/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/73dc8f1c-9ef9-434e-a2b0-17e824859ae1/moriyani.jpg)
মণিয়েৰী স্বাস্থ্য সেৱা উৎসৱ
ডিজিটেল সংবাদ, পলাশবাৰীঃ চলিত মাহৰ পৰা ৰাজ্যত আৰম্ভ হৈছে স্বাস্থ্য সেৱা উৎসৱ । অসমৰ চৰকাৰৰ নিৰ্দেশ মৰ্মে সমগ্র ৰাজ্যত ৬,৭ আৰু ৮ এপ্ৰিললৈ চলিব এই স্বাস্থ্য সেৱা উৎসৱ । এই উৎসৱত অসমৰ স্বাস্থ্য সেৱা কেনেধৰণে চলিছে সেয়া পৰ্যবেক্ষণ কৰিবৰ বাবে উচ্চপদস্থ প্ৰশাসনিক বিষয়াৰ লগতে স্বাস্থ্যবিষয়াক নিৰ্দেশ দিছে চৰকাৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/8b65bd4b-10ce-4e47-805f-dd76f9b3d780/bbf5f50d_32b2_4f09_b2a9_c1fd7d72fb31.jpg)
প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত অসমৰ ১,২৫২ খন স্বাস্থ্য প্ৰতিষ্ঠান সামৰি লোৱা হৈছে । মুখ্যমন্ত্ৰীৰ এই নির্দেশ মৰ্মে ৬ এপ্ৰিলৰ পৰা অভিজ্ঞ স্বাস্থ্য বিষয়া সকলে বিভিন্ন স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰাৰ পিছত শনিবাৰে পলাশবাৰীৰ মণিয়েৰী তিনিআলি ৰাজ্যিক স্বাস্থ্য কেন্দ্ৰতো পৰিদৰ্শন কৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ সঞ্চালক ডঃ লক্ষ্মী প্রিয়াই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/a068fe56-a524-4ee8-9f5c-021592ef4bef/8c4087e5_38ee_4a97_9cc1_24b153a9f814.jpg)
স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ স্বাস্থ্য সেৱাৰ বিষয়ে বুজ লোৱাৰ উপৰিও কেন্দ্ৰটিৰ সকলো দিশ পৰিদৰ্শন কৰে সঞ্চালকগৰাকীয়ে ।অসমৰ স্বাস্থ্য সেৱা কেনেদৰে চলিছে চিকিৎসালয় খন অসুবিধা কি কি আছে সেই সকলোবোৰ পৰ্যবেক্ষণ কৰে বিষয়া গৰাকীয়ে । ইয়াৰ দ্বাৰা চিকিৎসালয় সমূহত প্ৰায়ে হৈ থকা বিভিন্ন সমস্যা সমুহ দূৰ হব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে পৰ্যবেক্ষক গৰাকীয়ে ।
Also Read: ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীৰ মহানুভৱতা...