সু-সাহিত্যিক নীলমণি মহন্ত লৈ 'ডম্বৰু কাকতি সোঁৱৰণী সাহিত্য বঁটা'

অন্যতম পুৰুধা ব্যক্তি নীলমণি মহন্তক শিৱসাগৰ জিলা সাহিত্য সভাই অধ্যাপক ডম্বৰু কাকতি সোঁৱৰণী সাহিত্য বঁটা প্ৰদান কৰে।

author-image
Asomiya Pratidin
New Update
সু-সাহিত্যিক নীলমণি মহন্ত লৈ 'ডম্বৰু কাকতি সোঁৱৰণী সাহিত্য বঁটা'

ডিজিটেল সংবাদ, শিৱসাগৰঃ অন্যতম পুৰুধা ব্যক্তি নীলমণি মহন্তক শিৱসাগৰ জিলা সাহিত্য সভাই অধ্যাপক ডম্বৰু কাকতি সোঁৱৰণী সাহিত্য বঁটা প্ৰদান কৰে। শিৱসাগৰৰ সমাজ জীৱনৰ বিশিষ্ট ব্যক্তি, আজীৱন সাহিত্যসেৱী, কেইবাখনো উৎকৃষ্ট গ্ৰন্থ,একাধিক জীৱনী গ্ৰন্থ আৰু ইংৰাজী সাহিত্যৰ পাঠপুথি ৰচনা কৰি সাহিত্য জগতত নাম খোদিত কৰা নীলমণি মহন্তক দেওবাৰে প্ৰদান কৰা হয় এই বঁটা ৷

Advertisment

চাৰিঙৰ যতীন্দ্ৰ নাথ দুৱৰা ক্ষেত্ৰ বেণুবনত কালিৰে পৰা অনুষ্ঠিত হোৱা শিৱসাগৰ জিলা সাহিত্য সভাৰ একবিংশতিতম অধিবেশনৰ আজিৰ মুকলি সভাত শিৱসাগৰৰ বিশিষ্ট সাহিত্যিক গৰাকীক এই বঁটা প্ৰদান কৰা হয়৷ শিৱসাগৰ জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ড°নিৰুপমা মহন্তৰ সভাপতিত্বত অনুস্থিত মুকলি সভাত সাহিত্যাচাৰ্য নাহেন্দ্ৰ পাদুনে মহন্তক এখন ফুলাম গামোছা,চেলেং,এটা সৰুদৈয়া জাপি,এটি স্মাৰক,এখন সম্বৰ্ধনা পত্ৰ আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনায়৷ স্মৰ্তব্য যে বিশিষ্ট সাহিত্যিক নীলমণি মহন্ত শিৱসাগৰ চৰকাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আছিল৷

আৰু পঢ়ক: জাতিৰ হকে মাত মাতিলে যদি মই সাম্প্ৰদায়িক,তেন্তে হয় মইঃ আজমল

award