/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/2f99945a-83e7-4600-9d55-ebec4b8c318f/a3.jpg)
উলুবাৰী শংকৰদেৱ হাইস্কুলৰ ৰূপালী জয়ন্তী
ডিজিটেল সংবাদ,বাক্সাঃ বাক্সাৰ মুছলপুৰ সদৰৰ ওচৰত থকা থমনাত দুদিনীয়া কাৰ্যসূচীৰে বুধবাৰৰ পৰা আৰম্ভ হৈছে উলুবাৰী শংকৰদেৱ হাইস্কুলৰ ৰূপালী জয়ন্তী। পুৱা পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয় কাৰ্যক্ৰমনিকাৰ।
উল্লেখ্য যে, বিদ্যালয়খন স্থাপন হোৱা ৩৭ বছৰ হ'ল যদিও বিশেষ অসুবিধাৱশত ৰূপালী জয়ন্তী বৰ্ষ পাতিব পৰা নাছিল । সেয়েহে দুদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ কৰা হয় ৰূপালী জয়ন্তী ।
পতাকা উত্তোলনৰ পিছতে ছহিদ তৰ্পণ,গছপুলি ৰোপন,প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ লগতে ভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । আনহাতে বৃহস্পতিবাৰে মুকলি সভাত অংশ গ্ৰহণ কৰিব কেবাগৰাকীও বিধায়ক,ইএম,জি এমৰ লগতে বুদ্ধিজীৱীয়ে ।
ইয়াৰোপৰি সাস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে থাকিব ময়ুৰী দত্ত, ভাস্কৰ দাসৰ লগতে স্থানীয় শিল্পীৰ সংগীতানুষ্ঠান।