/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/6c1245d4-5983-404e-9a8a-389fedb8feb2/4.jpg)
ডিজিটেল সংবাদ,চৰাইদেউঃ 'মোৰ মাটি মোৰ দেশ' কাৰ্যসূচীৰ অংশ হিচাপে চৰাইদেউ জিলাৰ পৰা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়লৈ 'অমৃত কলহ' বাহক স্বেচ্ছাসেৱকসকলে বুধবাৰে জিলাখনত সংগ্ৰহ কৰা মাটিৰ কলহসমূহ লৈ যাত্ৰা আৰম্ভ কৰে ৷ এই উপলক্ষে চৰাইদেউ জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত আয়োজিত যাত্ৰাৰ শুভাৰম্ভ অনুষ্ঠানত অমৃত কলহ বাহক স্বেচ্ছাসেৱকসকলক জিলা প্ৰশাসনে আদৰণি জনোৱাৰ লগতে মাংগলিক পৰিৱেশৰ মাজেৰে তেওঁলোকক গুৱাহাটী অভিমুখে প্ৰেৰণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/4920e6d6-7dfa-42b8-bc71-be9b7def6b40/f0cd4558_879e_42bf_90e6_9a56a251de87.jpg)
এই অনুষ্ঠানত যোৰহাট লোক সভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী, পৌৰপতি তিলক চন্দ্ৰ নেওগৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/6451ce59-d7e3-45b9-8ee1-4f6cdcfe0e31/8fc291d8_7421_484e_af5b_0bbba0dd20bd.jpg)
উল্লেখযোগ্য যে ,চৰাইদেউ জিলা প্ৰশাসনে বুধবাৰে জিলাখনৰ ৪টা ব্লক আৰু ২খন পৌৰসভাৰ কলহ ৰাজ্যৰ ৰাজধানী গুৱাহাটীলৈ প্ৰেৰণ কৰিছে। ২৬ অক্টোবৰত ৰাজ্যৰ মুঠ ৫৪০ টা 'অমৃত কলহ' গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংগ্ৰহ কৰা হ'ব। ইয়াৰে ২৭০ টা কলহ ৰাজধানী দিল্লীৰ 'অমৃত উদ্যান' নিৰ্মাণৰ বাবে প্ৰেৰণ কৰা হ'ব।অৱশিষ্ট ২৭০ কলহৰ মাটি গহপুৰৰ কনকলতা বৰুৱা বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে সংৰক্ষণ কৰা হ'ব ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/bf1c392b-3720-41bd-8c58-f209be82dc16/6dc772ad_f269_423a_b485_260125666b6c.jpg)
Also Read: প্ৰতিবাদ: বিদুৎ বিভাগৰ কাৰ্যালয়ত এৰি দিলে ঘৰিয়াল...