ৰাজ্যৰ ১৩৯ খন কলেজলৈ কাৰণ দৰ্শোৱাৰ জাননীঃ কোন কেইখন মহাবিদ্যালয়ৰ আছে নাম, চাওক তালিকা

ৰাজ্যৰ ১৩৯ খন কলেজলৈ কাৰণ দৰ্শোৱাৰ জাননীঃ কোন কেইখন মহাবিদ্যালয়ৰ আছে নাম, চাওক তালিকা

ডিজিটেল ডেস্কঃ সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত শোচনীয় প্ৰদৰ্শন কৰা ৰাজ্যৰ ১৩৯ খন মহাবিদ্যালয়লৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকলায়ে এই জাননী জাৰি কৰি কিয় ফলাফল বেয়া হল সেই সন্দৰ্ভত অহা ৩০ জুনৰ ভিতৰত উত্তৰ দাখিল কৰিবলৈ মহাবিদ্যালয় সমূহক নিৰ্দেশ দিছে।

কেইদিনমান পূৰ্বে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে টুইট কৰি কৈছিল যে উচ্চতৰ মাধ্যমিকৰ ফলাফলত চৰকাৰী, প্ৰাদেশীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহে মহাবিদ্যালয়তকৈ উন্নত প্ৰদৰ্শন কৰিছে। তাৰ পাছতে সঞ্চালকলায়ে ৭৫ শতাংশতকৈ উত্তীৰ্ণৰ হাৰ কম হোৱা ১৩৫ খন মহাবিদ্যালয়লৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

এই মহাবিদ্যালয় সমূহ ক্ৰমে- কামৰূপ মহানগৰ জিলাৰ প্রাগজ্যোতিষ কলেজ (উত্তীৰ্ণৰ হাৰ ৭৪.২১ শতাংশ), গোলাঘাটৰ গোলাঘাট কমার্চ কলেজ (৭৪.১৫ শতাংশ), গোলাঘাটৰ এইচ পি বি গার্লছ কলেজ (৭৩.৬১ শতাংশ), শিৱসাগৰৰ শিৱসাগৰ কমাৰ্চ কলেজ (৭২.৯৭ শতাংশ), লখিমপুৰৰ ঢকুৱাখনা কলেজ (৭২.৩১ শতাংশ), কামৰূপৰ (ম) পাণ্ডু কলেজ (৭১.১২ শতাংশ), লখিমপুৰৰ মাধৱদেৱ কলেজ (৭০.৮৩ শতাংশ), ডিব্ৰুগড়ৰ খোৱাং কলেজ (৭০.৭৪ শতাংশ), কামৰূপৰ (গ্ৰাম্য) পুঠিমাৰী কলেজ (৭০.৩৭ শতাংশ), যোৰহাটৰ চি কে বি কলেজ (৭০.০৭ শতাংশ), ধেমাজিৰ চিলাপথাৰ কলেজ (৭০.০৫ শতাংশ), কৰিমগঞ্জৰ ৰামকৃষ্ণ নগৰ কলেজ (৬৯.৬৯ শতাংশ), শোণিতপুৰৰ ছয়দুৱাৰ কলেজ (৬৯.৫২ শতাংশ), কোকৰাঝাৰৰ বডোফা ইউ এন ব্রহ্ম কলেজ (৬৯.৪৯ শতাংশ), কামৰূপৰ (মহানগৰ) ডিমৰীয়া কলেজ (৬৮.৯৮ শতাংশ), কামৰূপৰ (গ্ৰাম্য) শৰাইঘাট কলেজ (৬৮.৫৫ শতাংশ), যোৰহাটৰ যোৰহাট কলেজ (৬৮.৫ শতাংশ), ধুবুৰীৰ বি এন কলেজ (৬৭.৩৩ শতাংশ), মাজুলীৰ মাজুলী লেজ (৬৭.১৮ শতাংশ), ধেমাজিৰ ধেমাজি কলেজ ৬৬.৭৫ শতাংশ), মাজুলীৰ ইউ এম কে কলেজ (৬৬.১৫ তাংশ), বৰপেটাৰ এম চি কলেজ (৬৫.১৯ শতাংশ)।

ইয়াৰোপৰি আছে ক্ৰমে- বৰপেটাৰ বৰনগৰ কলেজ (৬৫.৯৫ শতাংশ), নগাঁৱৰ কলিয়াবৰ কলেজ (৬৫.৯ শতাংশ), ডিব্ৰুগড়ৰ নাহৰকটীয়া কলেজ (৬৫.৮১ শতাংশ), লখিমপুৰৰ লখিমপুৰ কেন্দ্ৰীয় কলেজ (৬৪.৮৪ শতাংশ), কামৰূপৰ (গ্ৰাম্য) এছ বি এম এছ কলেজ (৬৪.৭ শতাংশ), নগাঁৱৰ নগাঁও গাৰ্লছ কলেজ (৬৪.৪৯ শতাংশ), নগাঁৱৰ হোজাই কলেজ (৬৪ শতাংশ), চৰাইদেউৰ সোণাৰি কমাৰ্চ কলেজ (৬৩.৮২ শতাংশ),ডিব্ৰুগড়ৰ ডি এইচ এছ কে কলেজ (৬৩.৩৪ শতাংশ), যোৰহাটৰ যোৰহাট কেন্দ্রীয় মহাবিদ্যালয় (৬৩.০২ শতাংশ), নলবাৰীৰ এম এন চি বালিকা মহাবিদ্যালয় ৬২.৯৭ শতাংশ), গোলাঘাটৰ কমাৰগাঁও কলেজ (৬২.৬৩ শতাংশ), লখিমপুৰৰ লখিমপুৰ কমাৰ্চ কলেজ (৬২.০৮ শতাংশ), তিনিচুকীয়াৰ শদিয়া কলেজ (৬১.৭ শতাংশ) ,তিনিচুকীয়াৰ মাৰ্ঘেৰিটা কলেজ (৬১.৬১ শতাংশ), শোণিতপুৰৰ টি এইচ বি কলেজ (৬১.৫ শতাংশ), বৰপেটাৰ মধ্য কামৰূপ কলেজ (৬০.৯৩ শতাংশ), চৰাইদেউৰ মৰাণ মহিলা মহাবিদ্যালয় (৬০.৪৫ শতাংশ), মৰিগাঁৱৰ জাগীৰোড কলেজ (৫৯.৮৩ শতাংশ), কামৰূপৰ (ম) সোণাপুৰ কলেজ(৫৯.৭৮ শতাংশ), কামৰূপৰ (গ্ৰাম্য) পূব কামৰূপ কলেজ (৫৮.৭৫ শতাংশ), শিৱসাগৰৰ ডিমৌ কলেজ (৫৮.৭৪ শতাংশ), বৰপেটাৰ বজালী কলেজ (৫৮.৩৩ শতাংশ), শিৱসাগৰৰ আমগুৰি কলেজ (৫৮.১৯ শতাংশ), কামৰূপৰ পশ্চিম গুৱাহাটী মহাবিদ্যালয় (৫৭.৮৪ শতাংশ), কোকৰাঝাৰৰ জনতা কলেজ (৫৭.৪১ শতাংশ), কামৰূপৰ(ম) নাৰেংগী আঞ্চলিক মহাবিদ্যালয় (৫৭.২৮ শতাংশ), ডিব্ৰুগড়ৰ দুলীয়াজান কলেজ (৫৬.৯৩ শতাংশ), নগাঁৱৰ লংকা মহাবিদ্যালয় (৫৬.৮৭ শতাংশ), কাছাৰৰ ব’মেন কলেজ (৫৬.৭৭ শতাংশ), নগাঁৱৰ ধিং কলেজ (৫৬.৪২ শতাংশ), কাছাৰৰ জনতা কলেজ (৫৬.৩৬ শতাংশ), তিনিচুকীয়াৰ তিনিচুকীয়া কমাৰ্চ কলেজ (৫৬.২১ শতাংশ), কামৰূপৰ (ম) এল চি ভৰালী কলেজ (৫৬.১৯ শতাংশ), কৰিমগঞ্জৰ ৰবীন্দ্ৰ সদন গাৰ্লছ কলেজ (৫৬.১৩ শতাংশ), কৰিমগঞ্জৰ নবীন চন্দ্ৰ কলেজ (৫৫.৯১ শতাংশ), তিনিচুকীয়াৰ তিনিচুকীয়া কলেজ (৫৫.৮২ শতাংশ), কৰিমগঞ্জৰ কৰিমগঞ্জ কলেজ (৫৫.৮১ শতাংশ), বৰপেটাৰ ভৱানীপুৰ আঞ্চলিক কলেজ (৫৫.৩৮ শতাংশ), গোলাঘাটৰ জয়া গগৈ কলেজ (৫৪.৬৩ শতাংশ)।

গোৱালপাৰা কলেজ (৫৩.২৩ শতাংশ), গোলাঘাটৰ জে ডি এছ জি কলেজ (৫৩.০৪ শতাংশ), ধুবুৰীৰ পি বি কলেজ (৫৩.০২ শতাংশ), শোণিতপুৰৰ বিশ্বনাথ কলেজ (৫২.৩৫ শতাংশ), কামৰূপৰ (গ্ৰাম্য) নৰ্থ গুৱাহাটী কলেজ (৫২.৩১ শতাংশ), যোৰহাটৰ এন এন শ‍ইকীয়া কলেজ (৫২ শতাংশ), কামৰূপৰ (গ্ৰাম্য) ৰঙিয়া কলেজ (৫১.৯১ শতাংশ), ডিব্ৰুগড়ৰ দুলীয়াজান গাৰ্লছ কলেজ (৫১.৬৬ শতাংশ), ডিব্ৰুগড়ৰ নামৰূপ কলেজ (৫১.৫৯ শতাংশ), কামৰূপৰ (গ্ৰাম্য) সুৰেন দাস কলেজ (৫১.৩৭ শতাংশ), ডিব্ৰুগড়ৰ ডি ডি আৰ কলেজ (৫১.২ শতাংশ), কামৰূপৰ (ম) এছ বি দেওৰা কলেজ (৫০.৮৯ শতাংশ), তিনিচুকীয়াৰ ডুমডুমা কলেজ (৫০.৮৭ শতাংশ), বৰপেটাৰ জি এল চৌধুৰী কলেজ (৫০.৮১ শতাংশ), কাছাৰৰ কাছাৰ কলেজ (৫০.৭৩ শতাংশ), দৰঙৰ মঙলদৈ কলেজ (৫০.৬৮ শতাংশ), বঙাইগাঁৱৰ বঙাইগাঁও কলেজ (৫০.৬৬ শতাংশ), বৰপেটাৰ বি বি কে কলেজ (৫০.৪ শতাংশ), হাইলাকান্দিৰ এছ এছ কলেজ (৫০.৪ শতাংশ), গোলাঘাটৰ সৰুপথাৰ কলেজ (৫০.১৮ শতাংশ), নগাঁৱৰ ৰহা কলেজ (৪৯.৮৮ শতাংশ), কামৰূপৰ (গ্ৰাম্য) জৱাহৰলাল নেহৰু কলেজ (৪৯.৫৪ শতাংশ), কামৰূপৰ (গ্ৰাম্য) ছয়গাঁও কলেজ (৪৯.৫২ শতাংশ), যোৰহাটৰ মৰিয়নী কলেজ (৪৯.৩৮ শতাংশ), দৰঙৰ খাৰুপেটীয়া কলেজ (৪৮.৬১ শতাংশ), ডিব্ৰুগড়ৰ এম ডি কে গাৰ্লছ কলেজ (৪৭.৬৩ শতাংশ), শোণিতপুৰৰ এল অ’ কে ডি কলেজ (৪৭.৫ শতাংশ), মৰিগাঁৱৰ মৈৰাবাৰী কলেজ (৪৭.৪৩ শতাংশ), কামৰূপৰ (গ্ৰাম্য) বি পি চলিহা কলেজ (৪৭.২৪ শতাংশ), কোকৰাঝাৰৰ কমাৰ্চ কলেজ কোকৰাঝাৰ (৪৭.২৪ শতাংশ), ডিব্ৰুগড়ৰ টেঙাখাত কলেজ (৪৬.২১ শতাংশ), গোৱালপাৰাৰ বিকালি কলেজ (৪৬.০৯ শতাংশ), চৰাইদেউৰ সাপেখাতী কলেজ (৪৫.৯৪ শতাংশ), কামৰূপৰ (ম) কে আৰ বি গাৰ্লছ কলেজ (৪৫.০১ শতাংশ), কাৰ্বি আংলঙৰ থং নকবে কলেজ (৪৪.১ শতাংশ), বঙাইগাঁৱৰ বীৰঝৰা কন্যা মহাবিদ্যালয় (৪৩.৬২ শতাংশ), ডিব্ৰুগড়ৰ ডিব্ৰু কলেজ (৪২.৯৪ শতাংশ), কাৰ্বি আংলঙৰ ৰুকাচেন কলেজ (৪২.৮৮ শতাংশ), কোকৰাঝাৰৰ গাৰ্লছ (৪২.৫৯ শতাংশ), দৰঙৰ চিপাঝাৰ কলেজ (৪২.১৫ শতাংশ), বাক্সাৰ গোৰেশ্বৰ কলেজ (৪২.১৩ শতাংশ), ডিব্ৰুগড়ৰ টিংখাং কলেজ(৪২.০৭ শতাশ)।

কামৰূপৰ (গ্ৰাম্য) দক্ষিণ কামৰূপ গাৰ্লছ কলেজ (৪১.৭৫ শতাংশ), চৰাইদেউৰ সোণাৰি কলেজ (৪১.৫৪ শতাংশ), বৰপেটাৰ বি এইচ বি কলেজ (৪১.৪৫ শতাংশ), গোৱালপাৰাৰ ৱেষ্ট গোৱালপাৰা কলেজ (৪০.৩৬ শতাংশ), = শোণিতপুৰৰ তেজপুৰ কলেজ (৩৯.৮১ শতাংশ), নগাঁৱৰ লামডিং কলেজ (৩৯.৬৭ শতাংশ), চিৰাঙৰ বিজনী কলেজ (৩৯.০৮ শতাংশ), বৰপেটাৰ নৱজ্যোতি কলেজ (৩৮.৮১ শতাংশ), বাক্সাৰ বৰমা কলেজ (৩৮.৭৮ শতাংশ), হাইলাকান্দিৰ লালা ৰুৰেল কলেজ (৩৬.৬৬ শতাংশ), বৰপেটাৰ নিৰ্মল হালৈ কলেজ (৩৬.২৫ শতাংশ), বৰপেটাৰ বাপুজী কলেজ (৩৫.৮৯ শতাংশ), নগাঁৱৰ হোজাই গাৰ্লছ কলেজ (৩৫.৬৯ শতাংশ), কাৰ্বি আংলঙৰ = ইষ্টার্ন কাৰ্বি আংলং কলেজ (৩৫.৪১ শতাংশ), দক্ষিণ শালমৰাৰ মানকাচৰ কলেজ (৩৪.৭১ শতাংশ), গোৱালপাৰাৰ দুধনৈ কলেজ (৩৪.৪২ শতাংশ), চৰাইদেউৰ মৰাণ কলেজ (৩৪.৩৬ শতাংশ), বঙাইগাঁৱৰ অভয়াপুৰী কলেজ (৩৩.৬৫ শতাংশ), কাছাৰৰ নেহৰু কলেজ (৩৩.৫৩ শতাংশ), ধেমাজিৰ গোগামুখ কলেজ (৩৩.১৭ শতাংশ)।

ধুবুৰীৰ বিলাসীপাৰা কলেজ (৩২.১২ শতাংশ), কাছাৰৰ এম চি দাস কলেজ (৩২.০৯ শতাংশ), বৰপেটাৰ বৰপেটা গাৰ্লছ কলেজ (৩২.০৮ শতাংশ), শোণিতপুৰৰ ৰঙাপৰা কলেজ (৩১.১৭ শতাংশ), গোৱালপাৰাৰ হাব্রখাট মহাবিদ্যালয় (৩০.৯ শতাংশ), কাছাৰৰ ৰাধা মাধৱ কলেজ (৩০.০৮ শতাংশ), নগাঁৱৰ ৰূপহী কলেজ (২৯.৩১ শতাংশ), কোকৰাঝাৰৰ গোসাইগাঁও কলেজ (২৮.২৭ শতাংশ), ধুবুৰীৰ সাপটগ্রাম কলেজ (২৭.৮ শতাংশ), শোণিতপুৰৰ এল জি বি গার্লছ কলেজ (২৪.৮১ শতাংশ), বৰপেটাৰ মন্দিয়া আঞ্চলিক কলেজ (২৩.৯১ শতাংশ), গোৱালপাৰাৰ লক্ষীপুৰ কলেজ (২১.৮৭ শতাংশ), ধুবুৰীৰ চিলাৰায় কলেজ (২১.৬১ শতাংশ), ওদালগুৰিৰ ওদালগুৰি কলেজ (২০.৩৮ শতাংশ) আৰু ওদালগুৰিৰ টংলা কলেজ (১৯.৪ শতাংশ)।

শোচনীয় ফলাফল প্রদর্শন কৰা এই কলেজসমূহক ২০২১ আৰু ২০২২ বৰ্ষৰ ফলাফলৰ তথ্যও দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সমান্তৰালভাৱে চলিত ২০২৩ বৰ্ষৰ পৰীক্ষাত কিয় ফলাফল বেয়া হ'ল তাৰ ব্যাখ্যাও কলেজসমূহৰ পৰা বিচাৰিছে উচ্চ শিক্ষা সঞ্চালকালয়ে ।

ৰাজ্যৰ ১৩৯ খন কলেজলৈ কাৰণ দৰ্শোৱাৰ জাননীঃ কোন কেইখন মহাবিদ্যালয়ৰ আছে নাম, চাওক তালিকা
সঁচাকৈয়ে এটা ভাল আৰু ডাঙৰ খবৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in