰীক সাক্ষাতৰ বাবে দিল্লীলৈ গৈছিল। সেই সকলকো সাক্ষাৎ দিবলৈ আঁজৰি নাই বিদেশ ভ্ৰমণলৈ যাবলৈ সাজু হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।

মন কি বাতৰ কথা কোৱা প্ৰধানমন্ত্ৰী মোডীক মণিপুৰৰ ৰাইজে আহ্বান জনাবলগীয়া হৈছে মণিপুৰ কি বাত কওক। ৰাজপথত ৰেডিঅ' ভাঙি ক্ষুদ্ৰ জনতাই প্ৰতিবাদ কৰিছে। দুদিন মানৰ বাবে মণিপুৰলৈ আহি পাৰস্পৰিক সংঘৰ্ষত লিপ্ত হোৱা মণিপুৰৰ কিছু জাতীয় সংগঠনৰ নেতৃত্বৰ সৈতে কথা পাতি উভতি গ'ল গৃহমন্ত্ৰী অমিত শ্বাহ।

গোষ্ঠীগত এই সংঘৰ্ষত অগ্নিগৰ্ভ হৈ পৰা মণিপুৰৰ পৰিস্থিতি লিবিয়া, নাইজেৰীয়া, চিৰিয়াতকৈ বেয়া বুলি প্ৰাক্তন সেনা বিষয়াই টুইট কৰিছে। গৃহযুদ্ধ সদৃশ এই পৰিস্থিতিৰ পৰা মণিপুৰক উদ্ধাৰ কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে।

অৱসৰপ্ৰাপ্ত সেনা বিষয়া লেফেটেনেণ্ট জেনেৰেল এল লিচিকাণ্ট সিঙে লিখিবলৈ বাধ্য হৈছে, নিজৰ তেজেৰে ফাঁকু খেলিবলৈ মণিপুৰক এৰি দিয়া হৈছে। কোনোবাই মণিপুৰলৈ মন দিছেনে বুলি প্ৰশ্ন কৰিছে।

আনকি ভাৰতীয় সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত সেনাধ্যক্ষ বেদপ্ৰকাশ মালিকে কৈছে, মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে অতি জৰুৰীভাৱে ৰাজ্যখনক গুৰুত্ব দিয়াৰ প্ৰয়োজন হৈছে। ইমানৰ পাছতো কিয় মণিপুৰক লৈ চিন্তিত হোৱা নাই নতুন দিল্লী?

এই পৰিস্থিতি সৃষ্টি হোৱাৰ আঁৰত যিবোৰ কাৰক আছে সেই কাৰকবোৰ সাম্প্ৰদায়িক আৰু ৰাজনৈতিক তথা ধৰ্মীয় দৃষ্টি ভংগীৰে জড়িত। মণিপুৰৰ ৰাজধানী চহৰ ইম্ফলত কোনো কুকি লোক বসবাস কৰিব পৰা অৱস্থা নাই। একেদৰে পাহাৰীয়া অঞ্চলসমূহত কুকি লোকসকলক প্ৰভাৱ বেছি।

পৰস্পৰে পৰস্পৰক দোষাৰোপ কৰি মূলতঃ কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজৰ এই যুঁজখন অন্ত পেলাব পৰা কোনো পথেই নাই নেকি চৰকাৰৰ হাতত ? দুয়ো পক্ষই যুদ্ধংদেহি মনোভাৱেৰে পৰস্পৰৰৰ বিৰুদ্ধে নামি পৰিছে।

দোষ কোনো এটা পক্ষৰ বুলি ক'ব নোৱাৰি। থানাৰ অস্ত্ৰাগাৰ ভাঙি মাৰণাস্ত্ৰ লৈ গৈছে মানুহে। মন্ত্ৰী, ৰাজনৈতিক নেতাৰ বাসগৃহ জ্বলাই দিয়া হৈছে। এম্বুলেঞ্চলত গৈ থকা অৱস্থাত ৭ বছৰীয়া শিশুসহ মহিলাক জ্বলাই হত্যা কৰা হৈছে।

৩ মে' ২০২৩ ত আৰম্ভ হোৱা এই সংঘৰ্ষৰ জুই বাঢ়ি গৈয়ে আছে। ১০০ ৰো অধিক লোকৰ মৃত্যু হৈছে। লক্ষাধিক লোক গৃহহাৰা হৈছে। পৰিস্থিতি এতিয়া এনে পাইছেগৈ যে, কুকি এলেকাত মেইটেই আৰু মেইটেই এলেকাত কুকি লোক থাকিব নোৱাৰে।

মণিপুৰৰ শ শ গীৰ্জা ভাঙি পেলোৱাৰ অভিযোগ উঠিছে। সমান্তৰাল ভাৱে পাহাৰীয়া অঞ্চলসমূহত অনুপ্ৰৱেশকাৰী আৰু কুকি সন্ত্ৰাসবাদীয়ে মেইটেইসকলৰ ওপৰত আক্ৰমণ চলোৱাৰ প্ৰতি অভিযোগ আছে।

এখন নিৰ্বাচিত চৰকাৰ থকাৰ পাছতো মণিপুৰৰ বাবে এই সময় অতিকৈ কঠিন সময়। যোৱা বিধানসভাৰ নিৰ্বাচনত কুকি উগ্ৰপন্থীৰ সৈতে বিজেপিৰ অলিখিত চুক্তিৰ তথ্যও পোহৰলৈ অহাত ইও জটিলতা বঢ়াইছে।

কুকি মানেই বিজেপি এই ধাৰণা গঢ়লৈ উঠিছে। আক্ৰমণৰ বলি হোৱা কুকি লোকসকলে ৰাজ্যখনৰ চিকিৎসালয়ত চিকিৎসা ল'ব পৰা পৰিৱেশ নোহোৱা হৈছে। খাদ্যৰ পৰা আৰম্ভ কৰি সকলো সমস্যাত ভাৰাক্ৰান্ত মণিপুৰ এতিয়া।

এই পৰিস্থিতিৰ পিছতো দিল্লী শুই আছে। মূল সুঁতিৰ সংবাদ মাধ্যমে মণিপুৰ অশান্ত হৈ আছে বুলি কৈয়েই দায়িত্ব সামৰিছে। এনেকৈ আৰু কিমান দিন মণিপুৰক নিজৰ মাজতে তেজৰ ফাঁকু খেলিবলৈ এৰি দিয়া হ'ব? সেই প্ৰশ্ন এতিয়া উত্তৰ পূৰ্বাঞ্চলবাসীয়ে সমস্বৰে কৰিবলগীয়া হৈছে।

এটা ভয়াৱহ ভিডিঅ' আৰু মণিপুৰ...
আছুৰ অভিনন্দন অনুষ্ঠানত দিলীপ বৰা আৰু শংকৰজ্যোতি বৰুৱাৰ মাজত কিয় হৈছিল বাকযুদ্ধ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in