/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/7ab000bd-65d3-4fb3-b218-5d35bf31d457/a1.jpg)
ডিজিটেল সংবাদ,নামৰূপঃ ডিব্ৰুগড় জিলাৰ দক্ষিণ পশ্চিম কোণত থকা এখন বিখ্যাত উদ্যোগিক চহৰ নামৰূপ। নামৰূপতে অৱস্থিত এনে এক ঠাই য'ত বিভিন্ন উপ পথসমূহৰ নাম নামাংকৃত কৰিছে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপ নৈসমূহৰ নামেৰে।
ডিব্ৰুগড় জিলাৰ সীমাত থকা সৰু ঔদ্যোগিক চহৰ নামৰূপ কেৱল ৩টাকৈ উদ্যোগ ক্ৰমে নামৰূপ সাৰ কাৰখানা, অসম পেট্ৰ কেমিকেল লিমিটেড, আৰু নামৰূপ থাৰমেল পাৱাৰ ষ্টেচন থকাৰ বাবেই যে বিখ্যাত এনে নহয়। ইয়াত পৰ্যটকক আকৰ্ষণ কৰিব পৰা আছে বহু সমল।
পাটকাই পাদ দেশত অৱস্থিত সেউজীয়া চহৰ নামৰূপৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ কিছু অংশ আৰু নামৰূপৰ দক্ষিণ পূব কোণত থকা দিল্লী নদীয়ে চহৰখনৰ দক্ষিণ আৰু পূব কোণৰ সীমা নিৰ্ধাৰণ কৰিছে। বিভিন্ন প্ৰাকৃতিক সৌন্দৰ্যৰে সমৃদ্ধ নামৰূপত পাটকাই পাহাৰৰ নামনিত ৬০ৰ দশকতে এক বিশাল পৰিমাণৰ ভূমি সামৰি স্থাপন হৈছিল অসম চৰকাৰৰ অধীনৰ বৰ্তমান এক লাভজনক উদ্যোগ নামৰূপ থাৰমেল পাৱাৰ ষ্টেচন।
সমান্তৰালভাৱে উদ্যোগটোক লৈ স্থাপন হ'ল এক বিশাল সু সজ্জিত শৃংখলিত আবাসিক এলেকা। লক্ষণীয় যে অসম শক্তি উৎপাদন নিগম লিমিটেডৰ কেউটা শাখাৰ ভিতৰতে সুন্দৰ সু-শৃংখলিতভাৱে সজোৱা নামৰূপ শাখাৰ এই আবাসিক এলেকাত বিষয়া কৰ্মচাৰীসকলৰ আবাসগৃহ লৈ যাবলৈ মূল পথৰ পৰা বিভিন্ন উপ-পথ নিৰ্মান কৰা আছে।
গুৰুত্বপূৰ্ণ যে এই উপ পথসমূহক নামাংকিত কৰা হৈছে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ ১২খন উপ নৈৰ নামেৰে। উদ্যোগটোৰ মূল প্ৰৱেশদ্বাৰেদি সোমাই আৰম্ভ হৈছে বৰলুইত পথ ।ইয়াৰ পিছতে ক্ৰমে দিহিং, সোৱণশিৰি ,দিচাং, নামদাং, জাঁজী, ভোগদৈ,ডিগাৰু, ,ডিক্ৰং, ননৈ, চম্পাৱতী, কুলসী, সোণকোষ পথ নামেৰে নামাংকৃত কৰা হৈছে প্ৰতিটো উপ পথক।
প্ৰায় ৯ বছৰৰ পূৰ্বে সেই সময়ৰ তাপ বিদ্যুৎ প্ৰকল্পৰ মহাপ্ৰৱন্ধক প্ৰয়াত অৰ্পণ শইকীয়াৰ কাৰ্যকালত লোৱা এই প্ৰচেষ্টা বৰ্তমানৰ প্ৰেক্ষাপটত এক আদর্শগত কৰ্ম হিচাপে চিহ্নিত হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবেও হৈছে জ্ঞানৰ উৎস। সম্প্ৰতি বৰ্তমানৰ মহাপ্ৰবন্ধক মহম্মদ জাকিৰৰ নেতৃত্বত তাপ বিদ্যুৎ প্ৰকল্পৰ চৌহদ তথা আবাসিক এলেকাত বিৰাজ কৰিছে স্বচ্ছ, শান্ত, শৃংখলিত পৰিৱেশ। যি পৰিৱেশে আকৰ্ষিত কৰিছে পৰ্যটককো।
আৰু পঢ়কঃ ঘৃণনীয়ঃ পঞ্চম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন শিক্ষকৰ...