/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/e6b4917a-3423-4df4-a004-5314e77d6451/4.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ সমগ্ৰ বিশ্বৰ লগতে শুকুৰবাৰে কাছাৰ জিলাতো পালন কৰা হয় দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷ কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত শিলচৰ ইণ্ডিয়া ক্লাব ইণ্ডোৰ ষ্টেডিয়াম প্ৰেক্ষাগৃহত অনুস্থিত এই দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে শিলচৰ সংসদীয় সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ পৰিমল শুক্লবৈদ্যই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/39ee8e68-d3dd-4e95-8175-38033165f93e/d8bf8dbf-ce45-4c96-9dd2-909c4eee4aa9.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/5aec9255-6319-489d-a25f-df78c019e5cc/7b000a3d-0ebb-43af-93e1-75f64b5584f8.jpg)
বন্তি প্ৰজ্বলন কৰি যোগ দিৱসৰ শুভাৰম্ভ কৰে পৰিমল শুক্লবৈদ্যই। যোগ দিৱসত পৰিমল শুক্লবৈদ্যৰ লগতে শিলচৰৰ বিধায়ক দিপায়ণ চক্ৰৱৰ্তী জিলা আয়ুক্ত ৰোহন কুমাৰ ঝা সহ প্ৰশাসন আৰু বিভিন্ন বিভাগৰ চৰকাৰী কৰ্মচাৰীকে ধৰি বহু সংখ্যক লোকে অংশগ্ৰহন কৰে। যোগ দিৱসৰ শেষত যোগ দিৱস পৰিচালনা কৰা চন্দন দেৱৰ দলটোক মেমন্ট' প্ৰদান কৰে সাংসদ পৰিমল শুক্লবৈদ্যই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/2dbab1fb-0320-4eb3-b1f0-5ba5e86238fc/eae6f987-1467-46df-8dad-6a038f136981.jpg)
Also Read: কমলপুৰত বৰনৈৰ জলপৃষ্ঠ বদ্ধিঃ পানীত বুৰ গৈছে কেইবাখনো গাঁও