গৌৰৱ গগৈক সমালোচনা কৰিবলৈ গায়ক সীমন্তই শ্বেয়াৰ কৰিলে শিল্পী জুবিনৰ পুৰণি ফেচবুক পোষ্ট...

সামাজিক মাধ্যমত সীমান্তক সমালোচনা
গৌৰৱ গগৈক সমালোচনা কৰিবলৈ গায়ক সীমন্তই শ্বেয়াৰ কৰিলে শিল্পী জুবিনৰ পুৰণি ফেচবুক পোষ্ট...
গৌৰৱ গগৈক সমালোচনা কৰিবলৈ গায়ক সীমন্তই শ্বেয়াৰ কৰিলে শিল্পী জুবিনৰ পুৰণি ফেচবুক পোষ্ট...

ডিজিটেল ডেস্কঃ শিল্পী জুবিন গাৰ্গৰ কান্ধত বন্দুক থৈ গুলী ফুটুৱাৰ চেষ্টা গায়ক তথা অসম ৰাজ্যিক চলচ্চিত্ৰ(বিত্ত আৰু উন্নয়ন) নিগমৰ অধ্যক্ষ সীমান্ত শেখৰৰ। নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনত দুমুখীয়াস্থিতি লৈ সৰ্বত্ৰে সমালোচিত হোৱা সীমান্ত শেখৰে এইবাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈক সমালোচনা কৰিবলৈ গৈ জুবিন গাৰ্গৰ ৮ বছৰ পূৰ্বৰ এটা ফেচবুক পোষ্টৰ স্ক্ৰীণ শ্ব'ট শ্বেয়াৰ কৰিলে সামাজিক মাধ্যমত।

উল্লেখ্য যে, গৌৰৱ গগৈক পৰাস্ত কৰিবলৈ যোৰহাটত বিজেপিয়ে সকলো শক্তি প্ৰয়োগ কৰিছে। মন্ত্ৰী পীযুষ হাজৰিকাকে ধৰি অসম মন্ত্ৰীসভাৰ শক্তিশালী মন্ত্ৰীসকল নামি পৰিছে তপন গগৈৰ হৈ দিনে, নিশাই প্ৰচাৰ চলোৱাত।

তাৰ মাজতে শেহতীয়াকৈ গৌৰৱ গগৈয়ে অসমীয়া ক'বলৈ নাজানে বুলি এক অভিযোগ উত্থাপনেৰে বিজেপিৰ নেতাসকলে ৰাজহুৱাকৈ গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। তাৰেই আঁত ধৰি সীমান্ত শেখৰেও জুবিন গাৰ্গৰ ৮ বছৰ পূৰ্বৰ এটা ফেচবুক পোষ্টৰ স্ক্ৰীণ শ্ব'ট শ্বেয়াৰ কৰিছে।

লগতে তেওঁ লিখিছে, আঠ বছৰত অসমীয়া শিকিব নোৱাৰিলে গৌৰৱ গগৈয়ে। উল্লেখ্য যে, জুবিনৰ সেই ফেচবুক পোষ্টৰ স্ক্ৰীণ শ্ব'টত লিখা আছে- ''Gourav Gogoi is soooo funny.he shud learn assamese first'' (অসম্পাদিত ৰূপ)। সীমান্ত শেখৰৰ এই কাৰ্যত স্বাভাৱিকতে অসন্তুষ্ট হৈ পৰিছে জুবিনৰো অনুৰাগীসকল। সামাজিক মাধ্যমত এতিয়া সীমান্ত শেখৰক তেওঁৰ অতীত সোঁৱৰাই আৰম্ভ কৰিছে সমালোচনা।

গৌৰৱ গগৈক সমালোচনা কৰিবলৈ গায়ক সীমন্তই শ্বেয়াৰ কৰিলে শিল্পী জুবিনৰ পুৰণি ফেচবুক পোষ্ট...
পাণ্ডিয়াই বুমৰাহক গুৰুত্বহীন কৰাৰ পৰিণতিঃ হায়দৰাবাদত ৰেকৰ্ডৰ বৰষুণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in