/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/c90017cc-d196-416a-b8b6-a5f5574bd73a/award.jpg)
হৰিপ্ৰসন্ন হাজৰিকাক 'টিফুকপৰীয়া মানৱ দৰদী বঁটা' প্ৰদান
ডিজিটেল সংবাদ, শিৱসাগৰঃ বিভিন্ন সামাজিক কাম কাজৰ লগতে আৰ্থিকভাৱে দুৰ্বল তথা আশ্ৰয়হীন লোকক সৰ্বতোপ্ৰকাৰে সহায় কৰি অহা শিৱসাগৰ ভটীয়াপাৰ প্ৰতিষ্ঠিত ব্যৱসায়ী হৰিপ্ৰসন্ন হাজৰিকাক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হৈছে 'টিফুকপৰীয়া মানৱদৰদী বঁটা' ৷
শিৱসাগৰ জিলাৰ হাফলুটিং ন পাম গাঁৱৰ সন্মিলিত যুৱ সমাজৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা টিফুক মহোৎসৱত যুৱনেতা হৰি প্ৰসন্ন হাজৰিকাক টিফুকপৰিয়া মানৱ দৰদী বঁটা প্ৰদান কৰা হয়। বঁটা গ্ৰহণ কৰি যুৱ নেতাগৰাকীয়ে অনাগত দিনবোৰত নিজা প্ৰচেষ্টাৰে সমাজৰ প্ৰতি কাম কৰি যাব বুলি আশ্বাস প্ৰদান কৰে ।
জনাকীৰ্ণ পৰিবেশত অনুষ্ঠিত সভাত হৰিপ্ৰসন্ন হাজৰিকাই কয় "বঁটা বাহনৰ বাবে কাম কৰা নাই যদিও হাফলুটিং ৰাইজে প্ৰদান কৰা এই সন্মান আন্তৰিকতাৰে গ্ৰহণ কৰিবলৈ বাধ্য ৷ এনে সন্মানৰ বাবে মই চিৰদিন ৰাইজৰ ওচৰত কৃতজ্ঞ হৈ ৰোৱাৰ লগতে দুগুন উৎসাহেৰে কাম কৰি যাবলৈ অনুপ্ৰেৰণা পাম" বুলি তেওঁ মন্তব্য কৰে।
অনুষ্ঠানত গড়গাঁও মহাবিদ্যালয়ৰ অধ্যাপক বিদ্যানন্দ বৰকাকতি, প্ৰৱক্তা ৰিমজিম বৰাকে ধৰি বহুকেইজন লোকে মন্তব্য আগবঢ়ায়। ইফালে ভটিয়াপাৰৰ যুৱনেতা হৰি প্ৰসন্ন হাজৰিকাই মানৱ দৰদী বঁটা লাভ কৰাত উৎফুল্লিত হৈ পৰিছে ভটিয়াপাৰবাসী।
আৰু পঢ়কঃ মুছলপুৰত কেন্দ্ৰীয় চৰকাৰৰ হস্ততাঁত প্ৰশিক্ষণৰ কৰ্মশালা