/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/7a275f23-dfb2-4235-b797-53b2b82b6502/hati2.jpg)
ডিজিটেল সংবাদ,কাজিৰঙা : কাজিৰঙাত অঘটন, কৰ্তব্যৰত অৱস্থাত হাতীৰ পৰা পৰি আহত বনকৰ্মী ৷ কহঁৰা বনাঞ্চলৰ অন্তৰ্গত পাহাৰ লাইন কেম্পৰ বনকৰ্মীসহ হাতীত উঠি নিয়মীয়া কৰ্তব্য পালন কৰি হাতীৰ পৰা নামিবলৈ লওতেই তললৈ সৰি পৰে বনকৰ্মীজন ৷
ৰাজহাড়ত আঘাত পোৱা বনকৰ্মীজনক ততালিকে উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰা হয় ৷ আহত বনকৰ্মী তপন হাজৰিকাক কাজিৰঙাত হোৱা বানপানীৰ কৰ্তব্যৰ বাবে ডেপুটেচনত অনা হৈছিল বুলি জানিব পৰা গৈছে ৷
Also Read: গড়মূৰ সত্ৰ মহিলা সমাজৰ সভানেত্ৰী হেমপ্ৰভা দত্তৰ বিয়োগ