শিৱসাগৰত সদৌ অসম মুকলি ক্লাচিকেল প্ৰাইজমানি ৰেটিং দবা প্ৰতিযোগিতা

শিৱসাগৰত সদৌ অসম মুকলি ক্লাচিকেল প্ৰাইজমানি ৰেটিং দবা প্ৰতিযোগিতা

ডিজিটেল সংবাদ, শিৱসাগৰ : শিৱসাগৰত পাঁচ দিনীয়াকৈ আয়োজন কৰা হৈছে সদৌ অসম মুকলি ক্লাচিকেল প্ৰাইজমাণি ৰেটিং দবা প্ৰতিযোগিতা। ২৩ জুলাইৰ পৰা অনুষ্ঠিত হ'ব লগা এই প্ৰতিযোগিতাখনলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত প্ৰস্তুতি পৰ্ব তুংগত উঠিছে ৷

২৩ জুলাইৰ পৰা ২৭ জুলাইলৈকে শিৱসাগৰ চহৰস্থিত ৰটাৰী ক্লাৱত অনুষ্ঠিত হ'ব সদৌ অসম মুকলি ক্লাচিকেল প্ৰাইজমাণি ৰেটিং দবা প্ৰতিযোগিতা । শুকুৰবাৰে শিৱসাগৰ চহৰৰ দবা একাডেমীত অনুষ্ঠিত এক সংবাদ মেলত আয়োজক সমিতিৰ সভাপতি ডা০ প্ৰশান্ত প্ৰতীম শৰ্মা আৰু সম্পাদক হেমন্ত কুমাৰ গগৈয়ে প্ৰতিযোগিতাৰ বিষয়ে সদৰী কৰে।

৫ দিনীয়া এই প্ৰতিযোগিতাত অসমৰ  ২০০ গৰাকীৰো অধিক ৰেটিং প্ৰাপ্ত খেলুৱৈয়ে অংশগ্ৰহণ কৰিব । মুঠ ২লাখ ৪০ হাজাৰ টকাৰ প্ৰাইজমানি সম্বলিত প্ৰতিযোগিতাখনত ২৫ হাজাৰ টকাৰ পৰা ন্যূনতম ১৫০০ টকা পুৰস্কাৰ হিচাপে দিয়া হ'ব।

উক্ত প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ ছাত্র আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব গীতাৰ্থ গোস্বামী উপস্থিত থকি প্ৰতিযোগিতা উদ্বোধন কৰিব ৷ প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি অশ্ৰুমণি দত্ত ঘোচ আৰু প্ৰণৱ বৰাৰ সম্পাদনাত 'ৰংপুৰৰ ৰঙ্গভূমি' নামৰ এখনি স্মৃতিগ্ৰন্থ প্ৰকাশ কৰা হ’ব ৷

সামৰণি অনুষ্ঠানত সদৌ অসম দবা সন্থাৰ সভাপতি কন্দৰ্প কলিতা আৰু সম্পাদক ৰাজীৱ ধৰ উপস্থিত থাকিব বুলি সংবাদমেলত উদ্যোক্তাসকলে উল্লেখ কৰে। ২৩ জুলাইৰ পুৱা ৯ বজাৰ পৰা আৰম্ভ হ'বলগীয়া প্ৰতিযোগিতাখনৰ সামৰণি অনুষ্ঠান ২৭ জুলাইৰ দিনৰ ১ বজাত অনুষ্ঠিত কৰা হ'ব।

উল্লেখ্য যে, উদীয়মান প্ৰজন্মক দবা খেলৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে শিৱসাগৰ চেচ একাডেমিয়ে ২০১৪ চনৰ পৰা এই প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ শিৱসাগৰৰ বিশিষ্ট চিকিৎসক প্ৰশান্ত প্ৰতীম শৰ্মাই শিৱসাগৰ চহৰৰ হস্পিতেল ৰোডৰ ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ সন্মুখত থকা নিজা বাসগৃহৰ ওপৰ মহলাত নতুন প্ৰজন্মক দবা খেল শিক্ষাৰ সুযোগ প্ৰদান কৰি আহিছে ৷

আয়োজক সমিতিয়ে জানিবলৈ দিয়া মতে ২০১৬ চনত শিৱসাগৰ চেচ একাডেমিয়ে শিৱসাগৰত আন্তৰাষ্ট্ৰীয় দবা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল ৷ শিৱসাগৰ দবা একাডেমিৰ দুগৰাকী প্ৰশিক্ষাৰ্থীয়ে অসম দলক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ৷

এইবাৰ খেলুৱৈৰ বাবে উদ্যোক্তাসকলে পুৱাৰ আহাৰৰ উপৰিও দুপৰীয়াৰ আহাৰ বিনামূলীয়াকৈ যোগান ধৰাৰ ব্যৱস্থা কৰিছে ৷ উক্ত প্ৰতিযোগিতাখন সফল কৰাৰ বাবে চেচ একাডেমিৰ লগত জড়িত অভিভাৱকসকলৰ লগতে শিৱসাগৰৰ ভালেসংখ্যক লোকে সকলো প্ৰকাৰে সহযোগিতা আগবঢ়াইছে ৷

আজিৰ এই সংবাদমেলত আয়োজক সমিতিৰ উপ-সভাপতি ভাৰত শৰ্মা, যুটীয়া সম্পাদক মণ্টু বৰুৱা আৰু বসন্ত সন্দিকৈ, কোষাধ্যক্ষ জাকিৰ আলম,কাৰিকৰী সমিতিৰ সদস্য নৃপেন্দ্ৰ কুমাৰ শৰ্মা, ৰুবুল আব্দুৰ ৰহমান আদি উপস্থিত থাকে। দবা প্ৰতিযোগিতাৰ সন্দৰ্ভত যিকোনো অনুসন্ধানৰ বাবে ৯৪৩৫৫১৬৮৮৩ আৰু ৭০০২৭৩৫৭২৯ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে।

শিৱসাগৰত সদৌ অসম মুকলি ক্লাচিকেল প্ৰাইজমানি ৰেটিং দবা প্ৰতিযোগিতা
হাতীৰ পৰা পৰি আহত বনকৰ্মী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in