/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-15/n1ncdhxp/64.jpg)
ডিজিটেল সংবাদ, শিলচৰ : ডিব্ৰুগড়, নগাঁও আৰু কোকৰাঝাৰৰ পিচত এইবাৰ প্ৰথমবাৰৰ বাবে শিলচৰত আৰম্ভ হৈছে ট্ৰেণ্ডছ- প্ৰতিদিন টেলেন্ট হান্ট, ছিজন থ্ৰিৰ অডিচন। প্ৰথমবাৰৰ বাবে শনিবাৰৰ পৰা শিলচৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ট্ৰেণ্ডছ- প্ৰতিদিন টেলেন্ট হান্ট, ছিজন থ্ৰিৰ প্ৰতি অভূতপূৰ্ব সহাঁৰি জনাইছে শিলচৰবাসী ৰাইজে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-15/5rc78ob0/37bea11c-7936-4539-a304-5e75bd65bc46.jpg)
শিলচৰ পাৰ্কৰোডৰ শিলচৰ সংগীত বিদ্যালয় প্ৰেক্ষাগৃহত শনিবাৰৰ পৰা আৰম্ভ হোৱা এই অডিচনত অংশগ্ৰহণ কৰিবলৈ দেওবাৰে অসংখ্য প্ৰতিযোগীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে। বৰাক উপত্যকাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত লুকাই থকা প্ৰতিভাৰ সন্ধানত আয়োজিত এই মেগা টেলেন্ট হান্ট প্ৰতিযোগিতাত অংশগ্ৰহন কৰিবলৈ হিলদল ভাঙি ওলাই আহিছে প্ৰতিযোগী আৰু অভিভাৱকসকল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-15/gyftta1b/a9d6dd33-6449-4f78-8772-6eac47d38ff1.jpg)
অসমীয়া, বঙালী, মণিপুৰী, চাহ জনজাতি, বিষ্ণুপ্ৰিয়া মণিপুৰীসহ বিভিন্ন ভাষা-ভাষীক লোকৰ ছাত্ৰ-ছাত্ৰীয়ে এই অডিচনত অংশগ্ৰহণ কৰে। এনেধৰণৰ ৰাজ্যিক ভিত্তিক মেগা প্ৰতিযোগিতাত অংশগ্ৰহন কৰিবলৈ পাই যথেষ্ট আনন্দিত বুলি মন্তব্য কৰে প্ৰতিযোগীসকলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-15/1ksmqo6s/8cb4e1b1-b3f0-4264-a378-b49a98891cde.jpg)
এখন বিশাল সাংস্কৃতিক ক্ষেত্ৰত প্ৰতিভা তুলি ধৰাৰ সুবিধা দিয়া বাবে প্ৰতিদিন টাইম - ট্ৰেণ্ডছ কৰ্তৃপক্ষক ধন্যবাদ জনাই প্ৰতিযোগী আৰু তেঁওলোকৰ অভিভাৱকসকলে। ইফালে, বিচাৰকৰ আসনত বহা বিশিষ্ট অভেনেত্ৰী নিশিতা গোস্বামী, গায়ক ৰূপম ভূঞা আৰু নৃত্য পটীয়সী মেঘৰঞ্জনী মেধিয়ে শিলচৰৰ প্ৰতিযোগীসকলৰ প্ৰতিভা দেখি সন্তুষ্টি প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-15/7pr9u6yx/a0161d61-ddff-498d-883c-10bdea092acb.jpg)
এই টেলেন্ট হান্টৰ জৰিয়তে নিৰ্বাচিত হ’ব লগা শ্ৰেষ্ঠ তিনিগৰাকী প্ৰতিযোগীৰ ভিতৰত শিলচৰৰ এগৰাকী নিৰ্বাচিত হোৱাৰ কামনা কৰিছে অন্যতম বিচাৰক ৰূপম ভূঞাই।
Also Read: ৰঙিয়াত শ্ৰীশ্ৰী বিশ্বকৰ্মা মন্দিৰৰ সোণালী জয়ন্তী মহোৎসৱ