সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষক পল্লৱী গোস্বামী মহন্তক "কলা ৰত্ন এৱাৰ্ড-২০২৩" প্ৰদান

মহাপুৰুষীয়া সংস্কৃতিৰ পৱিত্ৰ ধাৰাৰ অন্যতম বাহক সত্ৰীয়া নৃত্যৰ পদ্ধতিগত প্ৰশিক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত যোৱা ১৫ বছৰ ধৰি একেৰাহে নিষ্ঠা, সততা আৰু আন্তৰিকতাৰে কাম কৰি আহিছে পল্লৱী গোস্বামী মহন্তই।

author-image
Asomiya Pratidin
New Update
সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষক পল্লৱী গোস্বামী মহন্তক "কলা ৰত্ন এৱাৰ্ড-২০২৩" প্ৰদান

ডিজিটেল সংবাদ, ছয়দুৱাৰ:মহাপুৰুষীয়া সংস্কৃতিৰ পৱিত্ৰ ধাৰাৰ অন্যতম বাহক সত্ৰীয়া নৃত্যৰ পদ্ধতিগত প্ৰশিক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত যোৱা ১৫ বছৰ ধৰি একেৰাহে নিষ্ঠা, সততা আৰু আন্তৰিকতাৰে কাম কৰি আহিছে পল্লৱী গোস্বামী মহন্তই। বিশ্বনাথ চাৰিআলিৰ বামগাঁৱৰ সংস্কৃতিৱান এই মহিলা গৰাকীয়ে কৃষ্টি-সংস্কৃতিৰ পথাৰত সৃষ্টিৰ কঠীয়া সিঁচি সাংস্কৃতিক ক্ষেত্ৰখন উৰ্বৰা কৰি তোলাৰ ক্ষেত্ৰত আগবঢ়াই অহা অফুৰন্ত বৰঙনিৰ বাবে তেওঁক ৰাজহুৱা ভাৱে প্ৰদান কৰা হয় "কলা ৰত্ন এৱাৰ্ড-২০২৩"ৰ সন্মান।

Advertisment

কৃষ্টি-সংস্কৃতিৰ ক্ষেত্ৰখনৰ এগৰাকী বহুমুখী প্ৰতিভাৰ নৃত্য প্ৰশিক্ষক হিচাপে সুপৰিচিত পল্লৱী গোস্বামী মহন্তক দেওবাৰে নিশা গহপুৰৰ ধেনুধৰাত অনুষ্ঠিত বহাগী বিদায়ৰ এক সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্য্যসূচীত আনুষ্ঠানিকভাবে এই সন্মান প্ৰদান কৰে অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়ন নামৰ সাংবাদিক সংগঠনটোৱে।সাংবাদিক সংগঠনটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰমেশ কুমাৰ চৌহান,উত্তৰ পূৱৰ সভাপতি ড: কুকিল বৰুৱা, সম্পাদক সত্যজিৎ হাজৰিকা আৰু অসমৰ সভাপতি প্ৰকাশ কায়স্থই পল্লৱী গোস্বামী মহন্তক এখন ফুলাম গামোচা,এটা স্মাৰক আৰু এখন অভিনন্দন পত্ৰৰ জৰিয়তে এই সন্মান প্ৰদান কৰে।

উল্লেখযোগ্য যে, "সত্ৰীয়া নৃত্য"ৰ প্ৰতি নৱপ্ৰজন্মক আকৰ্ষিত কৰাৰ মহৎ উদ্দেশ্যৰে পল্লৱী গোস্বামী মহন্তই যোৱা ১৫ বছৰ ধৰি একানপতীয়া আৰু নিস্বাৰ্থভাবে অব্যাহত ৰাখিছে সত্ৰীয়া নৃত্য প্ৰশিক্ষণ। ইয়াৰ জৰিয়তে প্ৰতিবছৰে বহু সত্ৰীয়া নৃত্য শিল্পীৰ জন্ম দি আহিছে।

অসম সংগীত সত্ৰৰ অধীনত ২০০৮ চনত সত্ৰীয়া নৃত্যত স্নাতক ডিগ্ৰী লাভ কৰা পল্লৱী গোস্বামী মহন্তই বিশ্বনাথৰ কোচগাঁৱত "নটৰাজ নৃত্য কলা নিকেতন" নামেৰে এখন নৃত্য প্ৰশিক্ষণৰ বিদ্যালয় স্থাপন কৰিছিল। ইয়াৰ জৰিয়তে নৱপ্ৰজন্মৰ আগ্ৰহী শিক্ষাৰ্থী সকলক সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ দি সত্ৰীয়া নৃত্যৰ প্ৰচাৰ, প্ৰসাৰ আৰু পদ্ধতিগত প্ৰশিক্ষণৰ ক্ষেত্ৰত আন্তৰিকতাৰে মনোনিবেশ কৰিবলৈ লয়।

পল্লৱী গোস্বামী মহন্তৰ উপযুক্ত প্ৰশিক্ষণৰ জৰিয়তে সত্ৰীয়া নৃত্য শিল্পী হিচাপে স্বীকৃতি লাভ কৰা নৱপ্ৰজন্মৰ বহু শিল্পীয়ে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহি:ৰাজ্যতো নিজৰ নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈ আহিছে। সত্ৰীয়া নৃত্যত সাতবছৰীয়া প্ৰশিক্ষণপ্ৰাপ্ত পল্লৱী গোস্বামী মহন্তই সত্ৰীয়া নৃত্যৰ উপৰিও ভাৰত নাট্যম,দশৱতাৰ নৃত্য,জ্যোতি নৃত্য, ৰাভা নৃত্য, লোকনৃত্য,ভূপেন্দ্ৰ নৃত্য,বিহু নৃত্য আৰু বিভিন্ন সৃষ্টিমূলক নৃত্যৰো প্ৰশিক্ষণ দি বৃহত্তৰ অঞ্চলটোত এক উপযুক্ত সাংস্কৃতিক বাতাবৰণ গঢ়ি তুলি আহিছে।তিৱা,হাজং, বড়ো,কাৰ্বি আদি জনগোষ্ঠীৰ বিভিন্ন লোকনৃত্যৰ প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰতো যথেষ্ট অভিজ্ঞতাপুষ্ট পল্লৱী গোস্বামী মহন্ত।

এগৰাকী পাৰদৰ্শী কৰিঅ'গ্ৰাফাৰ হিচাপেও জনপ্ৰিয় তেওঁ।বিহু সুৰক্ষা সমিতি আৰু বিহু কৰ্মশালাৰ লগত ওতঃপ্ৰোত ভাবে জড়িত হৈ অহা পল্লৱী গোস্বামী মহন্তৰ বিহু বিচাৰক হিচাপেও আছে সু-নাম। এই ক্ষেত্ৰতখনত তেওঁৰ অৱদানৰ বাবে ইয়াৰ পূৰ্বেও বহু সন্মান লাভ কৰিছিল।

Also Read: গোগামুখত আছুৰ বহাগী বিদায় অনুষ্ঠানত দুৰ্বৃত্তৰ তাণ্ডৱ