ডিজিটেল সংবাদ,মথুৰাপুৰঃ চৰাইদেউ জিলাৰ মথুৰাপুৰ এটা অঞ্চলৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত ভুগিছে দুৰ্ভোগ। দীৰ্ঘ সময় ধৰি বোকাময় পথেৰে আহ-যাহ কৰিব লগা হৈছিল মথুৰাপুৰ নিমনাগড় গাঁও পঞ্চায়ত এলেকাৰ জংঘল কোঁৱৰ ১নং ৱাৰ্ডৰ ৰাইজে। বাৰম্বাৰ এই পথছোৱা মেৰামতিৰ বাবে আবেদন নিবেদন কৰাৰ পিছতো নাপালে সুফল।
জনপ্ৰতিনিধিলৈ ৰৈ নাথাকি অৱশেষত গাঁওখনৰ সমাজ সচেতন লোকসকলে একত্ৰিত হৈ নিজৰ গাঁথিৰ ধন খৰচ কৰি হাতে-হাতে কোৰ বেলচা লৈ শ্ৰমদানেৰে পথ মেৰামতি কৰে৷ সামান্য এজাক বৰষুণতে পথটোৰে যাতায়াতৰ নামত যমৰ যাতনা সহিবলগীয়া হৈছিল অঞ্চলটোৰ ৰাইজে।
উল্লেখ্য যে, বাৰিষাৰ দিনকেইটাত এই পথটোৰ দুৰৱস্থাৰ ফলত প্ৰতি বছৰে স্কুলীয়া শিক্ষাৰ্থীকে ধৰি পথচাৰীয়ে জীয়াতু ভুগিবলগীয়া হয়। বিভাগীয় কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধিক অঞ্চলটোৰ সমস্যাৰ প্ৰতি গুৰুত্ব প্ৰদানৰ আহ্বান ভুক্তভোগী ৰাইজৰ ।