কাছাৰৰ ছিংগেৰবন্দত হেৰ'ইন আৰু দুটা বন্দুকসহ দুজনক গ্ৰেপ্তাৰ...

কাছাৰৰ ছিংগেৰবন্দত হেৰ'ইন আৰু দুটা বন্দুকসহ দুজনক গ্ৰেপ্তাৰ...

author-image
Asomiya Pratidin
New Update
কাছাৰৰ ছিংগেৰবন্দত হেৰ'ইন আৰু দুটা বন্দুকসহ দুজনক গ্ৰেপ্তাৰ...

কাছাৰৰ ছিংগেৰবন্দত হেৰ'ইন আৰু দুটা বন্দুকসহ দুজনক গ্ৰেপ্তাৰ...

ডিজিটেল সংবাদ শিলচৰ: নিষিদ্ধ ড্ৰাগছৰ‌ বিৰুদ্ধে অভিযান চলাই কাছাৰ আৰক্ষীয়ে বুজন পৰিমাণৰ হেৰ'ইনসহ দুজন ড্ৰাগছ বিক্ৰেতাক গ্ৰেপ্তাৰ কৰিছে। গোপন তথ্যৰ ভিত্তিত সোমবাৰে চিআৰপি আৰু বাচকান্দি‌ আৰক্ষীয়ে ‌অভিযান চলাই নয়াগ্ৰাম ছিংগেৰবন্দ দ্বিতীয় খণ্ডৰ পৰা জব্দ কৰে হেৰ'ইনখিনি।

Advertisment

আতাবুৰ ৰহমান লস্কৰ আৰু আলিফ হুছেইন লস্কৰৰ‌ ঘৰত তালাচী চলাই আৰক্ষীয়ে ছয়টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ আৰু ১৬টা প্লাষ্টিকৰ কন্টেইনাৰ জব্দ কৰে।‌ জব্দকৃত হেৰ'ইনৰ ওজন ৪১১ গ্ৰাম বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

তালাচীৰ সময়ত দুটা হস্ত নিৰ্মিত বন্দুকো উদ্ধাৰ কৰা হয়। নিষিদ্ধ ড্ৰাগছ আৰু মাৰণাস্ত্ৰ মজুত কৰি ৰখাৰ অভিযোগত আৰক্ষীয়ে আতাবুৰ ৰহমান আৰু আলিফ হুছেইনক গ্ৰেপ্তাৰ কৰিছে। আজি দুয়োজনকে আদালতত হাজিৰ কৰোৱাৰ পাছত আদালতে তেওঁ লোকক জে'ল হাজোতলৈ প্ৰেৰণ কৰে।

Also Read: ড০ কিষাণ চান নৰিয়াললৈ অসম সৌৰভ বঁটা...

ড্ৰাগছ সৰবৰাহকাৰী কাছাৰ