মুছলপুৰত কেন্দ্ৰীয় চৰকাৰৰ হস্ততাঁত প্ৰশিক্ষণৰ কৰ্মশালা

উপস্থিত থাকে বিটিচিৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী
মুছলপুৰত কেন্দ্ৰীয় চৰকাৰৰ হস্ততাঁত প্ৰশিক্ষণৰ কৰ্মশালা
মুছলপুৰত কেন্দ্ৰীয় চৰকাৰৰ হস্ততাঁত প্ৰশিক্ষণৰ কৰ্মশালা

ডিজিটেল সংবাদ, বাক্সাঃ বি টি আৰৰ শিপিনীসকলক ডিজিটেল মাধ্যমেৰে বয়ন শিল্পৰ দ্বাৰা অৰ্থনৈতিক দিশত স্বাৱলম্বী কৰাৰ প্ৰয়াসেৰে শুকুৰবাৰে বাক্সা জিলাৰ মুছলপুৰত এক বিশেষ কৰ্মশালা অনুষ্ঠিত হয় ৷ বাক্সা জিলাৰ মুছলপুৰত থকা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ সভাকক্ষত "শিপিনীৰ জীৱিকাৰ অৰ্থে তথ্য আৰু যোগাযোগ প্ৰযুক্তি সঁজুলিৰ প্ৰয়োগ" শীৰ্ষক কৰ্মশালাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বাক্সা জিলাৰ উপায়ুক্ত মাচন্দা মেকডালিন পাৰ্টিনে ৷

কেন্দ্ৰীয় চৰকাৰৰ ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সহযোগত আৰু চিডেক, কলকতা তথা অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ উদ্যোগত আয়োজিত কৰ্মশালাত মুখ্য অতিথিৰূপে উপস্থিত থাকে বিটিচিৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী । বিটিআৰৰ শিপিনিসকলক তথ্য আৰু প্ৰযুক্তিৰ জড়িয়তে কিদৰে আগবঢ়াই নিব পাৰি সেই সম্পৰ্কে আজি এই কৰ্মশালাখন অনুষ্ঠিত হোৱা বুলি মন্তব্য কৰি তেওঁ কয় যে, ইয়াৰ জড়িয়তে সমগ্ৰ বিটিআৰ অঞ্চলৰ শিপিনিসকল অৰ্থনৈতিকভাৱে বাৰুকৈয়ে লাভান্বিত হ'ব ৷

তেওঁ লগতে কয় যে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে তেওঁক এই দপ্তৰটো প্ৰদান কৰাত প্ৰথম অৱস্থাত কিছু পৰিমাণে হতাশ হৈছিল যদিও পিছলৈ তেওঁ কাম কৰি যথেষ্ট সন্তুষ্টি লাভ কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিয়ে ।কাৰণ তেওঁৰ এই দপ্তৰটোৰ জড়িয়তে বহু নিবনুৱা যুৱক-যুৱতীৰ আত্মসংস্থাপনৰ পথ মুকলি হৈছে ৷ সেয়ে এতিয়া এই বিভাগটোক ডিজিটেলাইজ কৰি ইয়াৰ উৎপাদিত সামগ্ৰীসমূহ সহজতে বাহিৰলৈ প্ৰেৰণ কৰিব পাৰিলে শিপিনি সকলেও উচিত মূল্য পাবলৈ সক্ষম হ'ব বুলি সভাৰ জৰিয়তে মত পোষণ কৰে ।

ইফালে চিডেক কলকাতাৰ মুখ্য নিৰীক্ষক অচিত কুমাৰ সিঙেও বৰ্তমান বিটিআৰ অঞ্চলৰ প্ৰায় ৮০০গৰাকী শিপিনিক ডিজিটেল মাধ্যমত প্ৰশিক্ষণ দিয়া বুলি জানিবলৈ দিয়ে ৷ কৰ্মশালাত সমল ব্যক্তি ৰূপে ভাৰতীয় হস্ততাঁত প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ অধ্যাপিকা নিভাৰাণী গায়ন আৰু এছবিআইৰ জিলা লীড মেনেজাৰ প্ৰাঞ্জল দাসেও বক্তব্য ৰাখে ৷

আজিৰ এই কৰ্মশালাত অসম চৰকাৰৰ হস্ততাঁত বিভাগৰ প্ৰাক্তন অতিৰিক্ত সঞ্চালৰ এন এন ৰাণা পাটগিৰি, ৰাজ্য চৰকাৰৰ সচিব দিলীপ কুমাৰ বৰা আদিকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in