বিষাক্ত ৰাসায়নিক পদাৰ্থ মিহলি গৰুৰ মৰাশ খাই ২৫ টা শগুনৰ মৃত্যু...

শিৱসাগৰ চহৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ নিলগৰ চিতলীয়া অঞ্চলত বিষাক্ত কীট নাশক দ্ৰব্য খাই মৃত্যু হোৱা গৰুৰ মৰাশ ভক্ষণ কৰি মৃত্যু শগুণৰ।
বিষাক্ত ৰাসায়নিক পদাৰ্থ মিহলি গৰুৰ মৰাশ খাই ২৫ টা শগুনৰ মৃত্যু...

ডিজিটেল সংবাদ,শিৱসাগৰ: শিৱসাগৰ চহৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ নিলগৰ চিতলীয়া অঞ্চলত বিষাক্ত কীট নাশক দ্ৰব্য খাই মৃত্যু হোৱা গৰুৰ মৰাশ ভক্ষণ কৰি মৃত্যু শগুণৰ। ২৫ টাকৈ অতি বিৰল প্ৰজাতিৰ হিমালয়ান গ্ৰিফন আৰু হোৱাইট বেক প্ৰজাতিৰ শগুনৰ ঠিতাতে মৃত্যুৰ মুখত পৰাৰ লগতে ৯ টাকৈ শগুন গুৰুত্বৰ ভাৱে অসুস্থ অৱস্থাত উদ্ধাৰ হোৱাৰ ঘটনাই শিৱসাগৰৰ প্ৰকৃতি প্ৰেমী ৰাইজক মৰ্মাহত কৰি তুলিছে ৷

প্ৰাপ্ত বাতৰি মতে সদৰ আৰক্ষী থানাৰ অন্তৰ্গত চিতলীয়া নাওজান বিলৰ পাৰত কোনো দুস্কৃতিকাৰীয়ে পেলাই থৈ যোৱা এটা গৰু আৰু মহৰ পোৱালীৰ মৃতদেহ ভক্ষণ কৰিছিল বিৰল প্ৰজাতিৰ শগুনৰ এটা জাকে ৷ কিন্তু আজি পুৱাৰে পৰা উক্ত গৰু আৰু মহৰ পোৱালীটোৰ মৰাশ পৰি থকা স্থানটোৰ সমীপতেই বহু সংখ্যক শগুন অতি সংকটজনক অৱস্থাত চটফটাই থকা প্ৰতক্ষ্য কৰে একাংশ ব্যক্তিয়ে ৷

লগে লগেই কেইবা গৰাকীও প্ৰকৃতি প্ৰেমী যুৱকে এই সন্দৰ্ভত শিৱসাগৰ বন বিভাগক অৱগত কৰাত তাৎক্ষণিক ভাৱে জিলা বন সংমণ্ডল বিষয়া দেৱেন চন্দ্ৰ কলিতাৰ নেতৃত্বত বন বিভাগৰ দল সহ এটা পশু চিকিৎসকৰ দল অতি দুৰ্গম চিতলীয়া নাওজান বিলৰ পাৰত উপস্থিত হয়গৈ ৷দলটোৱে তাৎক্ষণিক ভাৱে ঘটনাস্থলীৰ পৰা মুঠ ৯ টা অতি অসুস্থ অৱস্থাত চটফটাই থকা শগুন উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা প্ৰদাণৰে চৰগুৱাস্থিত বিশেষ চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰে ৷

ইয়াৰ পিছতেই দলটোৱে উক্ত মৰাশ পৰি থকা পথাৰ খনৰ পৰা মুঠ ২৫ টা মৃত অৱস্থাত শগুনৰ শ উদ্ধাৰ কৰে ৷বন বিভাগৰ দলটোৱে সম্পুৰ্ণ নীতি নিয়ম অনুসৰি পশু চিকিৎসকৰ সহায়ত আটাই কেইটা মৃত শগুনৰ মৰাশ মৰণোত্তৰ পৰীক্ষা কৰাৰ অন্তত ঠাইতে সমাধিস্থৰ ব্যৱস্থা কৰে ৷

বন বিভাগ আৰু পশু চিকিৎসকৰ দলটোৱে মৃত্যুৰ প্ৰকৃত কাৰণ আৰু কোন শ্ৰেণীৰ বিষাক্ত ৰাসায়নিক পদাৰ্থ শগুনৰ জাকটোৱে গ্ৰহণ কৰিছিল সেইয়া প্ৰমাণ কৰিবৰ বাবেই মৃত শগুন কেইটাৰ শৰীৰৰ অন্তৰ্ভাগৰ অংগ গুৱাহাটীস্থিত ফৰেনচিক গৱেষণাগাৰলৈ প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ আনহাতে বিভাগীয় এক সুত্ৰ অনুসৰি অসুস্থ আটাইকেইটা শগুনক প্ৰাথমিক চিকিৎসাৰ অংশ হিচাপে পেটৰ ভিতৰত জমা হোৱা বিষাক্ত ৰাসায়নিক দ্ৰব্য উলিয়াবৰ বাবে বমি কৰোৱাবলৈ সক্ষম হৈছে ৷

মৃত শগুনৰ অন্তোষ্টিক্ৰিয়া আৰু অসুস্থ শগুন উদ্ধাৰৰ পিছতেই বন বিভাগৰ দলটোৱে এই অমানৱীয় কৰুণ ঘটনাৰ আঁৰত ষড়যন্ত্ৰ থকাৰ সন্দেহ কৰি বন্য প্ৰাণী সুৰক্ষা আইনৰ অধীনত এটা গোচৰ ৰুজু কৰি কেইবাজনো ব্যক্তিক সোধাপোচাৰ বাবে আটক কৰিছে ৷ আজি মৃত্যু হোৱা শগুন কেইটা সম্প্ৰতি বিশ্বজুৰি দুস্পাপ্য হৈ পৰা হিমালয়ান গ্ৰিফন আৰু হোৱাইট বেক প্ৰজাতিৰ বুলি বন বিভাগে জনাইছে ৷

একে সময়তে অসুস্থ অৱস্থাত উদ্ধাৰ কৰা ৯ টা শগুনৰ ভিতৰত দুটা হিমালয়ান গ্ৰিফন আৰু ৭ টা হোৱাইট বেক শ্ৰেণীৰ ৷ ইফালে সমগ্ৰ ৰাজ্য জোঁকাৰি নিয়া এই ভয়ংকৰ অমানৱীয় প্ৰকৃতিৰ জামাদাৰৰ মৃত্যুৰ আঁৰত একাংশ অবিবেচকী মানুহৰ হাত থকাৰ সন্দেহ প্ৰকাশ কৰিছে কেইবাটাও প্ৰকৃতি প্ৰেমী সংগঠন আৰু সচেতন ৰাইজে ৷সংগঠন কেইটাৰ সন্দেহ সেই স্থানত বলীয়া হোৱা কুকুৰ হত্যা কৰিবৰ বাবে খাদ্যৰ লগত বিষাক্ত ৰাসায়নিক দ্ৰব্য মিহলাই কোনো অসচেতন ব্যক্তিয়ে পথাৰত পেলাই থোৱাৰ সময়তেই বলীয়া কুকুৰৰ পৰিৱৰ্তে ঘৰচীয়া গৰু আৰু মহৰ পোৱালীটোৱে ভক্ষণ কৰি মৃত্যুৰ মুখত পৰিছিল ৷

পৰৱৰ্তী সময়ত সজাগতাৰ অভাৱ অথবা লোক চাক্ষ্যুৰ আঁৰ কৰিবৰ বাবেই মৃত গৰু আৰু মহ পোৱালীটো নাওজান বিলৰ পাৰত উন্মুক্ত অৱস্থাত পেলাই থোৱাৰ ফলতেই এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাতো প্ৰায় স্পষ্ট হৈছে ৷

আৰু পঢ়ক: ভাল খবৰ! মুকলি হ’ল নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অ পি ডি শাখা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in