/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/0edf6df0-73a5-40a6-a82e-bb746faee20f/RANGGHAR_16.jpg)
পহিলা মাঘত জনগোষ্ঠীয় গীত-নৃত্য, পৰম্পৰাগত খেল-ধেমালিৰে উজ্জীৱিত স্বৰ্গদেউৰ চোতাল
ডিজিটেল সংবাদ শিৱসাগৰঃ পৰাক্ৰমী জাতি আহোমৰ ৬০০ বছৰীয়া ৰাজত্ব কালৰ সোণোৱালী স্বাক্ষৰ বহন কৰি থকা ইতিহাস প্ৰসিদ্ধ ৰংঘৰত আজি পহিলা মাঘৰ দিনা অনুষ্ঠিত হয় ৰংপুৰ মেলা ৷ আজি লাইলুংখাম নৃত্যৰে শুভাৰম্ভ হোৱা ৰংপুৰ মেলাক প্ৰাণৱন্ত কৰি তুলে বিভিন্ন জাতি-জনগোষ্ঠীৰ গীত-নৃত্যৰ লগতে হেৰাই যোৱা পৰম্পৰাগত খেল-ধেমালিয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/3496bd11-f7bd-4298-9642-57168d91f12f/c8a97fda_2ef9_4dad_9bfa_1c695740cb9c.jpg)
তিৱা জনগোষ্ঠীয়সকলৰ লালিলাং নৃত্য, বৰত নৃত্য,হুচৰি, টাই নৃত্য ক্ৰমে লাইলুংখাম আৰু ময়ুৰ নৃত্য, মিচিং জনগোষ্ঠীৰ নৃত্যকে ধৰি বিভিন্ন জাতি- জনগোষ্ঠীয় নৃত্যৰে জীপাল হ’ল স্বৰ্গদেউৰ চোতাল। ৰংপুৰ মেলাত বিভিন্ন জাতি-জনগোষ্ঠীসকলৰ মাজৰ পৰা হেৰাই যাব ধৰা অধুনালুপ্ত ৰছীটনা, পিছল খুঁটাত বগোৱা, টেকেলি ভঙা,মল্লযুজ আদি বিভিন্ন খেল ধেমালি অনুষ্ঠিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/1c596163-8054-4028-96b5-fcb83cfcc539/66c5c1db_636e_4f27_859c_6888e77174bb.jpg)
উল্লেখ্য যে পূৰ্বৰ পৰম্পৰাক উজ্জীৱিত কৰাৰ মানসেৰে টাই আহোম যুৱ পৰিষদ অসম, শিৱসাগৰ জিলা সমিতি আৰু ৰংপুৰ মেলাৰ আয়োজক সমিতিৰ যুটীয়া উদ্যোগত এইবাৰ চতুৰ্দশ বৰ্ষৰ বাবে ৰংপুৰ মেলাৰ আয়োজন কৰে। ৰংপুৰ মেলাৰ আয়োজক সমিতিৰ সভাপতি দিগন্ত তামুলীয়ে পতাকা উত্তোলনেৰে শুভাৰাম্ভ কৰা অনুষ্ঠানটোৰ মৈদাম তৰ্পণ কৰে সম্পাদক সুৰজ গগৈ, যুটীয়া সম্পাদকদ্বয় জয়ন্ত বৰগোহাঁই আৰু নীলিম চেতিয়াই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/227669ec-f88f-497b-96ad-a1bfca204415/33b8d368_bc17_483b_b3b6_77562aadbf38.jpg)
ইয়াৰ পিছতেই বিভিন্ন প্ৰতিযোগিতা আৰু গীত-নৃত্যৰে জীপাল হোৱা অনুষ্ঠানটোৰ মাজতেই অনুষ্ঠিত হোৱা মুকলি সভাত সুৰজ গগৈ আৰু জয়ন্ত বৰগোহাঁঞিয়ে আঁত ধৰে ৷ অনুষ্ঠানত ৰংপুৰ মেলা আয়োজক সমিতিৰ সভাপতি দিগন্ত তামুলীয়ে আদৰণি ভাষণ প্ৰদান কৰি কয় যে, চাওলুং চ্যুকাফাৰ আদৰ্শৰে অসমবাসীক সমন্বয়-সম্প্রীতি আৰু একতাৰ ভাৱ- চিন্তাবোৰক পুনৰ উদ্ধাৰৰ প্ৰচেষ্টা হাতত ল'ব লাগে বুলি আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/68968492-e3d2-480e-9d95-7182f118b564/332bbae9_3f12_4266_84ac_c38062d18d06.jpg)
মুকলি সভাত ৰংপুৰ মেলাৰ লগত সংগতি ৰাখি সাংবাদিক জয়জ্যোতি গগৈ আৰু প্ৰদীপ গগৈৰ যুটীয়া সম্পাদনাত প্ৰকাশ পোৱা স্মৃতিগ্ৰন্থ ‘চেমুন’ উন্মোচন কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে। উন্মোচনী ভাষণত গগৈয়ে ৰংঘৰক সংস্কৃতি-সমন্বয়ৰ প্ৰতীক বুলি উল্লেখ কৰি তেখেতে ৰূপহীৰ বুকুত অতি শীঘ্ৰে ৰংঘৰৰ প্ৰকল্পৰ কাম আৰম্ভ হব বুলি উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/83ecddea-a744-4c1e-882e-35afdd1949ad/d602b4bf_655e_4257_8a35_4cd51f809050.jpg)
অনুষ্ঠানত উপস্থিত থাকি আছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য সমীৰণ ফুকন, অসমীয়া যুৱ মঞ্চৰ সভাপতি যাদৱ গগৈ, আটাছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি দেৱজিত গগৈ, কেন্দ্ৰীয় টাইপাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ভৃগু হাতীমূৰীয়া, আহোম সেনাৰ অংকুৰণ ফুকন, অসমীয়া যুৱ মঞ্চৰ বিষ্ণু শইকীয়া, মহিলা মঞ্চৰ পাপৰি ফুকন, ব্যৱসায়ী হৰিপ্ৰসন্ন হাজৰিকা, মানসপ্ৰতীম গগৈকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে শুভেচ্ছামূলক বক্তব্যত সাম্প্রতিক সময়ত এনে মেলাৰ প্ৰাসংগিকতা আছে বুলি উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/b1f28280-2ed5-4bdd-bb1b-4bb190fe2852/0b906c0d_89a1_4649_9cb7_2d5d913690a0.jpg)
ইফালে সন্ধিয়া ঐতিহাসিক ৰংঘৰত বন্তি প্ৰজ্বলন কৰে টাইপাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি দীপক চেতিয়া আৰু যুটীয়া সম্পাদক সৌৰভ নেওগে। ইয়াৰ পিছতেই অসমৰ কেইবাগৰাকী জনপ্ৰিয় শিল্পীয়ে গীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। আনহাতে চৰকাৰে এইবাৰ মহযুঁজ অনুষ্ঠিত কৰিব পাৰিব বুলি ঘোষণা কৰাৰ পিছতেই আজি ৰংঘৰৰ ৰূপহী পথাৰত ছয়যোৰ গোনা মহৰ মাজত যুঁজৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/66124a89-93a1-416f-9d34-b616742c3ca9/33eb7952_49cd_41c0_a440_985bee2ab54d.jpg)
Also Read: কাছাৰৰ ছিংগেৰবন্দত হেৰ'ইন আৰু দুটা বন্দুকসহ দুজনক গ্ৰেপ্তাৰ...