ভাড়াঘৰত ৰহস্যজনক অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ

ভাড়াঘৰত ডিঙিত চিপ লৈ থকা অৱস্থাত মহিলাৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি শিলচৰ ৰংপুৰত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ

author-image
Asomiya Pratidin
New Update
বোকাখাতত দেহ ব্যৱসায়ৰ ঘাটি উৎখাত : দুই যুৱতীসহ এজনক আটক

প্ৰতীকী আলোকচিত্ৰ

ডিজিটেল ডেস্কঃ ভাড়াঘৰত ডিঙিত চিপ লৈ থকা অৱস্থাত মহিলাৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি শিলচৰ ৰংপুৰত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । পৰকীয়া প্ৰেমৰ বাবেই ঘটনা সংঘটিত হোৱাৰ সন্দেহ ৷

Advertisment

জানিব পৰা মতে, কাছাৰৰ কাশিপুৰৰ এগৰাকী মহিলা দীৰ্ঘদিনৰ পৰা শিলচৰ ৰংপুৰত এটা ভাড়াঘৰত আছিলে ৷ মহিলা গৰাকীৰ আছে এটা সন্তানো । দেওবাৰে হঠাৎ স্থানীয় লোকে ভাড়াঘৰৰ ভিতৰত মহিলা গৰাকীৰ ডিঙিত চিপ লৈ থকা অবস্থাত মৃতদেহ প্ৰত্যক্ষ কৰে ৷ পাছত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰে ৷

ইপিনে স্থানীয় লোক সকলৰ মতে এই মৃত্যুৰ লগত পৰকীয়া প্ৰেমৰ সম্পৰ্ক থাকিব পাৰে ৷ কিয়নো ভাড়াঘৰত মহিলা গৰাকী অকলে আছিলে । কিন্তু ৰাজু দেব নামৰ যুৱক এজন প্ৰতিদিনেই এই ভাড়াঘৰত অহা যোৱা কৰিছিলে ৷

প্ৰথমে প্ৰতিৱেশী সকলে ৰাজু দেবক মহিলা গৰাকীৰ স্বামী বুলি ভাৱিছিল যদিও পিছত গম পায় যে ৰাজু মহিলা গৰাকীৰ স্বামী নহয় । যাৰ বাবে এই মৃত্যুৰ লগত পৰকীয়া প্ৰেমৰ সম্পৰ্ক থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় একাংশই । আনহাতে ৰাজু দেবৰ ভাষ্যক লৈ ও ৰহস্যৰ সৃষ্টি কৰিছে । সমগ্ৰ ঘটনা লৈ আৰক্ষীৰ তদন্ত অব্যাহত ।

Also Read: সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষক পল্লৱী গোস্বামী মহন্তক "কলা ৰত্ন এৱাৰ্ড-২০২৩" প্ৰদান

Assam police