কণ্ঠশিল্পী বিৰুদেৱ তাঁতিৰ “পাতা গাড়ী” শীৰ্ষক গীত মুকলি

কণ্ঠশিল্পী বিৰুদেৱ তাঁতিৰ “পাতা গাড়ী” শীৰ্ষক গীত মুকলি

ডিজিটেল সংবাদ,মথুৰাপুৰ : চৰাইদেউ জিলাৰ মথুৰাপুৰ চাহ বাগিচাৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী বিৰুদেৱ তাঁতিৰ “পাতা গাড়ী” "নামৰ এটি গীত মুকলি কৰা হয় ৷ জনগোষ্ঠীয় গীতটি আনুষ্ঠানিকভাৱে মুকলি কৰে নাট্যকাৰ তথা অভিনেতা দীপক কুমাৰ কলিতাই ৷

গীতটি মুকলি কৰি অভিনেতা দীপক কুমাৰ কলিতাই কণ্ঠশিল্পীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অনাগত দিনত ৰাইজৰ মাজলৈ আৰু সুন্দৰ সুন্দৰ গীত উপহাৰ দিবলৈ আহ্বান জনায় ৷ গীতটি মুকলি কৰাৰ পিছতেই শ্ৰোতা ৰাইজৰ বাবে ইউটিউবত উপলব্ধ কৰা হয়।

অনুষ্ঠানটিত চৰাইদেউ প্ৰেছ ক্লাবৰ সভাপতি ধ্ৰৱজ্যোতি বৰুৱা,আটছাৰ কৰ্মী চমৰজিত কাহাৰ,বাসুদেৱ কুমাৰ,সমাজকৰ্মী প্ৰণৱ দত্ত,সাংবাদিক প্ৰণৱ বৰগোহাঁই,বিপিন হাজৰিকাৰ লগতে বহু সংখ্যক বিশিষ্ট ব্যক্তি, শিল্পী,স্থানীয় ৰাইজ,দল সংগঠনৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰি শিল্পীগৰাকীক শুভেচ্ছা জনায় ৷

কণ্ঠশিল্পী বিৰুদেৱ তাঁতিৰ “পাতা গাড়ী” শীৰ্ষক গীত মুকলি
ৰিজ’ৰ্টৰ পৰা উদ্ধাৰ পহু মাংস, হৰিণৰ শিং

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in