পূৱ বৰক্ষেত্ৰী জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী অনুষ্ঠানৰ সামৰণি...

পূৱ বৰক্ষেত্ৰী জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী অনুষ্ঠানৰ সামৰণি...
পূৱ বৰক্ষেত্ৰী জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী অনুষ্ঠানৰ সামৰণি...

ডিজিটেল সংবাদ মুকালমুৱা: 'মাতৃভাষাৰ চৰ্চাইহে জাতিক সবল আৰু শক্তিশালী কৰিব। মাতৃভাষাৰ বিদ্যালয়সমূহে ভাষাটোক সমৃদ্ধিশালী কৰিবলৈ লোৱা প্ৰয়াস সৰ্বদা আদৰণীয়। অসমৰ জাতীয় বিদ্যালয়সমূহে ভাষাটোক বিস্তাৰ কৰাৰ সংকল্পক আমি সকলোৱে স্বাগতম জনোৱা উচিত।'- এই মন্তব্য বিশিষ্ট নাট্যকাৰ, সাংবাদিক তথা নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ।

আজি নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ লোহাৰকাঠাৰ এখন আগশাৰীৰ ব্যক্তিগত বিদ্যালয়ে ২৫ বৰ্ষত ভৰি দিয়া উপলক্ষে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰে। ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আয়োজন কৰা মুকলি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকি নাট্যকাৰ শৰ্মাই আকৌ কয় যে, গুৰুৰ শিক্ষা অবিহনে শিক্ষা আধৰুৱা।

গুৰুৰ আশীৰ্বাদ পালেহে বিদ্যাৰ্থীৰ জীৱন ধন্য হয়। জয়ন্তী উছৱৰ প্ৰসংগত তেওঁ কয় সোঁৱৰণীৰ সোণালী সুবাসে তৃপ্ত কৰে প্ৰতিষ্ঠা আৰু উত্তৰণৰ সৈতে লাগি থকা সমাজমুখী সত্তাক। এনে জয়ন্তী উছৱে শান্তি, সম্প্ৰীতি আৰু মিলনৰ সেতু নিৰ্মাণ কৰে।

বিদ্যালয় সপ্তাহৰ লগতে বঁটা বিতৰণী সভা অনুষ্ঠিত কৰে । আজি ৰূপালী জয়ন্তীৰ মুকলি অনুষ্ঠানত সভাপতিত্ব কৰে পূৱ বৰক্ষেত্ৰী হাইস্কুলৰ প্ৰধান শিক্ষক মইনুল হক শইকীয়াই। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন নাচ ,গান , কবিতাৰে অনুষ্ঠানটো জীপাল কৰি তোলে।

সপ্তাহ যোৰা বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ হোৱা কাৰ্যসূচীৰ শেষত আজি মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে সাৱলীল শব্দৰে, কবিতা পাঠ , গানেৰে এক সাৰুৱা উপদেশ মূলক ভাষণ দি অনুষ্ঠানটো অধিক ৰোমাঞ্চকৰ কৰি তোলে ।

বিভিন্ন দিশত পাৰদৰ্শিতা দেখুওৱা ছাত্ৰ-ছাত্ৰীসকলক কিতাপ আৰু ট্ৰফীৰে পুৰস্কৃত কৰা হয়। অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড° বিপুল দাস ।

নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি এক সুন্দৰ সাৱলীল ভাষণ প্ৰদান কৰে বিদ্যাৰ্থী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰৱক্তা মির্জা মুছাদ্দিকুৰ ৰহমানে । আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকে সমাজসেৱক ৰুবুল BBY আলী আৰু নগৰবেৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া ডাঃ চাইদুল ইছলাম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in