/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/f139d0c1-9b5c-436e-b462-2233ad77a40e/JP_Nadda.jpg)
ডিজিটেল ডেস্ক : দেওবাৰে শিৱসাগৰত বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নাড্ডা। শিৱসাগৰৰ আমগুৰি সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় সভাপতিগৰাকী উপস্থিতি হৈ অংশ ল'লে ৰাজহুৱা সভাত। ২০২৪ নিৰ্বাচনীৰ বাবে ৰণশিঙা বজালে সভাপতিগৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/6ab12d39-ade2-4c03-884c-47540a31fa4a/0ee04e84_64f3_4477_a006_accca64f3499.jpg)
ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই আদৰণি ভাষণ প্ৰদান কৰা উক্ত সভাত কেন্দ্ৰীয় সভাপতিগৰাকীয়ে ২০২৪ চনৰ নিৰ্বাচনীৰ ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীৰ নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় চৰকাৰৰ ৯ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে দেশজুৰি অনুষ্ঠিত হোৱা মহা জনসম্পৰ্ক অভিযানৰ অংশৰূপে এই জনসভাত উপস্থিত থাকে বিজেপিৰ কেন্দ্ৰীয় সভাপতিগৰাকী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/9a8801ea-8b77-4d9a-943d-1efb5de81ae8/9dde4aaf_d90a_4c3b_8d1c_a3a08e848313.jpg)
আমগুৰি সমষ্টিৰ অধীনৰ চাৰিং দুৰ্ল্লভ চন্দ্ৰ গগৈ জকাইচুক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয় এই মহাজনসম্পৰ্ক সভা। উক্ত অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু, বিধায়ক তৰংগ গগৈ, সাংসদ তপন গগৈ তথা বিজেপিৰ নেতা-কৰ্মী। চৰকাৰৰ এই মহা জনসম্পৰ্ক অভিযানৰ ৰাজহুৱা সভাত বিভিন্ন পৰ্যায়ৰ লোক আহি উপস্থিত হোৱা দেখা গৈছিল যদিও প্ৰতিকূল বতৰৰ বাবে পিছলৈ ঘৰমুৱা হয় লোকসকল। উল্লেখ্য যে, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে যোৰহাটৰ তৰাজানতো উপস্থিত হয়।
Also Read: প্ৰকৃতিৰ খং; সাৱধান হওঁক...