২ ডিচেম্বৰত সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাক প্ৰদান কৰা হ'ব 'চ্যুকাফা সমন্বয় সাংস্কৃতিক বঁটা'

২ ডিচেম্বৰত সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাক প্ৰদান কৰা হ'ব 'চ্যুকাফা সমন্বয় সাংস্কৃতিক বঁটা'

author-image
Asomiya Pratidin
New Update
২ ডিচেম্বৰত সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাক প্ৰদান কৰা হ'ব 'চ্যুকাফা সমন্বয় সাংস্কৃতিক বঁটা'

ডিজিটেল সংবাদ,চৰাইদেউঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতি আৰু চৰাইদেউ জিলাবাসীৰ সহযোগত অহা ২ ডিচেম্বৰ সোণাৰিত কেন্দ্ৰীয় চ্যুকাফা দিৱস (অসম দিৱস)ৰ আয়োজন কৰা হৈছে। সোণাৰিৰ ঐতিহ্যমণ্ডিত ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা দিৱসৰ কাৰ্যসূচী পুৱা ৯ বজাত পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰিব যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইয়ে।

ইয়াৰ পিছত শ্বহীদ তৰ্পন কৰিব সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঞি আৰু সতীৰ্থ স্মৰণ কাৰ্যসূচী সম্পন্ন কৰিব মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱাই। পুৱা ১০.৩০ বজাত স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰিব উদযাপন সমিতিৰ সভাপতি হেমচন্দ্ৰ গদুকাই। পুৱা ১১ বজাৰ পৰা পলাশ চাংমাইৰ পৌৰহিত্যত অনুষ্ঠিত হ'ব লগা মুকলি সভা আৰু সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰিব চৰাইদেউ জিলাৰ আয়ুক্ত নিবেদন দাস পটুৱাৰীয়ে।

সভাত পৰিষদৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক, বিশিষ্ট চিন্তাবিদ ডঃ ৰাজীৱ কুমাৰ সন্দিকৈ নিৰ্দিষ্ট বক্তা, আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, আটছাৰ সভাপতি ধীৰাজ গোৱালা, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণ আদি বিশিষ্ট অতিথি, মন্ত্ৰী যোগেন মহন, সাংসদ তপন কুমাৰ গগৈ, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আদি সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব।

এই সভাত সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাক ২য় বাৰ্ষিক চ্যুকাফা সমন্বয় সাংস্কৃতিক বঁটা প্ৰদান কৰা হ'ব। ইয়াৰ উপৰিও অনুষ্ঠানৰ লগত সম্পৰ্ক ৰাখি প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ উন্মোচন কৰিব প্ৰাণজিৎ শইকীয়াই। সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হ'ব লগা সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে ।

Also Read: মিজোৰামত বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ, গ্ৰেপ্তাৰ ৩ জন

assamday chukafa day