প্ৰাক্তন উপ-পৰিদৰ্শক ধীৰাজ জ্যোতি নমসূদ্ৰক চাকৰিৰ পৰা বৰ্খাস্ত

প্ৰাক্তন উপ-পৰিদৰ্শক ধীৰাজ জ্যোতি নমসূদ্ৰক চাকৰিৰ পৰা বৰ্খাস্ত

author-image
Asomiya Pratidin
New Update
প্ৰাক্তন উপ-পৰিদৰ্শক ধীৰাজ জ্যোতি নমসূদ্ৰক চাকৰিৰ পৰা বৰ্খাস্ত

ডিজিটেল সংবাদ,ছয়দুৱাৰ : অৱশেষত চাকৰিৰ পৰা বৰ্খাস্ত হ'বলগীয়া হ'ল গহপুৰ আৰক্ষী থানাৰ প্ৰাক্তন আৰক্ষী উপ পৰিদৰ্শক ধীৰাজ জ্যোতি নমসূদ্ৰ। এই সন্দৰ্ভত দেওবাৰে সন্ধিয়া আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সামাজিক মাধ্যমত উল্লেখ কৰে।

Advertisment

২০২২ বৰ্ষৰ ৮ ডিচেম্বৰৰ সন্ধিয়া এগৰাকী মহিলাৰ পৰা উৎকোচ লৈ গহপুৰ আৰক্ষী থানাৰ ভিতৰৰ পৰা দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হৈ জেলৰ ভাত খাবলগীয়া হৈছিল ধীৰাজ জ্যোতি নমসূদ্ৰই। উল্লেখযোগ্য যে গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ধেনুধৰাৰ এগৰাকী অভিযুক্তৰ পৰা ২০ হাজাৰ টকা ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত ২০২২ চনৰ ৮ ডিচেম্বৰত হাতে-লোতে ধৰা পৰিছিল উপ পৰিদৰ্শক ধীৰাজ জ্যোতি নম:সূদ্ৰ।

উক্তদিনা দুৰ্নীতি নিবাৰক শাখাই গহপুৰ আৰক্ষী থানাৰ ভিতৰতে সোধা-পোচা কৰাৰ অন্তত তেওঁক গুৱাহাটীলৈ লৈ গৈছিল অভিযানকাৰী দলটোৱে। এটা গোচৰ নিষ্পত্তিৰ নামত প্ৰিয়ংকা উপাধ্যায় নামৰ এগৰাকীৰ পৰা পৰা ১লাখ টকা বিচাৰিছিল ধীৰাজ জ্যোতি নম:শূদ্ৰই।

এই ১ লাখ টকাৰ প্ৰথম কিস্তিৰ ধন হিচাপে ২০ হাজাৰ টকা লওতেই দুৰ্নীতি নিৰ্বাৰক শাখাই কৰায়ত্ত কৰিছিল উপ পৰিদৰ্শক ধীৰাজ জ্যোতি নম:সূদ্ৰক। ইয়াৰ পিচতে তেওঁৰ বিৰুদ্ধে পঞ্জীয়ন হোৱা এ চি বি কেছ নং ৫৬/২০২২ অনুসৰি IPC 120(B), RW Sec 7(a) আৰু PC Act 1988 (As Amended 2018) ধাৰাৰ অধীনত জেললৈ যোৱাৰ পিচত চাকৰিৰ পৰা নিলম্বিত হৈছিল ধীৰাজ জ্যোতি নমসূদ্ৰ।

অৱশ্যে জেলৰ পৰা ওলাই অহাৰ পিছত বিশ্বনাথ আৰক্ষী জিলাত District Executive Forceত উপ পৰিদৰ্শক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল তেওঁ। তেওঁৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাত চলি থকা গোচৰটোৰ অন্তত দেওবাৰে ধীৰাজ জ্যোতি নমসূদ্ৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰে।

Also Read: মেধাৱী ছাত্ৰ মানস প্ৰতীম সোণোৱালক টেঙাখাতত সম্বৰ্ধনা

Assam police