শিৱসাগৰৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ দুৰ্ঘটনা...

শনিবাৰে নিশা শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷
শিৱসাগৰৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ দুৰ্ঘটনা...

ডিজিটেল সংবাদ, শিৱসাগৰঃ শনিবাৰে নিশা শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ফ'ৰলেন নিৰ্মাণকাৰী ঠিকাদাৰী প্ৰতিষ্ঠানে সংকেট বিহীনভাৱে পথৰ কাষৰ বিপদজনক স্থানত ৰখাই থোৱা পথ নিৰ্মাণত ব্যৱহৃত বিতুমিন তৈয়াৰ কৰা বৃহৎ আকাৰৰ পেভাৰ ফিনিচাৰত খুণ্ডিয়াই এজন পালচাৰ বাইক আৰোহী থিতাতে নিহত হয় । লগতে এজন গুৰুত্বৰভাৱে আহত হোৱাৰ ঘটনাই সমগ্ৰ জিলাখনতেই গভীৰ শোঁকৰ ছাঁ পেলাইছে ৷

ফৰলেনৰ উন্মুক্ত যন্ত্ৰাংশত খুণ্ডিয়াই ঠিতাতে নিহত হোৱা যুৱক জনক শিৱসাগৰ গড়কাপ্তানী বিভাগৰ কলনিৰ বাসিন্দা ধৰ্মেশ্বৰ বৰুৱাৰ পুত্ৰ লক্ষ্য বৰুৱা ওৰফে সোণমণি (৩০) বুলি জানিব পৰা গৈছে ৷ আনহাতে ঘটনাস্থলীৰ পৰা আহত অৱস্থাত উদ্ধাৰ কৰা আনজন আৰোহীৰ নাম অজয় পাছোৱান বুলি আৰক্ষী সূত্ৰই জনাইছে ৷

জানিব পৰা মতে যোৰহাটৰ দিশৰ পৰা নিশা সাত মান বজাত এ.এচ ০৪ কে ১২১৭ নম্বৰৰ পালচাৰ বাইকখনেৰে সোণমনি আৰু অজয়ে আহি থকাৰ সময়তে ৰাষ্ট্ৰীয় ঘাই পথৰ প্ৰগতি ছাৰিআলিৰ সমীপৰ ৰাজলক্ষ্মী ধাবাৰ সন্মুখতেই সংঘটিত হয় এই কৰুণ ঘটনা ৷ ঘটনাৰ খবৰ লাভ কৰি যান-বাহন শাখাৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় ।

নিহত লক্ষ্য ওৰফে সোনমণিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে আহত অজয়ৰ আঘাতৰ প্ৰতি লক্ষ্য ৰাখি ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ৷ আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাইকখন জব্দ কৰাৰ বিপৰীতে ঘাটক পেভাৰ ফিনিচাৰ বাহনখনৰ চালক, হেন্দিমেনৰ সন্ধান ওলোৱা নাই ৷

শিৱসাগৰৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ দুৰ্ঘটনা...
নগাঁৱত আয়ুষ্মান আৰোগ্য যোঁজনাৰ কাৰ্ড বিতৰণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in