ফুলগুৰি বাৰগোপাল থানৰ সভাৰ ৰূপালী জয়ন্তী উৎসৱৰ স্মৃতিগ্ৰন্থ উন্মোচন

মাতৃভাষা কৰ্ষণত স্মৃতিগ্ৰন্থৰ মহত্ব অপৰিসীম - সাহিত্যিক,নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মা
ফুলগুৰি বাৰগোপাল থানৰ সভাৰ ৰূপালী জয়ন্তী উৎসৱৰ স্মৃতিগ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ, নলবাৰীঃ ফুলগুৰি বাৰগোপাল থানৰ সভাৰ ৰূপালী জয়ন্তী উৎসৱৰ স্মৃতিগ্ৰন্থ উন্মোচন। স্মৃতিগ্ৰন্থখনি উন্মোচন কৰে নাট্যকাৰ তথা সাহিত্যিক ধ্ৰুৱজ্যোতি শৰ্মাই। উন্মোচনী ভাষণত তেঁও কয় "মাতৃভাষা কৰ্ষণত স্মৃতিগ্ৰন্থৰ মহত্ব অনবদ্য। ই সাহিত্য আৰু ইতিহাসৰ প্ৰাণশক্তি। ইতিহাসৰ ঘটনাৱলী সাহিত্যৰ পৰিভাষাত লিপিবদ্ধ হয় স্মৃতিগ্ৰন্থৰ বুকুত ।সেয়েহে স্মৃতিগ্ৰন্থ সমকালীন সময়ৰ প্ৰতিচ্ছবি ।"

পশ্চিম নলবাৰীৰ ফুলগুৰি বাৰগোপাল থানৰ সভা মহোৎসৱৰ ৰূপালী জয়ন্তী উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ উন্মোচন কৰি শৰ্মাই আকৌ কয় বাৰগোপালক আমাৰ গ্ৰামাঞ্চলত লাড্ডু গোপাল ৰূপেও জনাজাত । এই ৰূপ বাসুদেৱ কৃষ্ণৰ শিশু কালৰ লীলা আৰু মাহাত্ম্য প্ৰকাশক ৰূপ। সনাতনী সভ্যতাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ স্বৰূপ শ্ৰীকৃষ্ণ ভাৰতৰ কোটি কোটি জনতাৰ অন্তৰৰ বেদীত ভগৱান ৰূপে থাপিত ।

মুকুল বৰ্মনে সভাপতিত্ব কৰা স্মৃতিগ্ৰন্থ উন্মোচনী সভাখনত মুখ্য অতিথি ৰূপে উপস্থিত থাকি শিক্ষাব্ৰতী অমূল্য শৰ্মাই ভাগৱতৰ শব্দ মহিমা প্ৰকাশ কৰি বক্তৃতা প্ৰদান কৰে।স্মৃতিগ্ৰন্থ সম্পাদক ৰিপন বৰ্মনে আঁত ধৰা আৰু অনিল বৰ্মন, ঘনশ্যাম বৰ্মনে সহযোগ কৰা অনুষ্ঠানটিত বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰে বানিজ্য মহাবিদ্যালয়ৰ প্ৰবক্তা কনক চন্দ্ৰ বৰ্মনে।

বিশিষ্ট লেখক নীলমণিসেন ডেকা গ্ৰন্থ উন্মোচনৰ প্ৰাক মুহূৰ্তত উপস্থিত থাকি শুভেচ্ছামূলক বক্তৃতা প্ৰদান কৰে। ইয়াৰ আগেয়ে ভক্ত বৃন্দৰ মংগলৰ বাবে সামূহিক বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰা হয়।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in