চৰাইদেউ সোণাৰিত বিহুৰ চূড়ান্ত আখৰা সম্পন্ন...

বিহুক গীনিছ বুক অফ ৱৰ্ল্ডত অন্তভুক্তিৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিহুৱা-বিহুৱতীয়ে প্ৰস্তুতি চলাই আছে । অহা ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত সুবিশাল বিহু নৃত্য প্ৰদৰ্শন কৰিব অসমীয় ডেকা গাভৰুৱে
 বিহুৰ আখৰা সম্পন্ন
বিহুৰ আখৰা সম্পন্ন
Published on
Updated on

ডিজিটেল সংবাদ, চৰাইদেউঃ বিহুক গীনিছ বুক অফ ৱৰ্ল্ডত অন্তভুক্তিৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিহুৱা-বিহুৱতীয়ে প্ৰস্তুতি চলাই আছে । অহা ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত সুবিশাল বিহু নৃত্য প্ৰদৰ্শন কৰিব অসমীয় ডেকা গাভৰুৱে ।

এই লক্ষ্যৰে সাজু হোৱা চৰাইদেউ জিলাৰ নিৰ্বাচিত বিহুৱা বিহুৱতীৰ দলটিও । শনিবাৰে সোণাৰি ৰাজহুৱা খেলপথাৰত বিহুৰ চুড়ান্ত আখৰাত অংশগ্ৰহণ কৰে যুৱক যুৱতীসকলে ।

এই অনুষ্ঠানত অসম চৰকাৰৰ দ্বাৰা নিয়োজিত মাননীয় ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আদি উপস্থিত থাকি অনুষ্ঠানটি পৰ্যবেক্ষণ কৰে।

 বিহুৰ আখৰা সম্পন্ন
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সঞ্চালকৰ মণিয়েৰী তিনিআলি ৰাজ্যিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in