ভাল খবৰ! মুকলি হ’ল নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অ পি ডি শাখা

নগাঁও চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অ পি ডি শাখাটো সোমবাৰে মুকলি কৰা হয়
ভাল খবৰ! মুকলি হ’ল নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অ পি ডি শাখা

ডিজিটেল সংবাদ ,নগাঁও : নগাঁও চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অ পি ডি শাখাটো সোমবাৰে মুকলি কৰা হয় ৷ নৱ নিৰ্মিত চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় খনৰ অ পি ডি শাখাৰ মুকলি কৰাৰ পিছত নগাঁৱৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰত নব সুচনা হোৱা বুলিব পাৰি ৷

মহাবিদ্যালয় খনৰ অ পি ডি শাখাটো মুকলি কৰা হয় যদিও কোনো আনুষ্ঠানিক কাৰ্যসূচী হাতত লোৱা নাই বুলি জানিব পৰা গৈছে ৷ নৱ নিয়ুক্ত মহাবিদ্যালয়ৰ অধ্যক্ষ ও মুখ্য অধীক্ষক ডা° শিল্পী ৰাণী বৰ্মনৰ লগতে নব নিয়ুক্ত চিকিৎসক সকল অ পি ডি মুকলিৰ সময়ত উপস্থিত থাকে ৷

জানিব পৰা মতে অ পি ডি মুকলিৰ পিছত ৯ জন মেডিচিন বিভাগত ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰা হয় ৷ ইয়াৰ বাহিৰেও ২ শৈল্য বিভাগত ৰোগীৰ স্বাস্হ্য সেৱা প্ৰদান কৰা হয় ৷ এক সুত্ৰ মতে চিকিৎসা মহাবিদ্যালয়ৰ অ পি ডি শাখাটো এতিয়াৰ পৰা নিয়মীয়াকৈ খোলা থাকিব ৷

নগাঁও চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অ পি ডি শাখাটো সোমবাৰে মুকলি কৰা হয় যদিও সম্পূৰ্ণ চিকিৎসা মহাবিদ্যালয় নিৰ্মানৰ কাম হৈ উঠা নাই ৷

আৰু পঢ়ক: পানবাৰী দলনিত পক্ষী নিধন : সাংবাদিকে উদ্ধাৰ কৰি গতালে বনবিভাগক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in