/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/68c99c33-bee3-4f1b-8ad6-342846fc2e9a/324.jpg)
ডিজিটেল সংবাদ,শিৱসাগৰ : শিৱসাগৰৰ সন্তান বৰ্ণিল আকাশ চাংমাইয়ে দেওবাৰে পুৱা চীন দেশত অনুষ্ঠিত বেডমিণ্টন এছিয়া ১৭ আৰু ১৫ অনুৰ্দ্ধৰ জুনিয়ৰ চূড়ান্ত খেলত অৱতীৰ্ণ হ’ব ৷ উল্লেখ্য যে বৰ্ণিলে ভাৰতক প্ৰতিনিধিত্ব কৰি দেওবাৰে পুৱা ৯-৩০ বজাত চীনৰ চংডুত চূড়ান্ত খেলত চীনৰ ফান হাংৰ লগত প্ৰতিদ্বন্বিতা আহবঢ়াব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/08a4bba6-f915-41db-acc1-0d0bd64113ef/dafd9295_e848_4e8a_ba2f_7304ca4e4464.jpg)
বৰ্ণিলে ১৫ বছৰৰ অনুৰ্দ্ধৰ শাখাত প্ৰতিযোগিতাত ভাগ ল'ব ৷ ভাৰতৰ আন এগৰাকী খেলুৱৈ তনবী শৰ্মাই ৱাই কেটকিলিঙৰ লগত ১৭ বছৰ অনুৰ্দ্ধ শাখাত প্ৰতিদ্বন্বিতা আগবঢ়াব বুলি জানিবলৈ দিয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/3751d78f-140e-4af9-8f23-9cba5f346cf5/872a663c_062a_4b54_a801_2a19b2011892.jpg)
ভাৰতৰ দুয়োগৰাকী খেলুৱৈৰ পদক ইতিপূৰ্বে নিশ্চিত হৈছে ৷ উল্লেখ্য যে শিৱসাগৰ চহৰৰ এটা ভাড়াঘৰত থকা বৰ্ণিলৰ প্ৰকৃত ঘৰ যোৰহাট জিলাৰ কাকজানত ৷ বৰ্ণিলৰ এই সফলতাক কেন্দ্ৰ কৰি শিৱসাগৰৰ জনসাধাৰণ উৎফুল্লিত হৈ পৰিছে ৷ আজি নিশাটো পাৰ হ’লেই ভাৰত তথা অসমলৈ ভাল খবৰ অহাটো নিশ্চিত ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/e0315b93-dc41-4961-8ae2-abfd0253d4f5/cc1eb78f_e3eb_48f3_b5c3_808858620307.jpg)
Also Read: জোনাইত অব্যাহত চোৰাং কাঠৰ সৰবৰাহ