মাটি বিক্ৰী কৰি গছপুলি ৰোপন কৰা কুমুদ বৰুৱা আজি চিকিৎসাধীন

মাটি বিক্ৰী কৰি গছপুলি ৰোপন কৰা কুমুদ বৰুৱা আজি চিকিৎসাধীন

ডিজিটেল সংবাদ,বিশ্বনাথ : বিশ্বনাথ চাৰিআলি নগৰৰ লগতে একাধিক স্থানত ৰোপণ কৰা প্ৰতিজোপা গছক জীৱন দিয়া মানুহজন আজি জীৱনক জয় কৰিবলৈ সংগ্ৰামত ব্ৰতী হৈ আছে। সমগ্ৰ বিশ্বনাথক সেউজীয়া কৰি তোলা ব্যক্তিগৰাকী আজি শয্যাগত।

যিগৰাকী ব্যক্তিয়ে নিজৰ মাটি সম্পতি সমস্ত বিক্ৰী কৰি ল‍াভ কৰা ধনৰে প্ৰায় ১০ হাজাৰতকৈ অধিক গছ পুলি ৰোপণ কৰি সমগ্ৰ বিশ্বনাথৰ লগতে ৰাজ্যখন সেউজীয়া কৰাৰ অত্যন্ত হেঁপাহ থকা এই মানুহজনৰ নাম হৈছে কুমুদ বৰুৱা। পেছাত অধিবক্তা যদিও এতিয়া পেচা এৰি নিজৰ সমস্ত গাঠিৰ ধন খৰচ কৰি বিশ্বনাথৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত গছ পুলি ৰোপণ কৰি অভিলেখ গঢ়া লোকজনৰ অৱস্থা সংকটজনক।

নিজৰ ম্যাদি পট্টাৰ মাটি বিক্ৰী কৰিও বিশ্বনাথক সেউজীয়া কৰি তোলা ব্যক্তিজনে বৃহস্পতিবাৰে গুৱাহাটীত সুধাকণ্ঠ ভাৰতৰত্ন ড০ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত গছপুলি ৰোপণ কৰিবলৈ গৈছিল। কিন্তু গুৱাহাটী পোৱাৰ পূৰ্বেই নেলীত সংঘটিত এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় কুমুদ বৰুৱা।

ইতিমধ্যে কুমুদ বৰুৱাৰ দেহৰ ৰাজহাড় ভাঙিছে বুলি জানিবলৈ পৰা গৈছে। সম্প্ৰতি তেওঁ গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। যাৰ বাবে বিশ্বনাথৰ প্ৰতিজন লোকে তেওঁৰ আশু আৰোগ্যৰ কামনা কৰিছে।

উল্লেখ্য যে, এই উৎকট গৰমত বিশ্বনাথৰ প্ৰতিজন ব্যক্তিয়ে ছাঁ‌ লৈ থকা প্ৰতিজোপা গছেই এই কুমুদ বৰুৱাই ৰোপণ কৰিছিল। কেবল বিশ্বনাথতে নহয়,কুমুদ বৰুৱাই ৰাজ্যৰ প্ৰায়বোৰ জিলাতে গছ পুলি ৰোপণ কৰাৰ উপৰিও বহিঃ ৰাজ্যৰ লগতে বিদেশী ৰাষ্ট্ৰতো গছপুলি ৰোপণ কৰি কুমুদ বৰুৱাই প্ৰসংশা বুটলিবলৈ সক্ষম হৈছে।

আনকি তেজপুৰ টাউনকো সম্পূৰ্ণ সেইজীয়া কৰা মানুহজনো হ'ল কুমুদ বৰুৱা।সেয়েহে কুমুদ বৰুৱা যাতে অতি শীঘ্ৰে আৰোগ্য লাভ কৰে তাৰবাবে সকলোৱে নেদেখাজনৰ ওচৰত প্ৰাথনা জনাইছে।

মাটি বিক্ৰী কৰি গছপুলি ৰোপন কৰা কুমুদ বৰুৱা আজি চিকিৎসাধীন
এইবাৰ পিয়াঁজ চুৰি কাৰ্যত নামিল অসম আৰক্ষী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in