অসম সাহিত্য সভাৰ যুক্তৰাজ্য শাখাৰ ৰূপালী জয়ন্তী অধিবেশন

অসম সাহিত্য সভাৰ যুক্তৰাজ্য শাখাৰ ৰূপালী জয়ন্তী অধিবেশন

ডিজিটেল ডেস্ক: চলিত বৰ্ষৰ ৮ জুলাইত মধ্য ইংলেণ্ডৰ ল্যেষ্টাৰ চহৰত যুক্তৰাজ্য অসম সাহিত্য সভাৰ ৰূপালী জয়ন্তী দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ নগেন শইকীয়া,ভূৱন বৰুৱা,প্ৰয়াত গগণ হাজৰিকা আৰু ডঃ যোগেন কলিতাৰ অনুপ্ৰেৰণাত অসম সাহিত্য সভাৰ এই শাখাটিৰ ১৯৯৮ চনত জন্ম হৈছিল।

অসমী আইৰ ভাষা-সংস্কৃতিক যুক্তৰাজ্যৰ প্ৰৱাসী অসমীয়াৰ নৱ প্ৰজন্মৰ মাজত অটুট ৰাখিবলৈ কৰা সুক্ষ্ম প্ৰচেষ্টাই সুকলমে ২৫ বছৰ অতিবাহিত কৰে। উক্ত অনুষ্ঠান অসম সংগীত আৰু অসম সাহিত্য সভাৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয়।

পতাকা উত্তোলনত ভাগ লয় অসম সাহিত্য সভাৰ সভাপতি ডঃ সূৰ্য্যকান্ত হাজৰিকা , প্ৰাক্তন উপ-সভানেত্ৰী মৃনালিনী দেৱী,পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ নাতি ডাঃ নৱ গোস্বামী আৰু উপস্থিত সমূহ প্ৰৱাসী অসমীয়া আৰু অনা অসমীয়াই। অনুষ্ঠানত মুখ্য অতিথিৰ আসন অলংকৃত কৰে সভাপতি ডঃ সূৰ্য্যকান্ত হাজৰিকা,মৃনালিনী দেৱী,ডাঃ নৱ গোস্বামী আৰু কিৰণপ্ৰভা দত্তই। কেউগৰাকীকে একোখনকৈ ফুলাম গামোছা আৰু ৰূপালী জয়ন্তীৰ স্মাৰক প্ৰদান কৰা হয়।

আদৰণি ভাষণত যুক্তৰাজ্য অসম সাহিত্য সভাৰ সভানেত্ৰী মঞ্জিৰা চৌধুৰীয়ে যুক্তৰাজ্য অসম সাহিত্য সভাৰ ইতিবৃত্ত দাঙি ধৰে। তেওঁ কয় যে, 'যুক্তৰাজ্য শাখাৰ অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি ভুৱন বৰুৱা আৰু উপ সভাপতি প্ৰয়াত গগণ হাজৰিকা দেৱৰ মহান উদ্দেশ্যত গঢ়ি উঠা অনুষ্ঠানটিয়ে অসমীয়া ভাষা-সংস্কৃতিক প্ৰৱাসী নৱপ্ৰজন্মৰ মাজত জীয়াই ৰাখিবলৈ আপ্ৰাণ চেষ্টা চলাই আহিছে।

আজি এই অনুষ্ঠানটিয়ে ২৫ বছৰ অতিক্ৰম কৰিলে।' লগতে কয় 'দেশতেই হওঁক, প্ৰৱাসতেই হওঁক নিজৰ ভাষা-সংস্কৃতিক জীয়াই ৰাখিবলৈ প্ৰতিজন অসমীয়াৰে দায়িত্ব।' যুক্তৰাজ্য সাহিত্য সভাই বিভিন্ন ধৰণৰ বছৰত মুখ্য অনুষ্ঠানৰ লগতে অসমীয়া ভাষা, গীত-মাত,নৃত্য,লোকসংগীত,সত্ৰীয়ানৃত্য,বৰগীতৰ কৰ্মশালা,মুখপত্ৰ,অসমীয়া পাট- মুগাৰ সাজপাৰ,কাঁহ-পিতল,বাঁহ-বেতৰ কাম-কাজৰ আদিৰ সন্দৰ্ভত প্ৰদৰ্শনী কৰি অনা অসমীয়া বৃটিছ সমাজত প্ৰসাৰ কৰিবলৈ সক্ষম হৈছে।

এই শুভক্ষণত অসম সাহিত্য সভাৰ সভাপতি ডঃ সূৰ্য্যকান্ত হাজৰিকাই কয় যে, 'ভাৰতবৰ্ষৰ প্ৰথম সাহিত্যৰ ওপৰত গঢ়ি উঠা অসম সাহিত্য সভা এতিয়া ১০৭ বছৰত সম্পূৰ্ণ কৰিলে ।' তেওঁ অসম সাহিত্য সভাৰ ইতিবৃত্ত চমুকৈ দাঙি ধৰে।

'আমাৰ অগ্ৰজসকলৰ অমূল্য অৱদানৰ বাবে অসমীয়া সাহিত্য আজি অসমীয়াৰ মাজত জীয়াই আছে । এতিয়া আমাৰ সকলোৰে দায়িত্ব অসমীয়া ভাষাক ভাৰতবৰ্ষৰ লগতে বিশ্বৰ সকলো দেশতে অসমীয়া ভাষা সংস্কৃতিৰ প্ৰসাৰ কৰা।'

ৰূপালী জয়ন্তীৰ অনুষ্ঠানত “ৰূপালীম” মুখপত্ৰখন উদ্ধোধন কৰে মৃনালিনী দেৱীয়ে। মুখপত্ৰখনৰ সম্পাদিকা জান্হৱী গগৈ আৰু লাহৰি বৰঠাকুৰে মুখপত্ৰখনৰ প্ৰকাশৰ উদ্দেশ্য দাঙি ধৰে। মৃনালিনী দেৱীয়ে অসমীয়া সাহিত্যৰ জন্ম কাহিনী কয় । তেওঁ সকলোকে অনুৰোধ কৰে যে 'আমি ভাষা সাহিত্য জীয়াই ৰাখিবলৈ কোনো চৰকাৰলৈ অপেক্ষা কৰিব নালাগে,এইয়া আমাৰ সকলোৰে দায়িত্ব।'

ডাঃ নৱ গোস্বামীয়ে আগবঢ়োৱা পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে অসমীয়া সাহিত্য সংকৃতিৰ ওপৰত জীৱনযোৰা অৱদান ওপৰত এখনি তথ্য চিত্ৰ প্ৰদৰ্শন কৰে। ডাঃ গোস্বামী আৰু তেওঁৰ ভগ্নী কনিকা গোস্বামীয়ে পণ্ডিত হেমচন্দ্ৰ গোস্বামী ন্যাসৰ তৰফৰ পৰা যুক্তৰাজ্য অসম সাহিত্য সভালৈ এটি অনুদান আগবঢ়ায় ।

যুক্তৰাজ্য অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী আৰু ধনভঁৰালী গীতা বৰুৱাই বিগত ২৫ বছৰৰ প্ৰতিবেদন দাঙি ধৰে। ৰূপালী জয়ন্তীত এক মনোমোহা সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হয় ।

গীতোৎপলা বৰদলৈয়ে আঁত ধৰা সাংস্কৃতিক অনুষ্ঠানটিৰ আৰম্ভণিতে প্ৰয়াত শিল্পী সুদক্ষিনা শৰ্মা আৰু ঋষিৰাজ শৰ্মাৰ চিৰ শান্তিৰ বাবে মৌন প্ৰৰ্থনা কৰে। চিৰ চেনেহী মোৰ ভাষা জননী সমবেত সংগীতটি কাৰ্য্যকৰী সমিতিৰ সদস্যসকলে পৰিৱেশন কৰে।

নিয়ৰ আৰু বহনাৰ সত্ৰীয়া নৃত্য,মায়াপী চৌধুৰীৰ দ্বিভাষীক কবিতা ,নিৰলা বৰুৱাৰ স্বৰচিত কবিতা,ডাঃ তৰুণ চৌধুৰীৰ লক্ষীনাথ বেজবৰুৱা কবিতা আবৃতি, ডাঃ ভাস্কৰ দত্ত আৰু ভৱানী কাকতিৰ গীতৰ উপৰিও কনাডাৰ পৰা বৈদ্যুতিক মাধ্যমেৰে আগবঢ়োৱা ডাঃ সংযমী চৌধুৰীৰ গীত আৰু কথা, মানচেষ্টাৰৰ পৰা অগংনা অধিকাৰী আৰু কন্যা আদ্ৰিকা তালুকদাৰৰ সাহিত্য সভাৰ ইতিহাসৰ কথোপকথন আৰু অসমৰ পৰা শিল্পী প্ৰাণদীপ দাসৰ গীতে উপস্থিত দৰ্শকক মুগ্ধ কৰে।

আনহাতে তবলাৰ সাধক জাকিৰ হুছেনৰ শিষ্য ঋষি চৌধুৰীৰ অপূৰ্ব তবলা বাদনে সকলোকে মন্ত্ৰমুগ্ধ কৰে। শলাগৰ শৰাই আগবঢ়ায় সম্পাদিকা জাহ্নৱী গগৈয়ে। অসমীয়া জা-জলপান আৰু নৈশ আহাৰ উপভোগ কৰাৰ লগতে অনুষ্ঠানত মনৰ হেপাহেৰ মনৰ ভাব আদান-প্ৰদান কৰাৰ সুযোগ লয় প্ৰতিজন প্ৰৱাসী অসমীয়াই। এই অনুষ্ঠানটি সুকলমে আয়োজন কৰাত আগভাগ লয় ল্যেষ্টাৰ নিৱাসী ভানুশ্রী মেধি আৰু ডাঃ তৰুণ চৌধুৰীয়ে।

অসম সাহিত্য সভাৰ যুক্তৰাজ্য শাখাৰ ৰূপালী জয়ন্তী অধিবেশন
প্ৰাক্তন উপ-পৰিদৰ্শক ধীৰাজ জ্যোতি নমসূদ্ৰক চাকৰিৰ পৰা বৰ্খাস্ত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in