/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/9f687e5e-a6d1-433e-85e1-c53476ff7d1f/YABA_TABLET_13.jpg)
কাছাৰত প্ৰায় ৭০ কোটি মূল্যৰ য়াবা টেবলেত জব্দ...
ডিজিটেল সংবাদ শিলচৰঃ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ আৰক্ষী আৰু বিএছএফে বুজন পৰিমাণৰ নিচাজাতীয় য়াবা টেবলেট জব্দ কৰিছে। নিশা কাছাৰ জিলাৰ শ্ৰীকোনা দ্বিতীয় খণ্ডৰ কাটাখালত অভিযান চলাই এখন টাটা এক্সন গাড়ীৰ পৰা ২ দুই লাখ ৬০ হাজাৰ নিচাজাতীয় য়াবা টেবলেট জব্দ কৰে।
যাৰ বজাৰ মূল্য ৭০ কোটি টকা। লগতে টেবলেট খিনি কঢ়িয়াই অনা এম,জেড,০৫- ৯৬২৫ নম্বৰৰ গাড়ীখনো জব্দ কৰে। মিজোৰামৰ পৰা কাছাৰ জিলাৰ মাজেৰে কৰিমগঞ্জ হৈ ত্ৰিপুৰা ৰাজ্যলৈ নিয়াৰ বাবে আনিছিল এই টেবলেটখিনি।
টেবলেটসহ বাহনখন জব্দ কৰা হয় যদিও আন্ধাৰৰ সুযোগ লৈ সৰবৰাহকাৰী চালক জন পলাই যাবলৈ সক্ষম হয়। কাছাৰ আৰক্ষী আৰু বিএছএফে ড্ৰাগছৰ বিৰুদ্ধে লাভ কৰা এই সফলতাৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক্সত প্ৰশংসা কৰিছে।
Also Read: বঙাইগাঁৱত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ চাইকেল বিতৰণ...