জাতিৰ হকে মাত মাতিলে যদি মই সাম্প্ৰদায়িক,তেন্তে হয় মইঃ আজমল

কামৰূপ জিলাৰ বকো সমষ্টিৰ সোণতলীত দেওবাৰে দক্ষিণ কামৰূপ এ আই ইউ ডি এফ দলৰ উদ্যোগত আৰু বকো সমষ্টি কমিটিৰ সহযোগত বিশাল গন সমাবেশ আৰু যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।
জাতিৰ হকে মাত মাতিলে যদি মই সাম্প্ৰদায়িক,তেন্তে হয় মইঃ আজমল

ডিজিটেল সংবাদ,ছমৰীয়াঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ সোণতলীত দেওবাৰে দক্ষিণ কামৰূপ এ আই ইউ ডি এফ দলৰ উদ্যোগত আৰু বকো সমষ্টি কমিটিৰ সহযোগত বিশাল গন সমাবেশ আৰু যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।চৰাঞ্চলৰ ভূমিৰ পট্টা,এন আৰ চি,ডি-ভোটাৰ আৰু গৰাখহনীয়া সমস্যা সমাধানৰ দাবীত আয়োজন কৰা হয় এই বিশাল গণ সমাবেশৰ।

সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰ প্ৰাঙ্গনত দক্ষিণ কামৰূপ জিলা সমিতিৰ সভাপতি কালিন্দ্ৰ ডেকাৰ পৌৰহিত্যত আৰু মীৰ ছফিকুল ইচলামে আঁত ধৰা গণ সমাবেশত হজৰত মৌলানা বদৰুদ্দিন আজমল আল কাচিমীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। নিজৰ ভাষণত তেওঁ কয় যে,মই যদি আমাৰ জাতিৰ হকে মাত মাতিলে মই সাম্প্ৰদায়িক হও তেন্তে মই বাৰে বাৰে কম হয় মই সাম্প্ৰদায়িক।মই যদি সাম্প্ৰদায়িক হওঁ তেন্তে ৰাভা, বড়ো,তিৱা আৰু অন্যান্য সকলো সাম্প্ৰদায়িক হ'ব লাগিব‌।

কাৰণ তেওঁলোকেও নিজৰ নিজৰ জাতিৰ উন্নতিৰ হকে মাত মাতি আছে।নিজৰ অধিকাৰৰ বাবে আন্দোলন কৰি আছে।প্ৰকৃততে চৰকাৰে অসমৰ এইসকল লোকৰ বাবে কোনো কাম নকৰি অমানৱীয়ভাবে দুখীয়া দৰিদ্ৰ সংখ্যালঘু সকলক এই ঠাণ্ডাৰ মাজত উচ্ছেদ চলালে। তেওঁ আৰু কয় যে,আমাৰ সংখ্যালঘু লোকক চৰকাৰে কোনো ধৰণৰ চাকৰি দিব নালাগে,আমাক দিয়ক কেৱল শিক্ষা আৰু শিক্ষা প্ৰতিষ্ঠান,ৰাস্তা ঘাট, আৰু সাংবিধানিক অধিকাৰ।

সভাত এ আই ইউ ডি এফ দলৰ যুৱ মৰ্চাৰ সভাপতি জেহেৰুল ইচলামে নিজৰ ভাষণত কয় যে,কংগ্ৰেছ দলে অসমৰ সংখ্যালঘু জনসাধাৰণৰ মাজত এক মাৰাত্মক ব্যাধি হিচাপে দেখা দিয়া কাৰণ ভূমিৰ পট্টা,খহনীয়া সমস্যা সমাধান নকৰা,এন আৰ চি সম্পূৰ্ণ নকৰা,সংখ্যালঘু অঞ্চলত উচ্চ শিক্ষা গ্ৰহণৰ ব্যৱস্থা নকৰা,এই অঞ্চল সমূহত চলি থকা চৰকাৰী বিদ্যালয় সমূহত পৰ্যাপ্ত শিক্ষকৰ ব্যৱস্থা নকৰাত ৰাজনৈতিক মুনাফা আদায়ৰ এক প্ৰণালী আছিল।লগতে বিজেপিয়ে মুক্তভাৱে সংখ্যালঘু লোক সকলকহে আইনী ভাৱে উচ্ছেদ চলাই লোক সকলক নিঠৰুৱা কৰিবলৈ চেষ্টা চলাই আছে।

তেওঁ কয় যে অসমত কংগ্ৰেছ আৰু বিজেপি একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি।কাৰণ দুয়োটা দলে অসমত এই সকল সংখ্যালঘু লোকৰ সমস্যা সমূহ জীয়াই ৰাখি ৰাজনীতি কৰি গৈ আছে।

লগতে সভাত অতিথি হিচাপে উপস্থিত হৈ ভাষণত হাইলাকান্দিৰ বিধায়ক লস্কৰে কয় যে বিজেপি চৰকাৰৰ বে-আইনী কাম কাজ,মচজিদ,মাদ্ৰাছা ভঙা আৰু অন্যায়ৰ বাবে বাছি বাছি এক বিশেষ সম্প্ৰদায়ৰ লোকক বুলড'জাৰ চলাই উচ্ছেদ কৰি আছে। ইয়াৰ বিৰুদ্ধে এ আই ইউ ডি এফে প্ৰতিবাদ কৰিছে, য'ত কংগ্ৰেছে মনে মনে বহি থাকি বিজেপিৰ বিৰুদ্ধে মাত মতাৰ সাহস কৰিবলৈ সামৰ্থ গোটাব পৰা নাই বুলি তুলাধূনা দিয়ে বিধায়ক গৰাকীয়ে।

আজিৰ সভাত এ আই ইউ ডি এফ দলৰ হৈ কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি আৰু বকো সমষ্টিৰ পৰা কংগ্ৰেছ মুুুুক্ত কৰাৰ সংকল্পেৰে কংগ্ৰেছ দলৰ হৈ তিনিবাৰৰ জিলা পৰিষদৰ সদস্য হিচাপে ৰাজনীতি কৰি যোৱা সক্ৰিয় কৰ্মী স্বাহজাহান আলীকে ধৰি তাৰ নেতৃত্বত কেইবা শতাধিক কংগ্ৰেছ কৰ্মীয়ে আনুষ্ঠানিক ভাৱে মৌলানা বদৰুদ্দিন আজমলৰ ওচৰত যোগদান কৰে । বিজেপি দলৰ পৰাও কেইজন মান লোক এ আই ইউ ডি এফত যোগদান কৰে।

সভাত মানকাচাৰ সমষ্টিৰ বিধায়ক আমিনুল ইচলাম,জনীয়া সমষ্টিৰ বিধায়ক ড০ হাফিজ ৰফিকুল ইচলাম,চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইন,বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদক খন্দকাৰ আশ্ৰাফুল মামুন,সোণাই সমষ্টিৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা,হাইলাকান্দিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰ,দলগাওঁ সমষ্টিৰ বিধায়ক মজিবৰ ৰহমান আৰু সদ্য এ আই ইউ ডি এফ দলত যোগদান কৰা সোণতলী-টুপীমাৰী জিলা পৰিষদৰ সদস্য স্বাহজাহান আলীৰ লগতে বহু নেতা কৰ্মীয়ে উপস্থিত থাকে।

আৰু পঢ়ক: ভূ-মাফিয়াৰ সন্ত্ৰাস! মৰণফাণ্ডলৈ পৰিণত কৃষিভূমি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in