মংগলদৈত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ মধ্যকালীন অধিবেশনঃ স্বাস্থ্য শিবিৰৰ আয়োজন

মংগলদৈত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ মধ্যকালীন অধিবেশনঃ স্বাস্থ্য শিবিৰৰ আয়োজন
মংগলদৈত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ মধ্যকালীন অধিবেশনঃ স্বাস্থ্য শিবিৰৰ আয়োজন

ডিজিটেল সংবাদ গুৱাহাটীঃ অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ মধ্যকালীন অধিবেশন আগত ২১ জানুৱাৰীত দিনযোৰা কাৰ্যসূচীৰে দৰং জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত মংগলদৈ চহৰৰ জিলা পুথিভঁৰাল প্ৰাংগনত অনুষ্ঠিত হ'ব। অধিবেশন সূচলভাবে অনুষ্ঠিত হোৱাৰ স্বাৰ্থত জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেক সভাপতি, ডাঃ অমৰেন্দ্ৰ নাৰায়ন দেৱক কাৰ্যকৰী সভাপতি আৰু নৃপেন্দ্ৰ কুমাৰ ডেকাক মুখ্য সম্পাদক হিচাপে লৈ এখনি অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে।

অভ্যৰ্থনা সমিতিৰ পক্ষৰ পৰা জনোৱা মতে সন্মিলনৰ জিলা আৰু শাখা সন্মিলনৰ তৰফৰ পৰা নিৰ্বাচিত প্ৰতিনিধিৰ তথ্য আগন্তুক ১৬ জানুৱাৰীৰ ভিতৰত ৭০০২৭৬৪৫৫২ আৰু ৯৪৩৫০৮৭৩৩৭ টেলিফোন নম্বৰ যোগে জনাবলৈ অনুৰোধ জনাইছে। অধিবেশনৰ কাৰ্যক্ৰমনিকা অনুসৰি বিশ জানুৱাৰীত বিয়লি ৩ বজাত শিবিৰ মুকলি কৰি প্ৰতিনিধি পঞ্জীয়ন আৰম্ভ কৰা হ'ব।

২১ জানুৱাৰীত পঞ্জীয়নৰ লগতে জলপান গ্ৰহণৰ পিছত ৯ বজাত পতাকা উত্তোলন কৰিব অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি বিশিষ্ট শিক্ষাবিদ সুৰেশ শইকীয়াই।পিছত স্মৃতি তৰ্পণ কৰিব দৰং জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰাক্তন সভাপতি ফুলেন্দ্ৰ নাথ চহৰীয়াই।

অৱসৰী জ্যেষ্ঠ প্ৰবক্তা মিৰণ দেবীয়ে বন্তি প্ৰজ্বলন কৰাৰ পিছত মনোজ্ঞ শোভাযাত্ৰা উদ্বোধন কৰিব মংগলদৈ বণিক সন্থাৰ সভাপতি মুকুল চন্দ্ৰ ডেকাই। ১০-৩০ বজাত অনুষ্ঠিত হ'ব লগা প্ৰতিনিধি সভাত আদৰণী ভাষণ ৰাখিব ডাঃ অমৰেন্দ্ৰ নাৰায়ন দেৱে।

দুপৰীয়া আহাৰ গ্ৰহণৰ পিছত ১২-৩০বজাত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি অধ্যাপক সুৰেশ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হ'ব লগা মুকলি সভা উদ্বোধন কৰিব বিদ্যাভাৰতী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ দুলাল হাজৰিকাই। মুকলি সভাৰ আদৰণী ভাষণ ৰাখিব অভ্যৰ্থনা সমিতিৰ সভাপতি মুনীন্দ্ৰ নাথ ঙাটে।

মুকলি সভাত মুখ্য অতিথি হিচাপে পদ্মশ্ৰী ডাঃ ইলিয়াছ আলি, নিৰ্দিষ্ট বক্তা হিচাপে দৈনিক অসম কাকতৰ বিশিষ্ট সা্ংবাদিক বেদব্ৰত মিশ্ৰ আৰু সন্মানীয় অতিথিৰ আসন গ্ৰহন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি ইদ্ৰিছ আলিয়ে। সভাত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনী কান্ত নাথে।

ৰাজ্যিক সন্মিলনৰ এনে মুকলি সভাত চাৰি গৰাকী বৰেন্য ব্যাক্তি খ্যাতিমান নাট্যকাৰ হেমন্ত দত্ত, ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক বোলছবি নিৰ্মাতা সমৰেন্দ্ৰ নাৰায়ন, দেওধনী নৃত্য পটিয়সী অনিমা চহৰীয়া আৰু পদব্ৰজে অভিলেখ স্ৰষ্টা বিপিন খনিকৰক সম্বৰ্ধনা জনোৱা হ'ব। জ্যেষ্ঠ নাগৰিক সন্মিলন অসমৰ প্ৰধান সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰ আৰু প্ৰেছ, জনসম্পৰ্ক সম্পাদক ৰমনী বৰ্মনে প্ৰেছ বিবৃতি যোগে জনাইছে যে, সিদিনা জ্যেষ্ঠ নাগৰিক কল্যান পৰিষদ অসমৰ দ্বাৰা পুৱা ৮ বজাত অনুষ্ঠিত হ'ব লগা জ্যেষ্ঠ নাগৰিকৰ স্বাস্থ্যৰ পৰামৰ্শমূলক শিবিৰত জ্যেষ্ঠ নাগৰিকসকলক যোগদান কৰাৰ বাবে আহ্বান জনাইছে।

সন্মিলনৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সকলো সদস্যৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে। আনহাতে জিলা আৰু শাখা সন্মিলনৰ প্ৰতিনিধি পঞ্জীয়নৰ ক্ষেত্ৰত অভ্যৰ্থনা সমিতিয়ে অধিবেশন প্ৰসংগত প্ৰকাশ কৰা প্ৰতিনিধি পঞ্জীয়ন নিয়মাৱলী মতে তথ্য দাখিল কৰিলে বিভাগীয় কামকাজত সূচল হ'ব বুলি জানিব দিছে।

মংগলদৈত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ মধ্যকালীন অধিবেশনঃ স্বাস্থ্য শিবিৰৰ আয়োজন
সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰদীপ দেৱানৰ দেহাৱসান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in