/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/80f61a63-bc02-419c-9762-6fb5ab6a2308/JAYANTA_MALLA_13.jpg)
বঙাইগাঁৱত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ চাইকেল বিতৰণ...
ডিজিটেল সংবাদ বঙাইগাঁওঃ অসম চৰকাৰে চৰকাৰী শিক্ষানুষ্ঠানৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক চাইকেল প্ৰদানৰ ব্যৱস্থা কৰিছে। সেইমৰ্মে আজি অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী,দক্ষতা,নিয়োগ,উদ্যমিতা,পৰ্যটন আদি বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই বঙাইগাঁও জিলাৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিকভাৱে চাইকেল প্ৰদানৰ শুভাৰম্ভণী কৰে।
জিলাখনৰ নৰ্থ বঙাইগাঁও ষ্টেডিয়ামত আজি অনুষ্ঠিত সভাত মন্ত্ৰী বৰুৱাই জিলাখনৰ ৭৮ খন স্কুলৰ মুঠ ৮৭৮০গৰাকী ছাত্ৰ-ছাত্ৰীক চাইকেল প্ৰদানৰ শুভাৰম্ভণী কৰে।ভাষণ প্ৰসংগত মন্ত্ৰী বৰুৱাই কয় যে, আজি ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে বিভিন্ন আঁচনিৰ জৰিয়তে সা-সুবিধা আগবঢ়াইছে।আজি ছাত্ৰ-ছাত্ৰীসকলক দিয়া সা-সুবিধাৰ ফল স্বৰূপে পৰীক্ষাত ভাল ফল দেখুৱাইছে তেওঁলোকে। বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ উন্নয়নত গুৰুত্ব আৰোপ কৰিছে চৰকাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/fbb2edab-3748-49cc-a3e1-dbafc523ba0d/8a09577f_49fb_4458_abcd_32e01cc171f2.jpg)
মন্ত্ৰীগৰাকীয়ে আৰু কয় যে, শিক্ষা মানে আজি ছাত্ৰ-ছাত্ৰীৰ সা-সুবিধাৰ কথা।আজি ছাত্ৰ-ছাত্ৰীসকলৰ স্মাৰ্ট ক্লাছৰ কথা চিন্তা কৰা হৈছে।য'ত কম সংখ্যক ছাত্ৰ-ছাত্ৰী আছে সেইবিলাক স্কুল নিকটৱৰ্তী বিদ্যালয়ৰ লগত একত্ৰিকৰণ কৰি সুবিধা কৰি দিয়া হৈছে ।
ছাত্ৰ-ছাত্ৰীসকলে আজি 'নাছা'(NASA)ত যোৱাৰ কথা চিন্তা কৰিব লাগে, 'ইছৰো' (ISRO)ত যোৱাৰ কথা ভাবিব লাগে, আই এ এছ, এ চি এছ বিষয়া হোৱাৰ কথা চিন্তা কৰিব লাগে। প্ৰয়োজনীয় সা-সুবিধা চৰকাৰে দিব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই আৰু কয় যে, আজি চৰকাৰে চি বি এচ ই(CBSE)বিদ্যালয় স্থাপন কৰাৰ কথা বিবেচনা কৰি আছে যাতে সৰ্বভাৰতীয় মানদণ্ডৰ শিক্ষা উঠি অহা প্ৰজন্মই লাভ কৰিব পাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/ed1ead72-3a7c-4199-89de-1af694adddcc/4d8cce99_de32_460c_b3c0_623a9e968648.jpg)
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত যেনেদৰে অভিভাৱকে স্কুললৈ গৈ কিবা ক'ব লগা থাকিলে ক'বলৈ যায় তেনেদৰে চৰকাৰী স্কুলৰ অভিভাৱকেও স্কুললৈ গৈ নিজৰ ল'ৰা-ছোৱালীৰ শিক্ষাৰ সম্পৰ্কত আলোচনা কৰিব লাগে,তেতিয়াহে চৰকাৰী শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ দিশত অধিক গুৰুত্ব দিব। ল'ৰা-ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত শিক্ষকৰ সৈতে অভিভাৱকৰ সহযোগিতা লাগিব,তেতিয়াহে তেওঁলোক আকাংক্ষিত ফল লাভ কৰিব বুলি কয় মন্ত্ৰীগৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/44d72a37-6fa3-4ffe-bf37-d15f16b0773a/8653e08e_30c6_4172_a8c3_089b341669a7.jpg)
আজিকালি চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ সা-সুবিধালৈ চাই অভিভাৱকে ভৰসা কৰিব পাৰিছে নিজৰ সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত-এই বুলিও কয় মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। আজিৰ চাইকেল বিতৰণ অনুষ্ঠানত জিলা আয়ুক্ত নৱদ্বীপ পাঠকে আদৰণি ভাষণ দিয়ে।বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীয়েও বক্তব্য ৰাখে।
আজিৰ সভাত কমতাপুৰ শ্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন,মুখ্য কাৰ্যবাহী গোকুল বৰ্মন,বঙাইগাঁও পৌৰসভাৰ পৌৰপতি সুবোধ চন্দ্ৰ দাস,সমাজকৰ্মী উজ্জ্বলকান্তি ৰয় আৰু হিমানী অধিকাৰী আদিকৰি বহু গণ্য -মান্য ব্যক্তি আৰু বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।
Also Read: বাহাকাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ "ডাঃ জিতেন গোহাঁই সোঁৱৰণী সেউজ বঁটা"...