/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/6d6c7148-b718-48fa-b613-435478fd1c24/AP FOR WEB 1.png)
ডিজিটেল সংবাদ, শিৱসাগৰ : নতুন প্ৰজন্মৰ শিশু তথা কিশোৰ-কিশোৰীক অভিনয় প্ৰতিভা বিকাশৰ উদ্দেশ্য আগত ৰাখি শিৱসাগৰ নাট্য বিদ্যালয়ে দুদিনীয়াকৈ অনুষ্ঠিত কৰা ত্রয়োদশ বাৰ্ষিক সদৌ অসম শিশু নাট সমাৰোহ সফলভাৱে সামৰণি পৰে ৷ শিশু নাট সমাৰোহত অংশগ্ৰহণ কৰা ৪১ টা শিশু নাট্যদলে সকলোকে মন্ত্ৰমুগ্ধ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/5940a174-edf7-44ff-95d6-537d541f8d50/1a94b3ee-a0b2-4b54-be84-41a1444fc251.jpg)
নাট সমাৰোহত বিশ্বনাথ চাৰিআলিৰ নাট্য প্ৰশিক্ষণ কেন্দ্ৰৰ শিশুসকলে মঞ্চস্থ কৰে নাট্যকাৰ কৃষ্ণ ভূঞা আৰু জিংকু বৰুৱাই পৰিচালনা কৰা "ধেৎ,কি খেল খেল"। লখিমপুৰৰ পুৱেৰুণ মাইনা পাৰিজাতৰ শিশু দলটোৱে মঞ্চস্থ কৰে নাট্যকাৰ নিতুল ভূঞা, পৰিচালক অংকুৰ দত্তৰ "চক্ৰবেহু" নাটক। এই দুয়োখন নাটে যুটীয়াভাৱে শ্ৰেষ্ঠ নাট্যদলৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/ea7e076d-8739-4f07-975b-d19a5232da2d/0ef54012-d44b-4072-bbc7-47188704d15b.jpg)
দুয়োখন নাটকৰ শিশু শিল্পীসকলৰ সুন্দৰ অভিনয়ে বিচাৰকৰ লগতে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে বিশ্বনাথ চাৰিআলিৰ নাট্য প্ৰশিক্ষণ কেন্দ্ৰৰ দলে মঞ্চস্থ কৰা ধেৎ, কি খেল খেল নাটকখনৰ সংগীত পৰিচালনা দেৱৰ্ষি বৰমুদৈৰ। ৰূপসজ্জা জয়শ্ৰী বড়া, ৰুমী ভট্টাচাৰ্য, মাইনু শইকীয়া, লতা শইকীয়া, পৰী শইকীয়াৰ। কলা নিৰ্দেশক ত্ৰিদিপ হাজৰিকা আৰু প্ৰাঞ্জল হাজৰিকা। একেদৰে আলোকসজ্জা জিংকু বৰুৱাৰ।
নাটখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰে ক্ৰমে কৰ্ষিতা কাশ্যপ, কংকনা ঘলে, ৰাহী অন্বেষা বৰা, চিন্ময় হাজৰিকা, অনুৰাগ বৰা, অনুৰাগ শইকীয়া, অভিজ্ঞান ৰাজবংশী আৰু উন্নাভ হাজৰিকাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/d08d7da1-31a6-4eef-83f2-c62f96eb8e5e/902fee54-d04c-477c-b794-935f057370a2.jpg)
প্ৰথম দিনা ২১ খন নাট মঞ্চস্থ কৰাৰ পিছত দ্বিতীয় দিনা পুৱাৰে পৰা মাজনিশালৈকে ২০ টা নাট্য দলে নাট পৰিৱেশন কৰে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নাট্যদলৰ লগত জড়িত শিশু শিল্পীসকলে সাৱলীল অভিনয় কৰি ৰংপুৰীয়া নাট্যপ্ৰেমীক বাস্তৱিকতেই মন্ত্ৰমুগ্ধ কৰে ৷ শিশুৰ অভিনয় উপভোগ কৰাৰ বাবে শিৱসাগৰ যুৱদলত পুৱাৰে পৰা নিশা এপৰলৈ অনেক লোকৰ সমাগম ঘটে ৷
উল্লেখ্য যে শিৱসাগৰৰ পাৰ্থপ্ৰতীম বৰা, আকাশ দুৱৰী, জিতুজ্যোতি গায়ন, ব্ৰজেন ফুকন, দিলীপ চাংমাই, প্ৰশান্ত বৰগোহাঁই, ডা° গোবিন্দ ফুকন, ৰাতুল ভৰালী সহিতে একাংশই ইতিবাচক চিন্তা চৰ্চাত ব্ৰতী থাকি জনসাধাৰণক নেতৃত্ব দি যোৱা ১৩টাকৈ বছৰ ধৰি সদৌ অসম ভিত্তিত শিশু নাট প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে ৷ এই প্ৰতিযোগিতাত শিৱসাগৰৰ সন্ধিয়াৰ সুৰ মইনা পাৰিজাতৰ "বেহু "নাটকে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/cb35ccdf-fd11-4ea6-b1ee-4f7ff958f2a5/a4874107-b560-4563-8363-468fd44179e3.jpg)
মণিকূট নাট্যগোষ্ঠী মৰিজাঁজীৰ "এটা সঁচা সাধু" আৰু সৃষ্টি নাট্যগোষ্ঠী ধিং নগাঁৱৰ "লাইট চাউণ্ড কেমেৰা এক্সন" নাটকে যুটীয়াভাৱে তৃতীয় শ্ৰেষ্ঠ নাট্যদলৰ সন্মান লাভ কৰে। সমাৰোহৰ শ্ৰেষ্ঠ শৃংখলাবদ্ধ নাট্যদলৰ সন্মান লাভ কৰে আকাশ গোষ্ঠী বঙাইগাঁৱৰ "ব'ল নাটক কৰো” নামৰ নাটখনে ৷
শ্ৰেষ্ঠ অভিনেতা আৰু অভিনেত্ৰীৰ সন্মান লাভ কৰে লখিমপুৰৰ অভিলাষ কাশ্যপ আৰু ধেমাজীৰ মল্লিকা কুটুমে। বিশ্বনাথৰ জিংকু বৰুৱাই শ্ৰেষ্ঠ পৰিচালক আৰু নিতুল ভূঞাই শ্ৰেষ্ঠ পাণ্ডুলিপি বঁটা লাভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/00b35914-dc56-4178-84e0-5858bb2c105d/d98a957f-1476-4710-96f9-a773232c2fae.jpg)
দ্বিতীয় শ্ৰেষ্ঠ অভিনেতাৰ বঁটা মৰিজাঁজীৰ অভিলাষ অনুভৱ নাথ আৰু দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে গুৱাহাটীৰ প্ৰিয়াংশ্ৰী ভট্টই ৷ তৃতীয় শ্ৰেষ্ঠ অভিনেতা- অভিনেত্ৰী ক্ৰমে বিশ্বনাথ চাৰিআলিৰ চিন্ময় হাজৰিকা আৰু নগাঁৱৰ সঞ্জীৱ বৰাই লাভ কৰে ৷ শ্ৰেষ্ঠ সহ অভিনেতা, অভিনেত্ৰী ক্ৰমে শিৱসাগৰ মেটেকাৰ হীৰকজ্যোতি বৰা আৰু মৰাণৰ আস্থানিহা গগৈয়ে লাভ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/9e649998-19b0-41c3-bc4e-0f61c2610c87/3b1f78e4-a6be-4eea-a526-cdd923a540e7.jpg)
দ্বিতীয় সহঃ শ্ৰেষ্ঠ অভিনেতা লাকুৱাৰ নীলমজ্যোতি দাস, অভিনেত্ৰী জাগীৰোডৰ মনালিচা ৰাজবংশী, তৃতীয় শ্ৰেষ্ঠ সহঃ অভিনেতা মৰাণৰ নিবিড় জোনাক বৰা, অভিনেত্ৰী নামৰূপৰ শান্তিপ্ৰিয়া বৰুৱাই লাভ কৰে ৷ প্ৰতিযোগিতাত দ্বিতীয় শ্ৰেষ্ঠ পৰিচালক হিচাপে লখিমপুৰৰ অংকুৰ দত্তই, তৃতীয় শ্ৰেষ্ঠ পৰিচালক হিচাপে শিৱসাগৰৰ গাংগেয় প্ৰতীম শৰ্মাই লাভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/5bc7d0e3-2b19-4f57-879d-72d829e1f4f9/8364971a-4654-4593-bb3e-3809e80b9514.jpg)
শ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান লাভ কৰে বৰপথাৰৰ সুবল শিখৰ ফুকনে, দ্বিতীয় বৰবালিৰ ভাস্কৰ শৰ্মাই লাভ কৰে ৷ শ্ৰেষ্ঠ কলা নিৰ্দেশকৰ বঁটা লাভ কৰে একাদিক্ৰমে বৰবালিৰ ৰাতুল হাজৰিকা, শিৱসাগৰৰ দুকণ ৰঙীন ডায়েৰী আৰু মৰাণৰ অন্তিম ঐক্যতান নাটকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/3392f1d0-f55d-4fee-97f0-7791f0a7cc73/3700a355-4718-4606-af18-edb6b9d2c1b0.jpg)
প্ৰতিভাৱান শিশু অভিনেতা-অভিনেত্ৰীৰ বঁটা লাভ কৰে ক্ৰমে নিবিড় নয়ন ডেকা, অৰিয়ন কুমাৰ বৰঠাকুৰ, অভিজ্ঞান গগৈ, হীৰকজ্যোতি বৰুৱা, মৃন্ময় কাকতি, দেৱস্ময় বৰা, নিয়ৰ নিবিড়, মৌচুম ভূঞা, উন্মনা প্ৰয়াসী বৰা, ৰাজলক্ষ্মী বৰুৱা, আৰলিয়া চুতীয়া, বাৰ্বী বৰা, পূৰ্বশ্ৰী বাৰিক, শিৱাংগী বৰা, ইয়াশ্ৰী সোণাৰ, প্ৰিয়াশা ফুকন, পাহি ফুকন আৰু আৰাধ্যা বৰাই ৷ প্ৰতিযোগিতাৰ দ্বিতীয় শ্ৰেষ্ঠ পাণ্ডুলিপি বঁটা লাভ কৰে দুকণৰ ৰঙীন ডায়েৰীৰ উজ্জ্বল খনিকৰে, তৃতীয় ৰিলিফ নাটকৰ চৈতন্য কোৱঁৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/1ffd819b-6676-4331-8dab-8b1ded57d579/69f25deb-e7b9-4b15-b98a-52c93fe7b1c4.jpg)
শ্ৰেষ্ঠ কৌতুক অভিনেতাৰ বঁটা চক্ৰবেহু নাটকৰ স্পন্দন কৌশিক শইকীয়াই লাভ কৰে ৷ বুধবাৰে পুৱতি নিশা প্ৰায় ৩-০০বজাত বঁটা বিতৰণ কৰা হয় ৷
নাট্যকাৰ জিতুজ্যোতি গায়নে আঁত ধৰা অনুষ্ঠানটোত দিলীপ চাংমাই,অনুপ গগৈ, ব্ৰজেন ফুকন, আকাশ দুৱৰী, ৰাতুল ভৰালী, প্ৰশান্ত গগৈ, বিনিতা শইকীয়া দে, ডাঃ গোবিন সন্দিকৈ, ঋতুপৰ্ণ বৰগোহাঁই , প্ৰশান্ত বৰগোহাঁই উপস্থিত থাকে। নাট সমাৰোহৰ মুখ্য সম্পাদক পাৰ্থপ্ৰতীম বৰাই অংশগ্ৰহণকাৰী সকলো নাট্যদলকে কৃতজ্ঞতা জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/0eac9061-8400-4e21-beb4-ada857057655/9c733f67-aa5d-49d8-bb36-58d58eaa3a04.jpg)
উল্লেখ্য যে উদ্যোক্তাসকলে ৪১ টা নাট্যদলৰ বাবে খাদ্যাৰ ব্যৱস্থা কৰে ৷ বঁটা বিতৰণী অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য সমীৰণ ফুকন, জিলা ছাত্ৰ সন্থাৰ দীপাঙ্কৰ শইকীয়া, জীপম বৰা সহিতে কেইবাগৰাকীও নেতাক সম্বদ্ধনা জনায় ৷
Also Read: UPSCৰ নতুন অধ্যক্ষ নিযুক্তি...